Home অসম আৰক্ষী-সামৰিক বাহিনীৰ বিষয়া, অসামৰিক প্ৰশাসনৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক: আগন্তুক স্বাধীনতা দিৱস...

আৰক্ষী-সামৰিক বাহিনীৰ বিষয়া, অসামৰিক প্ৰশাসনৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক: আগন্তুক স্বাধীনতা দিৱস বিস্তৃত কাৰ্যসূচীৰে উদ্‌যাপন কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

49
0

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ আগষ্ট ঃ আগন্তুক স্বাধীনতা দিৱস ব্যাপক আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি আৰক্ষী আৰু সামৰিক বাহিনী তথা অসামৰিক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰে৷ উল্লেখ্য যে এইবাৰ দেশে স্বাধীনতাৰ ৭৫তম বৰ্ষ সম্পূৰ্ণ কৰিব৷ আজি জনতা ভৱনত আৰক্ষী, সামৰিক বাহিনী আৰু বায়ুসেনা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ লগতে অসামৰিক প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱস উদ্‌যাপনক স্মৰণীয় কৰি তুলিবলৈ আহ৩ান জনায়৷ অহা ১৪১ পৰা ১৬ আগষ্টলৈ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদ্‌যাপনৰ বাবে সকলো ধৰণৰ প্ৰস্তুতি চলাবলৈ তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয়তাবাদ আৰু দেশপ্ৰেমবোধ জাগ্ৰত কৰিবলৈ এই দিৱস এনেভাৱে উদ্‌যাপন কৰিব লাগিব, যাতে জনসাধাৰণে স্বাধীনতা দিৱসৰ কাৰ্যসূচীসমূহৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে৷ তেওঁ লগতে কয় যে সমাজৰ সকলো স্তৰৰ লোকক এই দিৱস উদ্‌যাপনৰ সৈতে জড়িত কৰিব পৰাকৈ ব্যাপক প্ৰস্তুতি চলোৱা উচিত৷ স্বাধীনতা সংগ্ৰামত স্বাধীনতা সেনানীসকলৰ সৰ্বস্ব ত্যাগৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই দিৱসৰ কাৰ্যসূচী এনেভাৱে ৰূপায়িত কৰিবলৈ কয়, যাতে নতুন প্ৰজন্মই দেশৰ সমৃদ্ধ ইতিহাস আৰু স্বাধীনতা সংগ্ৰামীসকলৰ অতুলনীয় ত্যাগৰ বিষয়ে অৱগত হ’ব পাৰে৷ তেওঁ লগতে কয় যে নিৰাপত্তা বাহিনীৰ লোকসকলে এনেধৰণৰ অনুষ্ঠান প্ৰদৰ্শন কৰিব লাগিব, যাতে জনসাধাৰণে আগ্ৰহেৰে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ প্ৰতি থকা অকৃত্ৰিম স্নেহ প্ৰকাশ কৰিব পাৰে৷ তেওঁ কয় যে এই সময়ছোৱাত অতি নান্দনিকভাৱে চৰকাৰী ভৱনসমূহ আলোকিত কৰা হ’ব আৰু সমগ্ৰ ৰাজ্যখনতে দেশপ্ৰেমমূলক গীত বজোৱা হ’ব৷ মুখ্যমন্ত্ৰীয়ে মুখ্য সচিবক সকলো উপায়ুক্তৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰিবলৈ কয়, যাতে প্ৰতিখন জিলাতে স্বাধীনতা দিৱস উদ্‌যাপনৰ পৰিকল্পনা বিশালভাৱে কৰা হয়৷ মুখ্যমন্ত্ৰীয়ে এই দিৱস উদ্‌যাপনৰ সময়ত অসামাজিক কাৰ্যকলাপ ৰোধ কৰিব পৰাকৈ নিৰাপত্তামূলক ব্যৱস্থা শক্তিশালী কৰিবলৈও নিৰ্দেশ দিয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here