Home Main Stories কোৰোনা সংক্ৰমণত মৃত্যু ঘটা পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ...

কোৰোনা সংক্ৰমণত মৃত্যু ঘটা পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

167
0

ক্ষতিপূৰণ পৰিমাণ কেন্দ্ৰীয় চৰকাৰে নিজে নিৰ্ধাৰণ কৰিব লাগিব; এনডিএমএক ছয় সপ্তাহৰ ভিতৰত ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ

নতুন দিল্লী, ৩০ জুন : কোৰোনাৰ সংক্ৰমণত মৃত্যু ঘটা লোকসকলৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। বুধবাৰে অধিবক্তা গৌৰৱ বানচাল আৰু ৰিপাক কানচালৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰে। এই গুৰুত্বপূৰ্ণ ৰায়ত অৱশ্যে দিবলগীয়া ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিয়া নাই উচ্চতম ন্যায়ালয়ে। চৰকাৰে নিজেই সিদ্ধান্ত ল’ব লাগিব কোৰোনাৰ সংক্ৰমণত মৃত্যু ঘটা লোকসকলৰ পৰিয়ালক কিমানকৈ ক্ষতিপূৰণ দিব। ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে নিৰ্দেশ দি কৈছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (এনডিএমএ)এ অহা ছয় সপ্তাহৰ ভিতৰত ক্ষতিপূৰণৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু এনে এক ব্যৱস্থাৰ সৃষ্টি কৰিব, যাৰ জৰিয়তে ক্ষতিপূৰণ পৰিশোধ কৰিব পাৰি।
দুয়োজন অধিবক্তাই উচ্চতম ন্যায়ালয়ৰ সন্মুখত আবেদন জনাইছিল যে কেন্দ্ৰীয় চৰকাৰক ক’ভিড-১৯ৰ ফলত নিহতসকলৰ নিকটাত্মীয়ক ৪ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ দিব লাগে। কেইদিনমান পূৰ্বে কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰি কৈছিল যে ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা সকলো লোকৰ পৰিয়ালক ৪ লাখ টকাকৈ ক্ষতিপূৰণ পৰিশোধ কৰিব নোৱাৰে, কিয়নো ইয়াৰ ফলত দুৰ্যোগ সাহায্য পুঁজি শেষ হৈ পৰিব। চৰকাৰৰ যুক্তি অস্বীকাৰ কৰি উচ্চতম ন্যায়ালয়ে বুধবাৰে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ)ক সাহায্যৰ বাবে ন্যূনতম মানদণ্ড সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে কিছু পৰিমাণৰ ক্ষতিপূৰণ পৰিশোধ কৰিব পৰা যায়। উচ্চতম ন্যায়ালয়ে আজিৰ নিৰ্দেশত কৈছে যে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰাটো এনডিএমএৰ আইনী কৰ্তব্য। ৬ সপ্তাহৰ ভিতৰত তেওঁলোকে গাইডলাইন তৈয়াৰ কৰি ইয়াৰ বাবে ৰাজ্যসমূহক নিৰ্দেশ দিব লাগিব। একে সময়তে, মৃত্যুৰ প্ৰমাণ-পত্ৰ লাভ কৰাৰ প্ৰক্ৰিয়াটোও সৰল কৰাৰ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে নিৰ্দেশত কয় যে মৃত্যুৰ প্ৰমাণ-পত্ৰত মৃত্যুৰ কাৰণ কোৰোনা আৰু মৃত্যুৰ দিনটো লিখিব লাগিব। চৰকাৰে ছয় মাহত ইয়াৰ ওপৰত গাইডলাইন প্ৰস্তুত কৰিব লাগিব। যিসকলে মৃত্যুৰ প্ৰমাণ-পত্ৰ লাভ কৰিছে আৰু ইয়াৰ ওপৰত আপত্তি কৰিছে তেওঁলোকৰ আপত্তি চৰকাৰে পুনৰ বিবেচনা কৰিব। ইয়াৰ বাবে চৰকাৰে এনে লোকসকলক অভিযোগৰ বিকল্প দিব, যাতে মৃত্যুৰ প্ৰমাণ-পত্ৰ পুনৰ জাৰি কৰা হয়। উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে সমগ্ৰ দেশত ৩ কোটি ৩ লাখ ৬২ হাজাৰ ৪৮৪জন লোক কোৰোনা ভাইৰাছত সংক্ৰমিত হৈছে, যাৰ ভিতৰত ৩ লাখ ৯৮ হাজাৰ ৪৫৪জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ২৯৪ লাখ ২৭ হাজাৰ ৩৩০জন লোক সুুস্থ হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here