Home অসম কামপুৰ, চাপৰমুখ অঞ্চলত বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ : বানত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ...

কামপুৰ, চাপৰমুখ অঞ্চলত বান পৰিস্থিতি পৰ্যবেক্ষণ মুখ্যমন্ত্ৰীৰ : বানত ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিয়াৰ আশ্বাস

54
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২২ জুন ঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি নগাঁও জিলাৰ ৰহা আৰু বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে৷ গুৱাহাটীৰ পৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ৰে’লৰে আহি প্ৰথমে চাপৰমুখ জংচনত নামে৷ সেই স্থানত মুখ্যমন্ত্ৰীজনে বানাক্ৰান্ত ৰাইজৰ লগত মত বিনিময় কৰে৷ ড॰ শৰ্মাই প্ৰলয়ংকৰী বানত যিসকল লোক গৃহহাৰা হৈছে অথবা যিসকল লোকৰ বিস্তৰ ক্ষতি হৈছে তেওঁলোকৰ ক্ষতিপূৰণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে৷ ইয়াৰ পিছত ৰে’লৰে বঢ়মপুৰ বিধানসভা সমষ্টিৰ কামপুৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কামপুৰ ৰে’ল ষ্টেচনৰ পৰা কামপুৰ মহাবিদ্যালয়, কামপুৰ উচ্ছতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, কামপুৰ আদৰ্শ হাইস্কুলৰ আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তৰ কাষত উপস্থিত হয়৷ আশ্ৰয় শিবিৰত থকা লোকৰ সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মত বিনিময় কৰে৷ আশ্ৰয় শিবিৰৰ পৰা পোনো পোনে পাচনিঝাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰীজনে পাচনিঝাৰৰ পৰা এছডিআৰ এফৰ স্পীড ব’টেৰে মনোহৰ গাঁও হৈ কঠীয়াতলীলৈ যায়৷ মুখ্যমন্ত্ৰীজনক উপস্থিত ৰাইজ আৰু সাংবাদিকে বঢ়মপুৰ আৰু ৰহা বিধানসভা সমষ্টিৰ বিভিন্ন বানবিধস্ত অঞ্চলত থকা আশ্ৰয় শিবিৰত পৰ্যাপ্ত খাদ্য সামগ্ৰী, শিশুখাদ্য, পশুখাদ্য লাভ নকৰাৰ সম্পৰ্কে অৱগত কৰাত তেওঁ এই কঠোৰ দৃষ্টি প্ৰদান কৰা হ’ব বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই সাংবাদিকৰ আগত কয় যে নগাঁও জিলাৰ বৃহৎ অংশ কপিলীৰ বানত প্লাৱিত হৈছে৷ বান পৰিস্থিতি শাম কটাৰ পিছত মথাউৰি মেৰামতি আদিৰ লগতে বানৰ সৃষ্টিকাৰী কাৰকসমূহ অধ্যয়ন কৰি নিয়ন্ত্ৰণৰ দিশত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ ৰে’লযাত্ৰাত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰবন্ধক অংশুল গুপ্তাই সংগদান কৰে৷ তদুপৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে মুখ্যমন্ত্ৰীক সংগদান কৰে৷ উল্লেখ্য যে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১০৯খন গাঁও, ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত ১০৯খন গাঁও আৰু নগাঁও সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৭২খন গাঁও বানৰ কবলত পৰিছে৷
জালুকবাৰী সমষ্টিৰ চাংসাৰি আশ্ৰয় শিবিৰত মুখ্যমন্ত্ৰী
গণ বাৰ্তা, বাইহাটা চাৰিআলি ঃ জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ আশ্ৰয় শিবিৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি বানপীড়িত ৰাইজৰ দুখ-দুৰ্দশা প্ৰত্যক্ষ কৰি বেদনাহত হৈ এইসকল লোকে আৰু অধিক দুখ-কষ্ট পোৱা কোনো কাম নকৰিবলৈ বিভাগীয় দায়িত্ববাহী বিষয়া-কৰমচাৰী আৰু দলীয় কাৰ্যকৰ্তাসকলক কঠোৰ সকীয়নি দিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ সবল ৰাজনৈতিক অভিষেক আৰু উত্থানত অনবদ্য অৱদান আগবঢ়োৱা জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ চাংসাৰি উচ্ছতৰ মাধ্যমিক বিদ্যাপীঠত কণ কণ শিশুৰ পৰা বৃদ্ধ-বৃদ্ধাসহ ৩৩৭গৰাকী বন্যাৰ্তই আশ্ৰয় লৈ থকা শিবিৰটোত আজি সন্ধিয়া উপস্থিত হৈ বানপীড়িত লোকসকলৰ দুখ-দুৰ্দশাৰ লগতে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লৈ এই কঠোৰ নিৰ্দেশনা দিয়া পৰিলক্ষিত হয়৷ লক্ষণীয়ভাৱে অপাৰ ব্যস্ততাৰ মাজতো জালুকবাৰী সমষ্টিৰ চাংসাৰিত আজি বিয়লিৰ ভাগত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বান শিবৰটোত আশ্ৰয় লৈ থকা প্ৰতিগৰাকীৰে খা-খবৰ লোৱাই নহয়, বৃহত্তৰ চাংসাৰি অঞ্চলৰ বান পৰিস্থিতিৰো পুংখানুপুংখভাৱে বুজ লোৱা পৰিলক্ষিত হয়৷ তাৎপৰ্যপূৰ্ণভাৱে এই সময়তে তেওঁৰ নিৰ্দেশত ব্যক্তিগত সহায়ক তথা বিজেপি কিষাণ মৰ্চাৰ অসম ৰাজ্যিক সমিতিৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য, সাধাৰণ সম্পাদক নৱ লহকৰৰ লগতে প্ৰাণজিৎ ডেকাক আজি মলং, আঠিয়াবৈ, বনমাজা অঞ্চললৈ নাৱেৰে গৈ পানী, খাদ্যবস্তু যোগান ধৰে৷ এই সময়ত তেওঁ আশ্ৰয় শিবিৰৰ লোকসকলৰ লগতে বানাক্ৰান্ত লোকসকলৰ প্ৰয়োজনীয়তা, অভাৱ-অভিযোগবোৰৰ বিষয়েও অতি সূক্ষ্ম দৃষ্টি আৰু আন্তৰিকাৰে অনুধাৱন কৰি সেই অনুসৰি উৎসৰ্গিত মানসিকতাৰে সেৱা আগবঢ়াবলৈয়ো পৰামৰ্শ দি চৰকাৰী বিভাগীয় দায়িত্ববাহী বিষয়া আৰু সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকলক প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ থাকিবলৈ আহ৩ান জনায়৷ অকল এয়াই নহয়, তেওঁ সাহায্য বিতৰণৰ ক্ষেত্ৰতো সামান্যতমো কৃপাণালি নকৰিবলৈ নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে চাংসাৰিৰ আশ্ৰয় শিবিৰটোত জনস্বাস্থ্য বিভাগৰ পৰা খোৱাপানী, স্বাস্থ্য বিভাগৰ চিকিৎসা সেৱাকে ধৰি কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে বৃহত্তৰ চাংসাৰিকে ধৰি সমষ্টিটোৰ ধোপাতাৰী, শিলভঁৰাল, বৈদ্যপাৰা, আঠিয়াবৈ, বনমাজা, মলং আদি অঞ্চলত হোৱা জলপ্ৰলয়ে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভিতৰুৱা ৰাস্তা-ঘাটসমূহৰ লগতে ঘৰ-বাৰীত একঁকাল পৰ্যন্ত পানী ওফন্দি উঠাত বহু পৰিয়ালত আলাই-আথানিৰ সীমা নোহোৱা হৈ পৰিছে৷ আনহাতে, মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপৰ পিছতো জলবন্দী বহু অঞ্চলত বহু পৰিয়ালে খোৱাপানীৰ সংকটত পৰা বুলি জানিব পৰা গৈছে৷ অৱশ্যে ইয়াৰ মাজতে কোনো কোনো হৃদয়ৱান লোকে সেইসকল বন্যাৰ্তক খোৱাপানী যোগানৰ বাবে প্ৰচেষ্টা লৈছে৷ ইপিনে, তেওঁ আৰু কয় যে বেছিভাগ বানাক্ৰান্তই মথাউৰিৰ বিৰোধিতা কৰিছে৷ আনকি মথাউৰি উঠাই দিয়াৰো দাবী তুলিছে একাংশ বানাক্ৰান্তই৷ মথাউৰি থকা বাবেহে বানৰ সমস্যা ভয়ংকৰ হৈছে বুলিও অসম চৰকাৰৰ ওচৰত আৰ্জি দিছে নৈপৰীয়া ৰাইজে৷ সেয়ে ৰাইজৰ সৈতে আলোচনা কৰিহে ভগ্ন মথাউৰি নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here