Home Main Stories শোকাকুল পৰিৱেশত অনিমেষ ভূঞাৰ সৎকাৰ: নিহত পৰিয়ালক মুখ্যমন্ত্ৰীৰ পাঁচ লাখ টকাৰ সাহায্য...

শোকাকুল পৰিৱেশত অনিমেষ ভূঞাৰ সৎকাৰ: নিহত পৰিয়ালক মুখ্যমন্ত্ৰীৰ পাঁচ লাখ টকাৰ সাহায্য ঘোষণা

282
0


চামিম আলম হক, গণবাৰ্তা দেৰগাঁও, ৩০ নৱেম্বৰঃ যোৰহাট ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত নৃশংস ঘটনাটোকলৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া ৰ সৃষ্টি হোৱাৰ সমান্তৰালকৈ সৰ্বস্তৰৰ ৰাইজে ঘটনাটোক তীব্ৰভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্ত মুলক শাস্তিৰ দাবী জনাইছে৷ যোৰাহাটৰ মাজমজিয়াৰ ঘটনাত নিসংসকাৰ স্বীকাৰ হৈ মৃত্যুক সাবতি লোৱা দেৰগাঁৱৰ এক নং খকণ্ডগুৰি গাঁৱৰ ছাত্ৰ সন্থাৰ কৰ্মী, নিৰপৰাধী যুৱক অনিমেশ ভূঞাৰ ঘৰখনৰ লগতে গাঁওখনত অতিকে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দৰে দায়িত্বত থকা নিজুৰ্ প্ৰকৃতিৰ অমায়িক, মেধাবী যুৱকজন অঞ্চলটোৰ এজন জনপ্ৰিয় যুৱক আছিল৷ সাহিত্য চৰ্চাত ৰাপ থকা অনিমেশে মহাবাহু প্ৰেছ নামেৰে এটি ব্যৱসায়িক প্ৰতিষ্ঠান খুলি নিজৰ লগতে আন দহজনকো সংস্থাপনৰ পথ দেখুৱাইছিল৷ ব্যৱসায়িক কামত যোৰহাটলৈ গৈ মানুহৰূপী নৰপিশাচৰ আক্ৰমণৰ সন্মুখীন হৈ অকাল মৃত্যুক সাবতিব লগা অনিমেশ এক নং খকণ্ডগুৰি গাঁৱৰ সোন ভূঞাৰ দুই পুত্ৰৰ ভিতৰত জ্যেষ্ঠ আছিল৷ ঘটনাটোত বাকৰুদ্ধ হৈ পৰিছে মাতৃ হিৰা ভূঞা, ভাতৃ অলকেশ ভূঞা ৰ লগতে পৰিয়ালটো৷ নিশা মৰোণোত্তৰ পৰীক্ষাৰ পাছত ২৭ বছৰীয়া যুৱকজনৰ নিথৰদেহ ঘৰ পোৱাত দেৰগাঁৱৰ বিভিন্ন স্থানৰ সহস্ৰ লোক সমবেত হৈ তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷ আনহাতে মৃতদেহ আহি পোৱাৰ লগে লগে দেৰগাঁৱৰ এক নং খকণ্ডগুৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ শোকাকূল পৰিৱেশৰ মাজত ৰাইজে অমানৱীয় ঘটনাটোক একেমুখে গৰিহণা দিয়াৰ লগতে ঘটনাটোৰ বাবে আৰক্ষীকে দায়ী কৰি অসম আৰক্ষী মূৰ্দাবাদ ধবনি দিয়াৰ আৰু দোষীৰ শাস্তিৰ দাবীত উত্তাল পৰিৱেশ সূচনা কৰা দেখা যায়৷ দেৰগাঁও ব্ৰহ্মপুত্ৰ অঞ্চলৰ এক নং খকণ্ডগুৰি গাঁৱত নিশা গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা উপস্থিতহৈ শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে দোষীক ফাষ্টৰ্ ট্ৰেক আদালতৰ জড়িয়তে শাস্তি প্ৰদান কৰাৰ কথা উল্লেখ কৰি শোকাকুল ৰাইজক শান্ত কৰে৷ আনহাতে ঘটনাটো নিন্দা কৰাৰ লগতে গোলাঘাট জিলা প্ৰশাসন এই সংকটৰ সময়ত ভুক্তভোগী পৰিয়ালটোৰ সৈতে আছে বুলি কয়৷ পৰবৰ্তী সময়ত নিশাই অনিমেশ ভূঞাৰ নিথৰ দেহ জনসমুদ্ৰৰ সমুখত সৎকাৰ কৰাৰ হয়৷ আজি ৰাতিপুৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ঘটনাটোৰ নিৰীক্ষণৰ দায়িত্ব পোৱা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে লগত মৰিয়নি বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা সহ আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই পুৱাই নিহত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ বাসভৱনত উপস্থিত হয়৷ অনিমেষৰ মৃত্যুত শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে হত্যাকাণ্ডত জড়িত সকলৰ বিচাৰ ফাষ্টট্ৰেক আদালতত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷ আনহাতে নিহত অনিমেশৰ এক স্মাৰক নিৰ্ণাম কৰা হ’ব বুলিও ডাঃ পেগুৱে সদৰী কৰে৷ ইফালে খুমটাই বাসী ৰাইজে অপৰাধী কেইটাক খোজকাঢ়ি আদালতলৈ যাব নোৱাৰাকৈ শাস্তি দিব লাগে বুলি ৰাইজে বিচাৰিছে বুলি খুমটাই বিধায়ক মৃণাল শইকীয়াই মন্তব্য কৰে৷ নিজৰ সামাজিক মাধ্যমৰ জড়িয়তে মুখমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পাঁচ লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰা কথা ঘোষণা কৰে৷ ইফালে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড° সমুজ্জল ভট্টাচাৰ্য পুৱা অনিমেশ ভূঞাৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷ নিজৰ মন্তব্যত ড° ভট্টাচাৰ্যই ছাত্ৰ সন্থাই পৰিয়ালৰ ল’ৰা হেৰুৱাই পেলালে বুলি কোৱাৰ লগতে আৰক্ষী-প্ৰশাসনৰ ক্ষুৰধাৰ সমালোচনা কৰে৷ ছাত্ৰ সন্থাৰ মানৱীয় দৃষ্টি ভংগী আছে সেয়েহে সহায়ৰ কৰিবলৈ গৈছিলে বুলি কয়৷ আৰক্ষী প্ৰশাসন লৈ যে অপৰাধীৰ ভয় নোহোৱা হৈছে বুলি ড° ভট্টাচাৰ্য কৈ সমালোচনা কৰাৰ লগতে অপৰাধীক চৰকাৰে ঘোষণা কৰাৰ দৰে ফাষ্টৰ্ ট্ৰেক আদালতৰ জৰিয়তে প্ৰদানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাই আৰু পৰিয়ালৰ এজনক সংস্থাপন দিবলৈ দাবী জনায়৷ দোষীক শাস্তি প্ৰদান কৰাত পলম হলে ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন কৰিব বুলি প্ৰকাশ কৰে৷ অহা এমাহৰ ভিতৰত ঘটনাটোৰ অভিযোগনামা দাখিল কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী আৰক্ষীক নিৰ্দেশ দিয়ে আৰু ঘটনাটো বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিংক তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে৷ যোৰাহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয় পৰিষদৰ নেতা পবন শইকীয়া, ৰাইজৰ দলৰ নেতা প্ৰবীণ দাস উপস্থিত হয় শোকাকুল পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷ ইফালে আছুৰ মুখ্য সাংগঠনিক সম্পাদক অভিবৰ্তন গোস্বামী, দেৰগাঁও সাংবাদিক সন্থা, আপকু দেৰগাঁও মহকুমা সমিতি, আপকুৰ কেন্দ্ৰীয় সহ সম্পাদক প্ৰনৱ চক্ৰবৰ্তী, সমাজকৰ্মী চাহাবুদ্দিন আহমেদ, যুৱ পৰিষদৰ মিলন খাটনীয়াৰ, দেৰগাঁও সাহিত্য সভাকে ধৰি বৃহত্তৰ দেৰগাঁৱৰ বিভিন্ন দল সংগঠনে ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণাদি ঘটনাৰ উচ্ছপৰ্যায়ৰ তদন্ত আৰু দোষীসকলৰ দৃষ্টান্ত মুলক শাস্তিৰ দাবী জনাইছে৷ ইপিনে, ঘটনাটোত গুৰুত্বৰ ভাৱে আহত হোৱা একে অঞ্চলৰে সাংবাদিক মৃদুষ্মন্ত বৰুৱা, আছু কৰ্মী প্ৰণয়জ্যোতি দত্ত কথমপি ৰক্ষা পৰে৷ নিশা প্ৰথমিক চিকিৎসাৰ পিছত ঘৰলৈ ওভতে যদি আজি পুনৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ আজি পুৱাৰে পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে গোলাঘাট জিলাৰ বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ লোক, সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিৰ আৰু স্থানীয় ৰাইজ প্ৰায়ত অনিমেশ ভূঞাৰ ঘৰলৈ আহি শোকগ্ৰস্ত পিতৃ, মাতৃৰ লগতে পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here