Home স্থানীয় গোসাই গাঁওত এছ এছ বিৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱৰ সামৰণি

গোসাই গাঁওত এছ এছ বিৰ উদ্যোগত আজাদি কা অমৃত মহোৎসৱৰ সামৰণি

328
0

গণ বাৰ্তা, গোসাঁইগাঁও, ১৩ মাৰ্চঃ– ভাৰতবৰ্ষই স্বাধীনতা লাভৰ ৭৫ বছৰত ভৰি দিয়া উপলক্ষে সমগ্ৰ দেশ ব্যাপী আয়োজন হৈ থকা “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি “দেশ কি হিফাজত দেশ কি সুৰক্ষা’ শ্লোগান লৈ এছএছবিয়ে যোৱা সাত মাৰ্চৰ পৰা আৰম্ভ কৰা বিভিন্ন কাৰ্যসুচীৰ শনিবাৰে সফল সামৰণি পৰে৷ গোসাঁইগাঁও মহকুমাৰ সীমান্ত এলেকাৰ যুবক-যুবতীক দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়াৰ লগতে দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত হোৱাৰ বাবে উৎসাহিত কৰাৰ উদ্দেশ্যৰে সীমান্ত এলেকাৰ যুৱক যুৱতীসকলৰ বাবে অস্ত্ৰ প্ৰদৰ্শন তথা ব্যটালিয়ান কেম্পাচত ভ্ৰমণ কাৰ্যসূচী প্ৰদান কৰা হয়৷ তদুপৰি সীমান্ত এলেকাৰ ৰাইজক বিনামূলীয়াকৈ চিকিৎসা সেৱা আৰু উন্নত মানৰ ঔষধ প্ৰদান কৰা হয়৷ শনিবাৰে সামৰণি অনুষ্ঠান উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা “বেটি বাচাও বেটি পঢ়াও” শ্লোগানৰ লগত সংগতি ৰাখি শিশু মহিলাসকলৰ বাবে বিভিন্ন কাৰ্যসুচী অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত শিশু কন্যাক সুৰক্ষা প্ৰদান কৰাৰ লগতে শিক্ষিত কৰি প্ৰতিটো পৰিয়ালক কিদৰে আগুৱাই লৈ যাব পাৰি সেই সন্দৰ্ভত নাট্য প্ৰদৰ্শনী কৰাৰ লগতে বাহিনীৰ সদস্যসকল আৰু উপস্থিত একাংশ ছোৱালীৰ দ্বাৰা গীত পৰিবেশন কৰা হয়৷ অনুষ্ঠানত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ উপ সেনাধ্যক্ষ এল এন সিং উপস্থিত থাকি স্থানীয় বাসিন্দাসকলক কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনি, পদক্ষেপৰ প্ৰতি সজাগ হবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত এছএছবিৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here