Home স্থানীয় মঙলদৈত মুখ্য সচিব জিষ্ণু বৰুৱা: ৩১ অক্টোবৰৰ ভিতৰত ১০০ শতাংশ প্ৰথম পালি...

মঙলদৈত মুখ্য সচিব জিষ্ণু বৰুৱা: ৩১ অক্টোবৰৰ ভিতৰত ১০০ শতাংশ প্ৰথম পালি টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ

76
0


ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ২৫ অক্টোবৰ: মুখ্য সচিব জিষ্ণু বৰুৱা দেওবাৰে মঙলদৈত উপস্থিত হৈ দৰং জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বীসকলৰ সৈতে পৃথকে পৃথকে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ পুৱা ১১.৩০ বজাৰ পৰা মঙলদৈ চহৰস্থিত দৰং জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত বৈঠকসমূহৰ অধ্যক্ষৰ আসন গ্ৰহণ কৰি মুখ্য সচিবগৰাকীয়ে জিলা স্বাস্থ্য বিভাগ, সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, এ.পি.ডি.চি.এলকে আদি কৰি বহুকেইটা বিভাগৰ জিলা পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হয়৷ মুখ্য সচিবগৰাকীয়ে জিলা স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ ওপৰত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় আৰু জিলাখনৰ ১৮ বছৰৰ বয়সৰ ওপৰৰ ১০০ শতাংশ বাসিন্দাই যাতে ৩১ অক্টোবৰৰ ভিতৰত ক’ভিডৰ প্ৰথম পালি টিকা গ্ৰহণ কৰে, সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি সমাজ কল্যাণ, ৰাজহ, জনস্বাস্থ্য কাৰিকৰী, শক্তি আদি বিভাগসমূহৰ বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হয়৷ মুখ্য সচিবগৰাকীয়ে উক্ত বিভাগীয় মুৰব্বীসকলক একাগ্ৰতাৰে জনসাধাৰণক সেৱা আগবঢ়াই যাবলৈ অনুৰোধ জনোৱাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে লাভ কৰিবলৈ সক্ষম হয়, সেয়া নিশ্চিত কৰিবলৈ আহ৩ান জনায়৷ উল্লেখযোগ্য যে উক্ত দিনাই মুখ্য সচিবৰ সমান্তৰালকৈ ৰাজ্য প্ৰশাসনৰ সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চাহু আৰু সচিব পাৰ্থপ্ৰতিম মজুমদাৰ জিলাখনত উপস্থিত হৈ সমাজ কল্যাণৰ কেইবাটাও প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে মুখ্য সচিবৰ সভাপতিত্বত অনুষ্ঠিত ওপৰোক্ত বৈঠকত উপস্থিত থাকি সমাজ কল্যাণ বিভাগৰ জিলা পৰ্যায়ৰ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয় ৷ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত উপায়ুক্ত প্ৰভাতি থাওছেন, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা, অতিৰিক্ত উপায়ুক্তসকলৰ উপৰি সহকাৰী আয়ুক্ত আৰু চক্ৰ বিষয়াসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here