Home Main Stories বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কৰ্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ; মুখ্যমন্ত্ৰী...

বৰঝাৰ বিমান বন্দৰত কৰ্মৰত ২৫০ বিমান কৰ্মচাৰীক ছাটাই কৰাৰ ষড়যন্ত্ৰ; মুখ্যমন্ত্ৰী – সাংসদৰ হস্তক্ষেপ দাবী কৰ্মী সংস্থাৰ

102
0

সন্ধিয়াৰ পৰা নিশালৈ স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত জৰুৰী বৈঠক

গণ বাৰ্তা, আজাৰা, ১৩ জুলাই : কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমানবন্দৰ ব্যক্তিগতকৰণৰ লক্ষ্যৰে আদানী গ্ৰুপক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত এতিয়া বিমানবন্দৰৰ ৰানৱেত কাম কৰি অহা গ্ৰাউণ্ড ষ্টাফ হিচাপে কাম কৰি অহা প্ৰায় ২৫০জন খিলঞ্জীয়া কৰ্মচাৰীক চাটাই কৰি কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে এয়াৰ ইণ্ডিয়া এয়াৰ ট্ৰেন্সপোৰ্ট ছাৰ্ভিচ লিমিটেডক (এ আই এ টি এছ এল) এই সেৱা হস্তান্তৰ কৰিব বুলি খবৰ ওলোৱাৰ পাছত বৰঝাৰ বিমান বন্দৰ চৌহদত ভিতৰি ভিতৰি উত্তেজনাৰ সৃষ্টি হৈছে। আনকি গ্ৰাউণ্ড ষ্টাফ হিচাপে কে’বাটাও বিমান পৰিবহণ সেৱা ক্ৰমে এয়াৰ এছিয়া, ভিষ্টাৰা, গো এয়াৰ , ড্ৰুক এয়াৰ, স্পাইচজেট আদিত জেনাছ এভিয়েচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানৰ অধীনত প্ৰায় ১৪ বছৰ ধৰি কৰ্মৰত হৈ আছে ২৫০জন গ্ৰাউণ্ড কৰ্মচাৰী। তেওঁলোকক ১৫ জুলাইত চাটাই কৰিব বুলি খবৰ প্ৰচাৰ হোৱাৰ পাছতেই বিমানবন্দৰ চৌহদত উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি হৈছে । যাৰ বাবে কালি সন্ধিয়াৰ পৰা নিশালৈ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত বৰঝাৰ বিমানবন্দৰৰ সভাগৃহত এখন জৰুৰী বৈঠক অনুষ্ঠিত হয় । বৈঠকত বৰঝাৰ বিমানবন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি কে’বাজনো উচ্চপদস্থ বিষয়া, বিমানবন্দৰ পৰিচালনা কমিটীৰ সদস্য প্ৰশান্ত মহন্ত, এ আই এ টি এছ এলৰ উত্তৰ-পূবৰ মুৰব্বী সুনীল চাংগলে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জিলা নিৰীক্ষণ কমিটীৰ সদস্যদ্বয় সুভাষ শৰ্মা আৰু পৰেশ বৰুৱা, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, জেনাছ এভিয়েচন প্ৰাইভেট লিমিটেড কৰ্মী সংঘৰ ৰাজেশ দাসকে ধৰি কে’বাজনো কৰ্মকৰ্তা উপস্থিত থাকে। সভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰঝাৰ বিমানবন্দৰত জেনাছৰ সলনি নতুনকৈ দায়িত্ব লাভ কৰা এ আই এ টি এছ এলক কোনোপধ্যেই বৰ্তমান কাম কৰি থকা ২৫০জন কৰ্মচাৰীক চাটাই নকৰিবলৈ আৰু এজনো কৰ্মচাৰীক চাটাই কৰিলে পৰিস্থিতি বিষম হ’ব বুলি সকীয়াই দিয়ে। বৈঠকত এ আই এ টি এছ এলৰ উত্তৰ-পূবৰ মুৰব্বী সুনীল চাংগলেই তেওঁলোকে প্ৰথম পৰ্যায়ত বিমানবন্দৰত বিভিন্ন বিমান পৰিবহণ সংস্থাত কাম কৰি অহা ১৫০জন কৰ্মচাৰীক নিযুক্তি দিব বুলি ঘোষণা কৰে। বাকী স্পাইচজেটৰ অধীনত থকা প্ৰায় ১০০জন কৰ্মচাৰীক তেওঁলোকৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰে। এইখিনিতে উল্লেখযোগ্য যে কৰ্মী সংঘই তেওঁলোকৰ জীৱন-জীৱিকাৰ ক্ষেত্ৰত যাতে অনিশ্চয়তাৰ সৃষ্টি নহয় তাৰ বাবে হস্তক্ষেপ কামনা কৰি ৩ জুলাইত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গুৱাহাটীৰ সাংসদ আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ উপদেষ্টা কমিটীৰ অধ্যক্ষ কুইন ওজালৈ পৃথকে পৃথকে পত্ৰ প্ৰেৰণ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here