Home Main Stories নগাঁৱত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা : জিলা প্ৰশাসনৰ...

নগাঁৱত উপস্থিত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা : জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বীৰ সৈতে বৈঠক

249
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৯ জুন : আজি অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা আহি নগাঁৱত উপস্থিত হয়। তেওঁঐক্য ঊ প্ৰথমেই নগাঁও জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভা-কক্ষত নগাঁও আৰু হোজাই জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়া সকলৰ পৰা জিলা দুখনত বৰ্তমান অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ পোষণ যোজনা (Poshan Yojana) আৰু প্ৰধানমন্ত্ৰী মাত্ৰু ( বন্দনা যোজনাৰ (PMMVY) কাৰ্য্যকাৰিতাৰ বুজ লোৱাৰ লগতে এই দুয়োখন আঁচনিৰ হিতাধিকাৰী সকলে ইয়াৰ সুবিধা যাতে নিয়াৰিকৈ লাভ কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইয়াৰ উপৰিও মুখ্য সচিব গৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়া সকলৰ লগত বৰ্তমান জিলাখনৰ ক’ভিড পৰিস্থিতি আৰু বান দুৰ্যোগ ব্যৱস্থাপনাৰ বুজ লয়। জিলাখনত চলি থকা ক’ভিড মহামাৰীৰ টিকাকৰণৰ অভিযান আৰু চিকিৎসালয় সমূহত ক’ভিড আক্রান্ত ব্যক্তিৰ বাবে থকা বিচনাৰ লগতে অন্যান্য সা-সুবিধা সমূহৰ ওপৰত বুজ লয়। বানপানীৰ সময়ত স্থাপন কৰা বান সাহায্য শিবিৰ সমূহ ক’ভিড নিয়মাৱলী মানি আৰু শিশুৰ বাবে অনুকূল পৰিবেশত স্থাপন কৰাত তেখেতে গুৰুত্ব আৰোপ কৰে। আজিৰ এই পৰ্য্যালোচনা সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, জিলা উপায়ুক্ত কবিতা পদ্মনাভন, জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত(সমাজ কল্যাণ), নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত সকলোকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছতেই মুখ্য সচিব গৰাকীয়ে নগাঁওস্থিত শক্তি ভৱনত উপস্থিত হৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ বিষয়া বৰ্গৰ লগত আলোচনাত মিলিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here