Home অসম জনজাতিকৰণ প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিভ্ৰান্তিমূলক মন্তব্য, কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ ক্ষোভ মুখ্যমন্ত্ৰীৰ মন্তব্যক...

জনজাতিকৰণ প্ৰসংগত মুখ্যমন্ত্ৰীৰ বিভ্ৰান্তিমূলক মন্তব্য, কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ তীব্ৰ ক্ষোভ মুখ্যমন্ত্ৰীৰ মন্তব্যক উচটনিমূলক মন্তব্য আখ্যা

235
0


গণ বাৰ্তা, গোৱৰ্ধনা, ২ জানুৱাৰী:
কালি বছৰৰ প্ৰথমটো দিনতেই জনজাতিকৰণ সন্দৰ্ভত বক্তব্য ৰাখিবলৈ গৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যি বিভ্ৰান্তিমূলক মন্তব্য আগবঢ়ালে তাত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু জাঙুৰ খাই উঠিছে৷ লক্ষ্যণীয় যে কালি মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত কৈছিল যে জনজাতিকৰণৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলেই অসম ৰক্তাক্ত হ’ব৷ মুখ্যমন্ত্ৰীৰ এনেধৰণৰ মন্তব্যক উচটনিমূলক আৰু দুৰ্ভাগ্যজনক মন্তব্য বুলি আখ্যা দিছে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপেন ৰায় আৰু সাধাৰণ সম্পাদকদ্বয় কেশৱ ৰায় আৰু সঞ্জয় ৰায়ে৷ আক্ৰাছুৰ শীৰ্ষ নেতৃত্বই কয় যে অসমৰ কোচ-ৰাজবংশীকে ধৰি আন পাঁচটা জনগোষ্ঠীয়ে কাৰো পাতৰ ভাত কাঢ়ি খাব বিচৰা নাই৷ আমি সংবিধান প্ৰদত্ত অধিকাৰহে বিচাৰিছোঁ৷ অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত হ’বই লাগিব বুলি দাবী উত্থাপন কৰে আক্ৰাছুৱে৷ দীৰ্ঘদিনীয়া জনগোষ্ঠীয় সমস্যাসমূহ সমাধান নকৰি বিভ্ৰান্তিমূলক তথা উচটনিমূলক মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজক কি বুজাব খুজিছে সেয়া নুবুজা সাঁথৰ বুলিও কয়৷ মুখ্যমন্ত্ৰীক সোঁৱৰাই দি কয় যে সমস্যা সমাধান কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব৷ স্মৰ্তব্য ১৯৯৬ চনতেই প্ৰয়োজনীয়তা আৰু যুক্তিযুক্ততা অনুভৱ কৰিয়েই সেই সময়ৰ ৰাষ্ট্ৰপতিয়ে এক অধ্যাদেশৰ জৰিয়তে অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰিছিল আৰু উক্ত অধ্যাদেশখন তিনিবাৰকৈ নবীকৰণো কৰা হৈছিল৷ তাৰ পিছতো ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ’ব লগা হৈছিল কোচ-ৰাজবংশীসকল৷ যাৰ ফলত পুনৰ অনুসূচিত জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত হ’ব লগা হ’ল কোচ-ৰাজবংশীসকল৷ উল্লেখ্য যে কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি ২০০২ চনতেই অসম বিধান সভাত সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল তেতিয়াৰ শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰে৷ তাৰ পিছত ২০১৮ চনৰ ৩১ ডিচেম্বৰত অনুসূচিত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগ আৰু ভাৰতৰ মহা পঞ্জিয়কে কোচ-ৰাজবংশীকে ধৰি আন পাঁচটা জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে বুলি ইতিমধ্যে অনুমোদন জনাই কেন্ত্ৰীয় চৰকাৰক জনাইছে৷ সেইদৰে ২০১৯ চনৰ জানুৱাৰী মাহত কেন্দ্ৰীয় বাজেট অধিৱেশনৰ সময়ত ৰাজ্যসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিলখন উত্থাপন হ’ল৷ কিন্তু দুৰ্ভাগ্যজনক যে বিল উত্থাপন হোৱাৰ পিছদিনাখনেই বিজেপি মিত্ৰজোঁট অসম চৰকাৰৰ প্ৰতিনিধিয়ে দিল্লীত গৈ জনজাতিকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰি থৈছে আৰু জনগোষ্ঠীকেইটাক সাংবিধানিক অধিকাৰ লাভৰ পৰা বঞ্চিত কৰি ৰখা বুলি অভিযোগ উত্থাপন কৰিছে আক্ৰাছুৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপেন ৰায়, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায় আৰু সঞ্জয় ৰায়ে৷ তাৰ পিছত মন্ত্ৰী গোটৰ অধ্যক্ষ আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত জনগোষ্ঠীয় নেতৃত্বৰ সৈতে হোৱা আলোচনাৰ সময়ত কথা দিছিল যে নৱেম্বৰ মাহৰ ৩০ তাৰিখৰ ভিতৰতেই জনজাতিকৰণ সংক্ৰান্তীয় প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰিব৷ বিধানসভাৰ নিৰ্বাচনৰ সময়ত গাই ফুৰিছিল যে জনজাতিকৰণৰ কাম ৯০ শতাংশ সম্পূৰ্ণ হৈছে৷ কিন্তু সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল৷ হিমন্ত বিশ্ব শৰ্মাই জনগোষ্ঠীসমূহক কেৱল মিছা কথাৰে আভুৱা-ভাঁৰা বুলি কটাক্ষ কৰে আক্ৰাছুৱে৷ আক্ৰাছুৰ নেতৃবৃন্দই চৰকাৰক সঁকীয়াই দি কয় যে জনজাতিৰ সাংবিধানিক মৰ্যাদা নোপোৱালৈকে অসমৰ কোচ-ৰাজবংশীসকল ক্ষান্ত নহয়, ক্ষান্ত নহয় আক্ৰাছুও৷ জনজাতিকৰণ নোহোৱাৰ বাবেই কোচ-ৰাজবংশীসকল ভূমিপুত্ৰ হৈও ষষ্ঠ অনুসূচী তথা ট্ৰাইবেল বেŒI×, ট্ৰাইবেল ব্লকসমূহত ৰাজনৈতিক অধিকাৰৰ লগতে ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কেশৱ ৰায়ে চৰকাৰক সকীয়াই দি কয় যে শীঘ্ৰে সমগ্ৰ অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে তীব্ৰ গণ আন্দোলন গঢ়ি তোলা হ’ব আৰু কোচ-ৰাজবংশী জনগোষ্ঠীৰ মাজত অবিভক্ত গোৱালপাৰা জিলা আৰু গোৱালপাৰা জিলাৰ বাহিৰৰ কোচ-ৰাজবংশী বুলি বিভাজনৰ বীজ নিসিঁচিবলৈও চৰকাৰ তথা সংশ্লিষ্ট পক্ষক সকীয়াই দিয়ে আক্ৰাছুৱে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here