Home Main Stories সাম্প্ৰদায়িক মেৰুকৰণ আৰু সংখ্যালঘু ৰাজনীতি

সাম্প্ৰদায়িক মেৰুকৰণ আৰু সংখ্যালঘু ৰাজনীতি

250
0

✍️ খবিৰ আহমেদ

বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য শাসন কৰি থকা দুয়োখন চৰকাৰেই আৰএছএছৰ আদৰ্শেৰে উদ্ধুদ্ধ। আৰএছএছৰ লক্ষ্য, উদ্দেশ্য, আৰু আদৰ্শ হৈছে ভাৰতবৰ্ষত এখন নিৰংকুশ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। বিজেপিৰ এই হিন্দুত্ব আৰু সাম্প্ৰদায়িক এজেণ্ডা যে কেৱল চৰকাৰ আৰু নেতা-মন্ত্ৰীসকলৰ মাজতেই সীমাবদ্ধ হৈ আছে তেনেকুৱা কথা নহয়, সাম্প্ৰদায়িক এজেণ্ডা এতিয়া দেশৰ আমোলাতন্ত্ৰ আৰু প্ৰায়বোৰ সাংবিধানিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজতো সোমাই পৰিছে। আটাইতকৈ চিন্তাৰ বিষয় হৈছে যে হিন্দুত্ববাদৰ এই প্ৰবল ঢৌৱে দেশৰ সংবাদ মাধ্যমবোৰকো বশ কৰি পেলাইছে। সামাজিক বাগধাৰা (Public discourse), বিচাৰ পদ্ধতি, বিশ্ববিদ্যালয়ৰ নিচিনা বৌদ্ধিক অনুষ্ঠানসমূহ, সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠান আদি ক্ৰমে ক্ৰমে সেই একেই আদৰ্শৰ লোকসমূহৰ দখললৈ গৈ আছে। এই ধাৰাৰ প্ৰতিবাদ কৰা ব্যক্তি, দল, সংগঠনসমূহক হয় একাষৰীয়া কৰা হৈছে, ডাবি-ধমকি দি চুপ কৰা হৈছে, কোৰ্টৰ দ্বাৰস্থ কৰা হৈছে, নহ’লে ৰাষ্ট্ৰদ্ৰোহী বুলি ঘোষণা কৰা হৈছে। এই ধাৰা দেশৰ সংবিধানপ্ৰদত্ত গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি বিপজ্জনক, ভৱিষ্যতলৈ অশনি সংকেত। এনেদৰে দেখা গৈছে যে সংখ্যাগুৰুৰ সাম্প্ৰদায়িক ৰাজনীতিত দিশহাৰা হৈ সংখ্যালঘু মুছলমানৰ ৰাজনীতিয়ে থৰ-কাছুটি হেৰুৱাই পেলাইছে। সংঘীয় ৰাজনীতিৰ অশ্বমেধ ঘোঁৰাক যদি বাধা দিব পৰা নাযায় তেনেহ’লে ভাৰতবৰ্ষখন যে অচিৰেই হিন্দু ৰাষ্ট্ৰলৈ পৰ্যৱসিত হ’ব তাত কোনো সন্দেহ নাই। প্ৰশ্ন হৈছে, এনেকুৱা অৱস্থাৰ পৰিপ্ৰেক্ষিতত অসম তথা ভাৰতৰ সংখ্যালঘু মুছলমানসকলে কেনেকুৱা ৰাজনীতি কৰা উচিত? হিন্দুত্বৰ এজেণ্ডা লৈ বিজেপিয়ে কেন্দ্ৰ আৰু কিছুমান ৰাজ্যত শাসন কৰি আছে হয়, কিন্তু ভাৰতৰ অধিকাংশ মানুহেই বিজেপি দলক ভোট দিয়া নাছিল বা হিন্দুত্বৰ এজেণ্ডাক সমৰ্থন কৰা নাছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে পোৱা ভোটৰ শতকৰা হাৰ চালেই সেই কথা ওলাই পৰে। সেই নিৰ্বাচনত বিজেপিয়ে পাইছিল ৩৭ শতাংশ ভোট। বাকী ৬৩ শতাংশ ভোট বিজেপি দলৰ বিৰুদ্ধে, অৰ্থাৎ হিন্দুত্বৰ এজেণ্ডাৰ বিৰুদ্ধে আছিল। সেয়াই আছিল সংসদীয় নিৰ্বাচনত বিজেপিৰ সৰ্বোচ্চ প্ৰদৰ্শন। আকৌ বিজেপি দলে লাভ কৰা এই ৩৭ শতাংশ ভোটাৰৰ সকলো ভোটাৰেই যে হিন্দুত্বৰ এজেণ্ডাক সমৰ্থন কৰি বিজেপিক ভোট দিছিল তেনেকুৱাও নহয়। হিন্দুত্বৰ এজেণ্ডাৰ বাহিৰেও বহুতো কাৰকে নিৰ্বাচন এটাৰ ফলাফল নিৰ্ণয় কৰে। বিৰোধী দলৰ উপযুক্ত নেতৃত্বৰ অবিহনে আৰু বিৰোধী দলবোৰ একত্ৰিত হ’ব নোৱাৰাৰ কাৰণেই বিজেপি ক্ষমতালৈ আহিছিল। গণতন্ত্ৰ যিহেতু সংখ্যাৰ খেল আৰু সেই সংখ্যাৰ খেলত দুটা-এটা সাংসদ বা বিধায়ক বেছি গোটাব পাৰিলেই চৰকাৰ গঠন কৰিব পৰা যায়। এতেকে একাংশ সমৰ্থকে হিন্দু সাম্প্ৰদায়িক এজেণ্ডাক সমৰ্থন কৰি বিজেপি দলক ক্ষমতালৈ আনিছে কাৰণেই যে অসম তথা ভাৰতৰ মুছলমানসকলেও মুছলিম সাম্প্ৰদায়িক ৰাজনীতি কৰিব লাগিব তেনেকুৱা কথা নহয়। এটা কথা গভীৰভাৱে উপলব্ধি কৰিব লাগিব যে অসম তথা ভাৰতবৰ্ষত মুছলমানসকল সংখ্যালঘু। প্ৰথমতে, পৃথিৱীৰ সকলো দেশতেই সংখ্যালঘু নাগৰিকসকলে কিছু পৰিমাণে হ’লেও অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় আৰু সেয়েহে বহুক্ষেত্ৰত কিছু আপোচ কৰি চলিব লগা হয়। দ্বিতীয়তে, সংখ্যালঘুসকলে নিজৰ ধৰ্মক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰি ক্ষমতালৈ অহাৰ নজিৰ পৃথিৱীৰ ইতিহাসত নাই। এই কাম কস্মিন কালতো সম্ভৱ নহয়। বহুবাৰ দেখা গৈছে যে সংখ্যালঘুৰ ধৰ্মীয় ৰাজনীতি আত্মঘাতী ৰাজনীতি হয়, নিজৰ হাতৰ কুঠাৰ ভৰিত মৰাৰ নিচিনা হয়। বিগত বছৰবোৰৰ অসমৰ ৰাজনীতিয়ে এই কথা প্ৰমাণ কৰে। সংখ্যালঘু মুছলমানসকলে এটা কথা গভীৰভাৱে বুজি পাব লাগিব যে ভাৰতবৰ্ষত হিন্দু-মুছলমান উভয় পক্ষৰ সাম্প্ৰদায়িক ৰাজনীতি হৈছে আপেক্ষিক বস্তু। আপেক্ষিক এইকাৰণেই যে এটা সাম্প্ৰদায়িক ৰাজনীতিৰ লগত আন এটা সাম্প্ৰদায়িক ৰাজনীতিৰ উত্থান-পতনৰ ওতপ্ৰোতভাৱে সম্পৰ্ক আছে। কথাটো ঠিক আইনষ্টাইনৰ আপেক্ষিকতাৰ তত্ত্বৰ নিচিনাই। ‘Every action has its equal and opposite reaction’. প্ৰতিটো ক্ৰিয়াৰেই তাৰ সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। এপিনে ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি সংখ্যাগুৰুসকল যিমানেই আগুৱাই যাব, আনপিনে ভীত আৰু সন্ত্ৰস্ত হৈ ধৰ্মীয় সংখ্যালঘুসকলেও সিমানেই একগোট হৈ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিব। সংখ্যাগুৰুসকলৰ সাম্প্ৰদায়িক ৰাজনীতিৰ ভয়ত পেপুৱা লাগি ধৰ্মীয় সংখ্যালঘুসকল একত্ৰিত হয় আৰু তেওঁলোকেও সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত ধৰ্মক মূল হাতিয়াৰ হিচাপে লৈ ৰাজনীতি কৰা দুয়ো পক্ষৰ চতুৰ ৰাজনীতিকসকলৰ লাভ হয়। হিন্দু নেতাসকলে হিন্দু ভোটাৰক মুছলমানৰ ভয় দেখুৱাই ভোট আদায় কৰে, আনপিনে মুছলমান নেতাসকলে হিন্দুৰ ভয় দেখুৱাই মুছলমানৰ ভোট আদায় কৰে। দুয়ো পক্ষৰেই ৰাজনীতিৰ দোকানখন চলি থাকে অনায়াসে। কেন্দ্ৰকে আদি কৰি ভাৰতবৰ্ষৰ বহুতো ৰাজ্যত এতিয়া এইজাতীয় ৰাজনীতিৰ জয়-জয়কাৰ। সাম্প্ৰদায়িক ৰাজনীতিৰ চাকনৈয়াত পৰি সাধাৰণ মানুহে হাবুডুবু খায়, কিন্তু দুয়োপক্ষৰ সাম্প্ৰদায়িক নেতাসকলে তেওঁলোকৰ মাজৰ ব্যক্তিগত সম্পৰ্ক ঠিকেই ৰাখে। কেৱল ৰাইজক দেখুৱাই এজনে আনজনক হকে-বিহকে গোৱাল গালি পাৰে। সেই যে আমাৰ এষাৰ কথা আছে- ‘লোকক দেখুৱাই কেটেৰাই মাতিবা, ভিতৰি নেৰিবা ব্যথা’। এনেকুৱা ৰাজনীতিত জনসাধাৰণ উলম্বভাৱে বিভাজিত হৈ পৰে। নেতাবোৰৰ ৰাজনীতি চলিয়েই থাকে, মাজৰ পৰা ৰৌ ৰৌ নৰকত পুৰি মৰে দেশৰ জনতা। তেনেহ’লে কি কৰিব লাগিব? আমি আগতে কৈ আহিছো যে ৬৩ শতাংশ ভাৰতীয় মানুহ বিজেপিৰ হিন্দুত্বৰ এজেণ্ডাৰ সমৰ্থক নহয়। দেশত স্বাভাৱিক নিৰ্বাচন হ’লে এই সংখ্যা আৰু বেছি হ’ব। তেওঁলোক ভাৰতৰ হাজাৰ বছৰীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰা গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ, সহনশীল মানুহ। অসম তথা ভাৰতৰ ধৰ্মীয় সংখ্যালঘু মুছলমান মানুহবোৰে এওঁলোকৰ লগত একত্ৰিত হৈ থাকিব লাগিব, এওঁলোকৰ হাত শক্তিশালী কৰিব লাগিব। ক্ষমতাত আহকেই বা নাহকেই, ধৰ্মীয় সংখ্যালঘুসকলে এই ধৰ্মনিৰপেক্ষ সংখ্যাগুৰু মানুহবোৰৰ লগত থিয় দি থাকিব লাগিব । সকলো সময়তেই যে ক্ষমতাত থকা দলক ভোট দিব লাগিব তেনেকুৱা মানসিকতাও পৰিহাৰ কৰিব লাগিব। ক্ষমতাত আহিব নোৱাৰিলেও, সংখ্যালঘুসকল ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক দলসমূহৰ লগত থকাই উচিত। কিয়নো, এই দেশত সংখ্যালঘুসকল বিপদত পৰিলে কোনো বাংলাদেশ, পাকিস্তান বা আৰব মুলুকৰ মানুহে আহি তেওঁলোকক উদ্ধাৰ কৰিব নোৱাৰে। উদ্ধাৰ কৰিব লাগিব এই দেশৰ উদাৰপন্থী, গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ মানুহবোৰেহে। গতিকে ধৰ্মৰ গোপন এজেণ্ডা লৈ যিবোৰ নেতাই ধৰ্মীয় সংখ্যালঘুৰ ভোট ল’বলৈ আহে তেওঁলোকক চিনাক্ত কৰক আৰু নিৰ্মমভাৱে বৰ্জন কৰক। সাম্প্ৰদায়িক এজেণ্ডা লৈ ভোট বিচাৰি অহা বেছিভাগ মানুহেই প্ৰকৃতাৰ্থত ৰাজনীতিক নহয়, জীৱনত তেওঁলোকে কোনোদিন আধুনিক আৰু ব্যৱহাৰিক ৰাজনীতিৰ পাঠ পঢ়া নাই। আজিৰ দিনৰ ৰাজনীতি সিমান সহজো হৈ থকা নাই। বিজ্ঞানৰ মহাগুৰু আইনষ্টাইনে কৈছিল যে আধুনিক ৰাজনীতি হৈছে কেমিষ্ট্ৰীতকৈ বেছি জটিল এটা বিষয়। ইংৰাজী ভাষাত ৰাজনীতি কৰা মানুহক বুজাবলৈ দুটা শব্দ ব্যৱহাৰ কৰা হয়, এটা হৈছে ‘Politician’ আৰু এটা হৈছে ‘Statesman’. পলিটিচিয়ান হৈছে এজন তল খাপৰ খুচুৰা ৰাজনীতিক, যিজনে কেৱল চলে-বলে-কৌশলে নিৰ্বাচন জিকাৰ চেষ্টা কৰে আৰু নিৰ্বাচন পাৰ হোৱাৰ পিছত জনসাধাৰণলৈ পিঠি দিয়ে। আনহাতে ষ্টেট্‌ছমেন হৈছে এজন দূৰদৃষ্টিসম্পন্ন নেতা, যিজনে সঠিক নেতৃত্ব দি দেশক শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধিৰ পিনে আগুৱাই লৈ যায়। সেয়েহে, জেম্‌ছ ফ্ৰিমেন ক্লাৰ্কে কৈছিল ঃ ‘A politician thinks of the next election, a stateman of the next generation. A politician looks up for the success of his party, a statesman for that of his country. The statesman wishes tosteer, while the politician is satisfied to drift.’ গতিকে ৰাজনীতিত এKট্ৰী মাৰিলেই কোনোবাই ৰাজনীতিবিদ হৈ নাযায়। হয়, টকা থাকিলে ভোট কিনি এমএলএ হ’ব পাৰিব, দালাল প্ৰকৃতিৰ তলখোঁচৰা সস্তীয়া ৰাজনীতি কৰিব পাৰিব। লগতে তেওঁ যদি ব্যৱসায়ীও হয়, তেওঁৰ ব্যৱসায়ৰ পৰিসীমা হাজাৰগুণে বৃদ্ধি পাব। কিন্তু জনসাধাৰণৰ কোনো উন্নতি নহয়। তেনেকুৱা নেতাই জাতি বা সম্প্ৰদায় এটাক কেতিয়াও মুক্তিৰ পথ দেখুৱাব নোৱাৰে। আমাৰ ধৰ্মীয় গুৰুসকলে ধৰ্মৰ শিক্ষা দিয়ক, মছজিদত ইমামতি কৰক। আমি তেওঁলোকৰ পিছত থিয় হৈ (এক্তে দাহাতুল বেহ্‌জাল ইমাম কৈ) নামাজ পঢ়িম। কিন্তু তেওঁলোকৰ কথা মতে আমি ভোট নিদিম, তেওঁলোকক আমি ৰাজনৈতিক নেতা হিচাপে মানি নলওঁ। এনেকুৱা কঠোৰ সিদ্ধান্ত ল’ব পাৰিব লাগিব সংখ্যালঘু মুছলমানসকলে। আমি সদায় প্ৰগতিশীল, গণতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ আৰু দূৰদৃষ্টিসম্পন্ন ৰাজনীতিকক ক্ষমতালৈ আনিব লাগিব, লাগিলে তেওঁ যি দলৰেই নহওক কিয় বা যি ধৰ্মৰেই নহওক কিয়। এই বছৰৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘুসকলৰ এনেকুৱা ৰাজনৈতিক অৱস্থানেই দেখা গৈছে। ইয়াৰ দ্বাৰা ৰাজনৈতিক সুৰক্ষা পোৱা যাব, সংহতি ৰক্ষা পৰিব আৰু ইছলাম ধৰ্মাৱলম্বীসকলৰ ওপৰত থকা গোড়ামি আৰু ‘ভোটবেংক’ৰ বদনামো নোহোৱা হ’ব। তাকে নকৰি ধৰ্মীয় সংখ্যালঘুসকলে যদি নিজ ধৰ্মীয় আৱেগ লৈ ৰাজনীতি কৰে, তেনেহ’লে সংখ্যাগুৰু হিন্দুসকলেও তেওঁলোকৰ ধৰ্মীয় আৱেগক লৈ ৰাজনীতি কৰিব। আৰু তেওঁলোক যিহেতু দেশত সংখ্যাগুৰু, তেওঁলোকেই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰি বাৰে বাৰে ক্ষমতালৈ আহিব। এনেদৰে কোনোদিনেই এই দেশত ধৰ্মীয় সংখ্যালঘুসকল ক্ষমতাৰ অংশীদাৰ হ’ব নোৱাৰিব। তেওঁলোকৰ সমস্যাৰো সমাধান নহ’ব। ইয়াৰ বাহিৰে ধৰ্মীয় সংখ্যালঘুসকলৰ দ্বিতীয় কোনো পথ নাই।

[ লেখকৰ ফোন নম্বৰ   📞 9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here