Home অসম কয়লা ছিণ্ডিকেটৰ বৃহৎ ধন যায় ৰাজনৈতিক নেতালৈ:অবৈধ কয়লা খনি, কয়লা সৰবৰাহ বন্ধ...

কয়লা ছিণ্ডিকেটৰ বৃহৎ ধন যায় ৰাজনৈতিক নেতালৈ:অবৈধ কয়লা খনি, কয়লা সৰবৰাহ বন্ধ কৰক চৰকাৰে

106
0

চন্দ্ৰ কুমাৰ শইকীয়া, গুৱাহাটী, ২১ ছেপ্টেম্বৰ ঃ উচ্ছতম ন্যায়ালয়, গুৱাহাটী উচ্ছ ন্যায়ালয় বা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশত যদি উত্তৰ পূব কয়লা ক্ষেত্ৰৰ কয়লা খনন বন্ধ হৈ আছে, তেন্তে প্ৰতিদিনেই সন্ধিয়াৰ পৰা নিশালৈকে মাৰ্ঘেৰিটা-ডিগবৈৰ মাজেদি বৃহদাকাৰ ট্ৰাকসমূহত সৰবৰাহ হোৱা কয়লাবোৰ ক’ৰ আৰু কাৰ? উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি অব্যাহত আছে নেকি কয়লাৰ অবৈধ ব্যৱসায় আৰু ছিণ্ডিকেটৰাজ? কয়লা ছিণ্ডিকেটৰ বৃহৎ পৰিমাণৰ ধনৰ ভাগ যায় নেকি দিছপুৰৰ বিভিন্ন নেতালৈ? অসমৰ মুখ্যমন্ত্ৰীয়ে ক’ব খোজে যে অসমৰ মাজেদি সৰবৰাহ হোৱা এই কয়লা অৰুণাচলৰ নামচিক, খাৰচাংৰ কয়লা ক্ষেত্ৰৰ পৰা উৎপাদিত হোৱা কয়লা আৰু ইয়াক অসম চৰকাৰে বাধা দিব নোৱাৰে৷ অৰুণাচলৰ পৰা এই পথেৰে কয়লা সৰবৰাহ নোহোৱা নহয়৷ কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সত্যটো স্বীকাৰ কৰি ল’ব নে যে অসমৰ ভোগ দখলত থকা বৰগোলাই, লিডু, লেখাপানী বনাঞ্চলৰ মাজত অবৈধভাৱে পূৰ্ণ গতিত কয়লাৰ খনন হৈ আছে আৰু এই কয়লা সম্পূৰ্ণ অবৈধভাৱে সৰবৰাহ হৈ আছে? ১৮ ছেপ্টেম্বৰত টিকক কয়লা খনিৰ মালৌ পথাৰত এনেদৰে অবৈধভাৱে কয়লা খনন কৰি থকা অৱস্থাত বিষাক্ত গেছ সেৱন কৰি বঙাইগাঁও জিলাৰ যোগীঘোপাৰ ছহিদুল ইছলাম, হোছেইন আলী আৰু হাছমত আলী নামৰ তিনিজন শ্ৰমিকৰ মৃত্যু ঘটে৷ মানৱতাক ভুলুণ্ঠিত কৰি অবৈধ খনিৰ গৰাকীয়ে কাকোৱেই একো নজনোৱাকৈ তিনিওটা মৃতদেহ মাটিত পুতি আন শ্ৰমিকসকলক আটক কৰি ৰাখে৷ এই অবৈধ কয়লা খনিসমূহত এনে ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে আৰু ভালদৰে অনুসন্ধান কৰিলে বহুতো গলিত মৃতদেহৰ সন্ধান পোৱা যাব৷ অসমৰ ভূমিত আজি কে’বাবছৰ ধৰি এনেধৰণৰ অবৈধ কাৰ্যকলাপৰ যোগেদি ৰাষ্ট্ৰীয় সম্পদ এটাৰ লুণ্ঠন চলি থকা কথাটো অসম চৰকাৰৰ নি(য় অৱগত৷ কোনোধৰণৰ সুৰক্ষা ব্যৱস্থা নোহোৱাকৈ শ্ৰমিক নীতি উলং¸ঘন কৰি একাংশ লোকে কেনেদৰে এনে অবৈধ কাৰ্য চলাই যাব পাৰিছে তাৰ উত্তৰ আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা বিচাৰিছোঁ৷ মানৱ অধিকাৰ খৰ্ব কৰা এনে ঘটনাসমূহৰ প্ৰতি আমি ৰাজ্যিক মানৱাধিকাৰ আয়োগৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ৷ এনে গুৰুতৰ অপৰাধৰ তদন্ত কৰিবলৈ অসম চৰকাৰে তৎকালেই এন আই এ বা চিবিআইক দায়িত্ব দিযক, এইয়া ৰাইজৰ দাবী৷ অভিযোগ আছে যে দিছপুৰৰ জ্ঞাতসাৰেই ৰাজ্যত চলি আছে কয়লাৰ অবৈধ ৰমৰমীয়া বেহা৷ বিগত দশক দশক ধৰি এই বেহা চলি আহিছে আৰু কোনো চৰকাৰেই ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই৷ বহুতে অভিযোগ কৰে যে কোন কোন মাফিয়াই ক’ত ক’ত আৰু কি কি ছিণ্ডিকেট চলাই আছে সেই সকলো তথ্য মুখ্যমন্ত্ৰীৰ নখ দৰ্পণত৷ তেওঁ নজনাকৈ অসমত কোনেও অবৈধ ব্যৱসায় কৰিবলৈ সাহস নকৰে৷ যদিহে মুখ্যমন্ত্ৰীয়ে সঁচাকৈ ৰাজ্যৰ পৰা দুৰ্নীতি নাইকিয়া হোৱাটো বিচাৰে, তেনেহ’লে কয়লাৰ অবৈধ খনি আৰু বেহা বন্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰক৷ দৰকাৰ হ’লে সমগ্ৰ অনীতি, অনিয়ম আৰু দুৰ্নীতিৰ তদন্তৰ দায়িত্ব চিবিআই আৰু নিয়াক দিয়ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here