Home অসম অৰুণাচল সীমান্তত অব্যাহত আছে চীনৰ নিৰ্মাণ কাৰ্য , ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’...

অৰুণাচল সীমান্তত অব্যাহত আছে চীনৰ নিৰ্মাণ কাৰ্য , ইষ্টাৰ্ণ কমাণ্ডৰ জি অ’ চি ৰাণা প্ৰতাপ কলিতাৰ সংবাদমেল

96
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ মে’ ঃ অৰুণাচল সীমান্তত এল অ’ চিৰ কাষত চীনে বিভিন্ন বিল্ডিঙৰ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে৷ আজি এক সংবাদমেলত স্থল সেনাবাহিনীৰ ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি ৰাণাপ্ৰতাপ কলিতাই এই বিস্ফোৰক তথ্য সদৰী কৰে৷ সংবাদমেলত শীৰ্ষ সেনা বিষয়াগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰে বিভিন্ন বাসগৃহৰ নিৰ্মাণকাৰ্য অব্যাহত ৰাখিছে চীনৰ পিপল্‌ছ লিবাৰেচন আৰ্মীয়ে৷ অৱশ্যে ইষ্টাৰ্ন কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং ইন চীফ লেফটেনেণ্ট জেনেৰেল আৰ পি কলিতাই কয় যে সীমান্তত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনায়ো আন্তঃগাঁথনি মজবুত কৰি তুলিছে৷ তেওঁ কয় যে ‘তিব্বত অঞ্চলত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে বহু আন্তঃগাঁথনিৰ উন্নয়ন চলি আছে৷ চীনে তেওঁলোকৰ পথ, ৰে’ল আৰু বিমান সংযোগ অহৰহ উন্নীত কৰি আছে যাতে তেওঁলোকে কোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত সেনাবাহিনীক সীমান্তত একগোট কৰিব পাৰে আৰু প্ৰয়োজনীয় ৰচদ-পাতি আৰু গোলা-বাৰুদ যোগান ধৰিব পাৰে৷ আনহাতে, চীনা কৰ্তৃপক্ষই এল অ’ চিৰ ওচৰত সীমান্তৱৰ্তী গাঁও নিৰ্মাণ কৰিছে যিবোৰত সাধাৰণ লোকৰ উপৰি অসামৰিক পোছাকত সেনাবাহিনী নিয়োজিত কৰি দ্বৈত কামত ব্যৱহাৰ কৰাৰ বাবে সাজু কৰি তুলিছে৷ তেওঁ লগতে কয়– ‘আমি পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰি আছোঁ৷ আমি আমাৰ আন্তঃগাঁথনি আৰু সামৰ্থ্যৰ লগতে পৰিস্থিতি চম্ভালিব পৰা ব্যৱস্থাও উন্নীত কৰি আছোঁ৷ সেনাধ্যক্ষগৰাকীয়ে স্বীকাৰ কৰে যে ফৰৱাৰ্ড স্থানসমূহত সামৰ্থ্য আৰু আন্তঃগাঁথনি বৃদ্ধি কৰাৰ সমান্তৰালভাৱে কঠিন ভূখণ্ড আৰু অশুভ বতৰৰ পৰিস্থিতিয়েই আটাইতকৈ ডাঙৰ প্ৰত্যাহ৩ান হৈ আহিছে৷ ভাৰতীয় সেনাই “উচ্ছ পৰ্যায়ৰ কাৰ্যকৰী প্ৰস্তুতিৰে” সম্পূৰ্ণ সাজু বুলি তেওঁ দৃঢ়তাৰে কয়৷ আনহাতে, আলফা [স্বাঃ] প্ৰসংগত মন্তব্য কৰি জি অ’ চি ৰাণা প্ৰতাপ কলিতাই কয় যে উজনিৰ দুখন জিলাত আলফা সক্ৰিয় হৈ আছে৷ উত্তৰ-পূবত বিদ্ৰোহী সমস্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে৷ ত্ৰিপুৰা, অসম, অৰুণাচল, মিজোৰাম, মেঘালয়ত পূৰ্বৰ তুলনাত বিদ্ৰোহী সমস্যা বহুখিনি হ্ৰাস পাইছে বুলি সেনা বিষয়াগৰাকীয়ে উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here