Home Main Stories দুমাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৫৭লৈ বৃদ্ধি : পহিলা মে’ত ৰন্ধন গেছত ১০২...

দুমাহত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ৪৫৭লৈ বৃদ্ধি : পহিলা মে’ত ৰন্ধন গেছত ১০২ টকা বৃদ্ধি

398
0




ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,১ মে’ ঃ নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক জলা-কলা খুওৱা অব্যাহত ৰাখিছে৷ পেট্ৰ’লৰ মূল্যবৃদ্ধিয়ে খাদ্য-সামগ্ৰী তথা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ ব্যয় বৃদ্ধি কৰাত বজাৰত একপ্ৰকাৰ জুই লাগিছে৷ প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি ঘটাত এতিয়া সৰ্বসাধাৰণ জনতাই ত্ৰাহিমধুসূদন দেখিব লগাত পৰিছে৷ এনে সময়তে পুনৰ ৰাইজক ৰামটাঙোন শোধাই কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ মূল্য বৃদ্ধি ঘটাইছে৷ লক্ষণীয় যে বিগত কেইবাটাও মাহ ধৰি ধাৰাবাহিকভাৱে ৰন্ধন গেছৰ মূল্য বৃদ্ধি অব্যাহত আছে৷ আজি পুনৰ ৰন্ধন গেছৰ মূল্য ১০২.৫০ টকা বৃদ্ধি ঘটে৷ ইয়াৰ পূৰ্বে ৰন্ধন গেছৰ মূল্য আছিল ২,২৫৩ টকা৷ কিন্তু আজি মূল্যবৃদ্ধি ঘটাৰ পিছত ইয়াৰ মূল্য হয়গৈ ২,৩৫৫.৫০ টকা৷ আনহাতে, বিগত মাহতো বাণিজ্যিক ৰন্ধন গেছৰ মূল্য ২৫০ টকা বৃদ্ধি ঘটিছিল৷ পহিলা এপ্ৰিলত ৰন্ধন গেছৰ মূল্য ২৫০ টকা বৃদ্ধি ঘটি ২,২৫৩ হৈছিলগৈ৷ অৰ্থাৎ মাৰ্চত ৰন্ধন গেছৰ মূল্য আছিল ২,০০৩ টকা৷ অৱশ্যে পহিলা মাৰ্চতো ১০৫ টকা মূল্যবৃদ্ধি ঘটোৱা হৈছিল৷ অৰ্থাৎ ফেব্ৰুৱাৰী মাহত ৰন্ধন গেছৰ মূল্য আছিল ৰ,৯৯৮ টকা৷ লক্ষণীয় যে বিগত দুটা মাহত সৰ্বমুঠ ৪৫৭ টকা মূল্যবৃদ্ধি ঘটোৱা হৈছে৷ বাণিজ্যিক ৰন্ধন গেছৰ ক্ষেত্ৰত অৱশ্যে ঘৰুৱা ব্যৱহাৰযোগ্য ৰন্ধন গেছৰ মূল্যবৃদ্ধি ঘটোৱা নাই৷ এনে অৱস্থাত বাণিজ্যিক ৰন্ধন গেছৰ মূল্যবৃদ্ধি ঘটোৱাৰ ফলত ৰেষ্টুৰেণ্ট বা হোটেলত প্ৰস্তুত কৰা খাদ্যৰ মূল্য ঘটাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ মূল্যবৃদ্ধিৰ চাকনৈয়াত হাবুডুবু খাই থকা সৰ্বসাধাৰণ ৰাইজ এতিয়া ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ পিছত পাৰ পাবনে নাই সেয়াহে লক্ষণীয় হৈ পৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here