ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰী, ৩১ মে’ : নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিগাঁৱত নিৰ্মাণ কাৰ্য চলি থকা নলবাৰী মেডিকেল কলেজৰ কাম-কাজৰ লগতে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ আন্তঃগাঁথনিৰ বুজ লয় মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্তমল্ল বৰুৱাই। আজি ৰাজনৈতিক সচিবগৰাকীয়ে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ উপৰি চিকিৎসালয়খনৰ নিৰ্মাণৰ লগত জড়িত সকলো বিষয়া, ঠিকাদাৰৰ লগত আলোচনাত মিলিত হয়। ২০২১ৰ শেষৰ ফালে চিকিৎসা মহাবিদ্যালয়খনত জৰুৰীকালীন চিকিৎসা সেৱাৰ বিভাগ সম্পূৰ্ণ কৰাৰ বাবে কাম পূৰ্ণ গতিত চলাই থকা হৈছে বুলি মন্তব্য কৰাৰ লগতে ২০২২ত চিকিৎসালয়খন সম্পূৰ্ণ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাই থকা হৈছে বুলি কয়। উক্ত পৰিদৰ্শন কালত নলবাৰীৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সভাপতি, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু আন আন বিভিন্ন বিভাগীয় বিষয়ববীয়াসকল উপস্থিত থাকে। আলোচনা কালত নিৰ্মাণকাৰ্যত সন্মুখীন হোৱা বিভিন্ন অসুবিধাৰ বিষয়ে আলোচনা কৰি তাৰ সমাধানৰ পথৰ বিষয়ে চিন্তা-চৰ্চা কৰা হয়। নিৰ্মীয়মাণ এই মেডিকেল কলেজখনে নলবাৰীখনক উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি মন্তব্য কৰি জয়ন্তমল্ল বৰুৱাই বিভাগীয় সকলো বিষয়াকে নিৰ্মাণৰ সকলো কাৰ্য আৰু অধিক খৰতকীয়া কৰি তুলিবলৈ আহ্বান জনায়।