Home অসম হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নতুন আন্তঃগাঁথনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নতুন আন্তঃগাঁথনি উদ্বোধন মুখ্যমন্ত্ৰীৰ

132
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২০ জানুৱাৰী: মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি হাফলং চৰকাৰী মহাবিদ্যালয়ৰ নৱনিৰ্মিত কলা খণ্ড, প্ৰেক্ষাগৃহ আৰু ল’ৰাৰ ছাত্ৰাৱাস ভৱন উদ্বোধন কৰে৷ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজি আৰু এনএলচিপিআৰৰ অধীনত সৰ্বমুঠ ১৫.৩৫ কোটি টকা ব্যয় সাপেক্ষে এই নতুন আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে৷ এই আন্তঃগাঁথনিয়ে ডিমা হাছাও জিলাৰ শৈক্ষিক পৰিৱেশ আৰু অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে৷ দুই বছৰৰ ভিতৰত সম্পূৰ্ণ হ’বলগীয়া মহাবিদ্যালয়খনৰ নতুন বিজ্ঞান শাখা নিৰ্মাণৰ বাবে অসম চৰকাৰে ১০ কোটি টকা প্ৰদান কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাক মহাবিদ্যালয়খনৰ দ্বিতীয় চৌহদৰ বাবে ভূমি চিনাক্ত কৰিবলৈ আহ৩ান জনায় ৷তেওঁ কয় যে মহাবিদ্যালয়খনত সকলো বিষয়তে স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ পৰিকল্পনা আছে৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ আৰু মহাবিদ্যালয় কতৃৰ্পক্ষক শিক্ষানুষ্ঠানখনত অসমীয়া কথন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ আহ৩ান জনাই কয় যে এই পাঠ্যক্ৰমে সমগ্ৰ ৰাজ্যখনতে কাম কৰাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলক প্ৰভূত পৰিমাণে সহায়ক হৈ উঠিব৷ ইয়ে নিয়োগৰ ক্ষেত্ৰতো অধিক পথ প্ৰশস্ত কৰি তুলিব৷ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক নন্দিতা গাৰ্লোচা, ডিমা হাছাও জিলাৰ উপায়ুক্ত নাজৰিন আহমেদ, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ মধুমিতা দাওলাগোপু প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কে’বাদশক পুৰণি নামঘৰ দৰ্শন কৰে আৰু সেৱা আগবঢ়ায়৷ তেওঁ ভক্তবৃন্দৰ সৈতেও মত-বিনিময় কৰে আৰু ইয়াৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পৰিচালনা সমিতিয়ে জনোৱা দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰে৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে হাফলঙত থকা ৰামকৃষ্ণ সেৱা সমিতি দৰ্শন কৰে আৰু সেৱা আগবঢ়ায়৷ তেওঁ ভক্তবৃন্দৰ সৈতে মত-বিনিময় কৰাৰ লগতে সমিতিয়ে অব্যাহত ৰখা কাম-কাজৰ বুজ লয়৷ তেওঁ সমিতিয়ে সন্মুখীন হোৱা বিভিন্ন বিষয়সমূহৰ সম্পৰ্কতো বাৰ্তালাপ কৰে৷ মুখ্যমন্ত্ৰীয়ে এই প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ প্ৰয়োজনীয় সহযোগিতা আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ এই দৰ্শনৰ সময়ত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য ক াৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here