গণ বাৰ্তা, মৰিগাঁও,২২ ফেব্ৰুৱাৰী:- মৰিগাঁও আৰক্ষী নিৱেশস্থিত ১২৮ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ‘এ’ কোম্পানীৰ তৰফৰ পৰা বিগত সময়ৰ দৰে এইবাৰো মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত চিভিক একচন প্ৰগ্ৰেমৰ দ্বাৰাই বিভিন্ন সামাজিক উন্নয়নমূলক কাম কৰি আহিছে।২০২১-২২ বৰ্ষৰ চিভিক একচন প্ৰগ্ৰেম হিচাপে মৰিগাঁও জিলাৰ লেলাইবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছোৱালী আৰু ল’ৰাৰ বাবে সুকীয়া কৈ শৌচাগাৰ আৰু এটা চাইকেল ষ্টেণ্ড নিৰ্মান কৰাৰ লগতে মৰিগাঁও ঔজাৰী মধ্য ইংৰাজী বিদ্যালয়ত জৰাজীৰ্ণ তিনিটা কোঠা পুনৰ নিৰ্মান কৰে। ইফালে, ১২৮ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ‘এ’ কোম্পানীয়ে কেইদিনমান পূর্বে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ল’ৰা- ছোৱালীৰ বাবে সুকীয়াকৈ শৌচাগাৰ আৰু চাইকেল ষ্টেণ্ড নিৰ্মান কৰিছিল। ১২৮ নং কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ‘এ’ কোম্পানীটোৱে চিভিক একচন প্ৰগ্ৰেম সম্পূৰ্ন কৰি আজি নিৰ্মীয়মান শৌচাগাৰ, চাইকেল ষ্টেণ্ড সমূহ আনুষ্ঠানিকভাৱে ব্যৱহাৰৰ বাবে মুকলি কৰে।আজি এই কাৰ্যসূচী মুকলি অনুষ্ঠানত ১২৮ নং বেটেলিয়ানৰ চিঅ’ বিনয় ছেত্ৰী আৰু মৰিগাঁও আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন উপস্থিতি থাকে। ইপিনে,চিআৰপিএফৰ এই চিভিক একচন প্ৰগ্ৰেমৰ দ্বাৰাই ঘৰত বিজুলী সংযোগ নোহোৱা ৩৩ গৰাকী ছাত্ৰ- ছাত্ৰীক চলাৰ লেম্প বিতৰণ কৰে।