Home স্থানীয় হাউলীত এচবিএফৰ দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ তিনিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

হাউলীত এচবিএফৰ দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ তিনিদিনীয়া প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

68
0

দিদাৰ হুছেইন, হাউলী, ২৬ অক্টোবৰ : ‘‘ছোচাইটি ফৰ ব্ৰাইট ফিউচাৰ’’ নামৰ বেচৰকাৰী সংস্থাটোৰ উদ্যোগত আৰু বৰপেটা জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সহযোগত ৰবিবাৰৰ পৰা তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এখন ৰাজ্যিক প্ৰশিক্ষণ কৰ্মশালা হাউলীৰ হজৰত ওমৰ [ৰাঃ] মডেল একাডেমী চমুকৈ হোমা প্ৰাংগনত অনুষ্ঠিত হয় ৷ উক্ত তিনিদিনীয়া প্ৰশিক্ষণ কৰ্মশালাত মৌলনা আব্দুল গফুৰ, এচবিএফৰ উপ-সভাপতি আমিৰ জামাল, ড॰ দেৱান নজৰুল কাদিৰ, বঙাইগাওঁ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উৎপল ভূঞা, বৰপেটা জিলা প্ৰকল্প বিষয়া ড॰ নন্দিতা দত্ত, বৰপেটা অগ্নি নিৰ্বাপক কেন্দ্ৰৰ বিষয়া মৃনাল দাস, ড॰ ছাইফুল আলম ছিদ্দিকী, ড॰ শ্বাহনেৱাজ, এচবিএফৰ সভাপতি মকবুল আহমদ আনোৱাৰৱালা আদিয়ে উপস্থিত থাকি প্ৰাকৃতিক দুৰ্যোগ, আকষ্মিক বিপদ, দুৰ্ঘটনা, মহামাৰী আদি বিপদৰ সময়ত জীৱকূলক কিদৰে সহায় কৰিব পৰা যায় তাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে৷ এই প্ৰশিক্ষণ কৰ্মশালাত মুঠ ১২ খন জিলাৰ ৬০ জনকৈ স্বেচ্ছা সেৱকে অংশ গ্ৰহণ কৰে৷ প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ, মেডেল আদি ‘‘ছচাইটী ফৰ ব্ৰাইট ফিউচাৰ’’ চমূকৈ এচবিএফৰ কেন্দ্ৰীয় সভাপতি মকবুল আহমদ আনোৱাৰৱালা প্ৰদান কৰে৷ উক্ত অনুষ্ঠানত জামাত-ই-ইছলামী হিন্দৰ নামনি অসমৰ সংগঠক ছফিকুল ইছলাম, হোমাৰ সম্পাদক ছাদুল্লাহ হ’ক, ছাবলাইমৰ সঞ্চালক ড॰ দেৱান নজৰুল কাদিৰসহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here