Home Main Stories শক্তি বিভাগৰ তিনিওটা কোম্পানীৰে মুখ্যমন্ত্ৰীৰ বৈঠক ▪️ বিদ্যুৎ চুৰি, বছৰি ৩৬০০ কোটিৰ...

শক্তি বিভাগৰ তিনিওটা কোম্পানীৰে মুখ্যমন্ত্ৰীৰ বৈঠক ▪️ বিদ্যুৎ চুৰি, বছৰি ৩৬০০ কোটিৰ লোকচান

292
0

ৰাজহ অৰ্জনৰ নিম্নমুখী ধাৰা ৰোধ কৰা, বিদ্যুৎ চুৰি বন্ধ কৰা আৰু সংবহন ব্যয়ৰ লোকচান হ্ৰাসৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৪ জুন : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাহ× আজি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল), অসম শক্তি উৎপাদন নিগম লিমিটেড (এপিজিচিএল) আৰু অসম বিদ্যুৎ সংবহন নিগম লিমিটেড (এহ×জিচিএল)ৰ বিষয়ববীয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু কোম্পানীসমূহক নিজৰ গ্ৰাহকসকললৈ উন্নত মানৰ সেৱা প্ৰদানৰ লগতে তেওঁলোকৰ ৰাজহ উৎপাদন বৃদ্ধি তথা লাভ অৰ্জন সুনিশ্চিতকৰণৰ বাবে উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। আজি গুৱাহাটীৰ বিজুলী ভৱনত তিনিওটা কোম্পানীৰ শীৰ্ষ কৰ্মকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাহ× প্ৰতিষ্ঠানকেইটাৰ গুণগত প্ৰদৰ্শন উন্নীতকৰণ তথা গ্ৰাহকসকললৈ সক্ৰিয় সেৱা প্ৰদানক ৰাজহ সংগ্ৰহৰ সৈতে সামঞ্জস্য ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ৰাজহ সংগ্ৰহ হ্ৰাস আৰু হ×য়াৰ ফলত হোৱা লোকচানৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাহ× বিদ্যুৎ কোম্পানীসমূহক ৰাজহ লোকচানৰ বাবে দায়ী কাৰণবোৰ চিনাক্ত কৰি সেইবোৰ দূৰ কৰাৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। তেওঁ লগতে বিদ্যুৎ কোম্পানীবোৰক ৰাজহ উপাৰ্জন আৰু লাভ বৃদ্ধিৰ উপায় অন্বেষণৰ স্বাৰ্থত উদ্ভাৱনীমূলক পদক্ষেপ হাতত ল’বলৈও পৰামৰ্শ প্ৰদান কৰে। একাংশ প্ৰৱঞ্চক গ্ৰাহকে বিদ্যুতৰ বিল ৰাহি কৰিবলৈ সন্দেহজনক পদ্ধতি গ্ৰহণ কৰাৰ ফলত এপিডিচিএলৰ ৰাজহৰ বৃহৎ ক্ষতি হোৱাৰ দিশটোলৈ আঙুলিয়াই মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এহ× লোকচানৰ জোৰা মৰাৰ লগতে¸ বিদ্যুৎ ক্ৰয়ৰ ধন পৰিশোধ কৰিবলৈ এপিডিচিএলে বিদ্যুতৰ শুল্কৰ নিৰিখ বৃদ্ধি কৰিবলৈ অসম বিদ্যুৎ নিয়ামক আয়োগৰ কাষ চাপিবলৈ বাধ্য হৈছে। সৰ্বসাধাৰণ ৰাহ×জে বিদ্যুৎ শুল্কৰ এহ× বৰ্ধিত হাৰৰ বোজা বহন কৰিব লাগিব, কিয়নো অসৎ পন্থা অৱলম্বন কৰা গ্ৰাহকসকলৰ ফলত হোৱা লোকচানৰ ক্ষতিপূৰণ সাধাৰণ ৰাহ×জৰ পৰাই আদায় কৰা হয়। গ্ৰাহকসকলে যাতে বিদ্যুতৰ শুল্ক পৰিশোধ কৰাটো এৰাহ× চলিব নোৱাৰে, তাৰ বাবে উপযুক্ত ৰণনীতি প্ৰস্তুত কৰিবলৈ আৰু ব্যৱস্থাটোৰ ত্ৰুটিবোৰ দূৰ কৰিবলৈ তেওঁ বিদ্যুৎ কোম্পানীবোৰক নিৰ্দেশ দিয়ে। ৰাজ্যখনত বিদ্যুৎ চুৰি বন্ধ কৰা আৰু সংবহন আৰু বিতৰণ লোকচান হ্ৰাস কৰাৰ অৰ্থে তীক্ষ® দৃষ্টি ৰাখিবলৈও ড০ শৰ্মাহ× বিদ্যুৎ কোম্পানীসমূহক নিৰ্দেশ দিয়ে। ইপিনে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যুৎ চুৰিৰ বাবে প্ৰতিমাহত শক্তি বিভাগে তিনিশ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আহিছে। অৰ্থাৎ এটা বছৰত এনে অসৎ কাৰ্যৰ বাবে শক্তি বিভাগে ৩,৬০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আহিছে। বিদ্যুৎ চুৰি কৰাৰ বাবে সৎ গ্ৰাহকে ইয়াৰ বোজা বহন কৰিবলগীয়া হৈছে। আজিৰ এই বৈঠকত মুখ্যমন্ত্ৰীয়ে এপিডিচিএলক বিদ্যুৎ মাচুল পৰিশোধ নকৰা গ্ৰাহকসকলৰ এটা প্ৰফাহ×ল প্ৰস্তুত কৰিবলৈও কয়। তেওঁ লগতে কোম্পানীসমূহক চিমেণ্ট কোম্পানী আৰু অন্যান্য গুৰুত্বপূৰ্ণ গ্ৰাহকসকলৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ, তেওঁলোকৰ উৎপাদন বা সেৱাসমূহ জিএছটি ৰিটাৰ্ন আৰু বিদ্যুতৰ বিলৰ সৈতে মিলাবলৈও নিৰ্দেশ দিয়ে। এহ× কাৰ্যই ব্যৱহৃত বিদ্যুতৰ মুঠ পৰিমাণ আৰু ইয়াৰ বিপৰীতে পৰিশোধ কৰা বিদ্যুতৰ বিলৰ মাজত সামঞ্জস্য অনাত সহায় কৰিব। অসমৰ জনসাধাৰণৰ লগতে বাণিজ্যিক প্ৰতিষ্ঠানসমূহলৈ নিৰৱচ্ছিন্নভাৱে আৰু মানবিশিষ্ট বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বাবে বিদ্যুৎ কোম্পানীসমূহৰ গাঁথনিগত আৰু গুণগত সংস্কাৰৰ বাবে অত্যাধুনিক প্ৰযুক্তিৰ প্ৰয়োজনীয়তাৰ ওপৰতো মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। আজিৰ বৈঠকত শক্তিমন্ত্ৰী বিমল বৰা, মুখ্য সচিব জিষু্ণ বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিন্‌হা, শক্তি বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা, তিনিওটা বিদ্যুৎ কোম্পানীৰ পৰিচালন সঞ্চালকসকলৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here