মৰিগাঁও,২০ ডিচেম্বৰ: অসম চৰকাৰে তিৱা স্বায়ত্ব পৰিষদৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগে টিএডিবিচি ৯৪৮/২০২১/২ নবেম্বৰৰ এক নিৰ্দেশনা অনুসৰি আজি চাৰিজনকৈ মনোনীত সদস্যই শপত গ্ৰহণ কৰে। তিৱা স্বায়ত্ব পৰিষদৰ অধ্যক্ষ মদন বৰদলৈৰ অধ্যক্ষতাত আজি মৰিগাঁও স্থিত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যালয় প্ৰাংগনত থকা সভাকক্ষত পৰিষদৰ চাৰি গৰাকী মনোনীত সদস্য ক্ৰমে অন্যান্য পিছপৰা শ্ৰেণীৰ অজিত ডেকা আৰু তপন গগৈ, চাহজনগোষ্ঠীৰ জোনাচ ইন্দোৱা আৰু অনুসুচিত জাতিৰ খগেন দাসক মনোনীত সদস্য হিচাপে পৰিষদৰ প্ৰধান সচিব দেৱানন্দ দাসে শপত বাক্য পাঠ কৰোৱায়।আজি চাৰিগৰাকী মনোনীত সদস্যই শপত গ্ৰহণ কৰি সকলো জাতি-জনগোষ্ঠী এলেকাত থকা লোকসকলৰ উন্নয়নৰ বাবে কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। ইফালে, তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে উপস্থিত থাকি চাৰিগৰাকী মনোনীত সদস্যলৈ শুভেচ্ছা মুলক ভাষণ আগবঢ়োৱাৰ লগতে আগন্তুক দিনত সকলোৱে একলগে কাম কৰি উন্নয়নৰ নতুন দিগন্ত সূচনা কৰিব বুলি উল্লেখ কৰে। ইপিনে, আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ বহু সদস্যই অংশ গ্ৰহণ কৰে। আনহাতে, আজি শপত গ্ৰহণ কৰা কোঁচৰাজবংশী নেতা অজিত ডেকাক আজি ৰজাগাঁও উন্নয়ন সমিতিয়ে চহৰখনৰ আঁহততলি বাকৰিত বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
Home Main Stories তিৱা স্বায়ত্ব পৰিষদত চাৰিগৰাকী মনোনীত সদস্যৰ শপত গ্ৰহণ : প্ৰধান সচিব দেৱানন্দ...