Home অসম অসমত মৌলবাদীৰ উত্থানক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী : বাংলাদেশৰ জেহাদী সংগঠনে শ্লিপাৰ ছেল...

অসমত মৌলবাদীৰ উত্থানক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী : বাংলাদেশৰ জেহাদী সংগঠনে শ্লিপাৰ ছেল গঢ়াৰ প্ৰয়াস চলাইছে, এবিটিৰ ৫ টা মডিউল উৎখাত, ২৯ জনক গ্ৰেপ্তাৰ

65
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী,৪ আগষ্ট ঃ অসমত সক্ৰিয় হৈ থকা তথা ভয়াৱহ ৰূপত খোপনি পোতা মৌলবাদী শক্তিসমূহক উৎখাত কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ শান্তিপ্ৰিয় মুছলমানসকলৰ সহযোগিতা কামনা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ আজি জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত মৌলবাদী শক্তিসমূহৰ তৎপৰতা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কেতবোৰ ভয়াৱহ তথ্য সদৰী কৰে৷ তেওঁ কয় যে বিগত পাঁচ মাহত অসম আৰক্ষীয়ে ভাৰত উপ-মহাদেশত আল-কায়দাৰে সংযুক্ত সংস্থা আনছাৰুল্লাহ বাংলা টীম চমুকৈ এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে৷ এবিটিৰ প্তটা জেহাদী মডিউলৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এতিয়ালৈকে ২৯জন এবিটি সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে৷ আৰক্ষীয়ে বৰপেটা, বঙাইগাঁও আৰু মৰিগাঁৱৰ শ্লিপাৰ চেলসমূহ ধ্বংস কৰি সংগঠনটোত যোগদান কৰিবলৈ যুৱক-যুৱতীসকলক উদ্দেশ্যি ব্যৱহাৰ কৰা উচটনিমূলক জেহাদী কিতাপ উদ্ধাৰ কৰিছে৷ আৰক্ষীয়ে জেহাদীসকলে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা হাই-এণ্ড ইলেক্ট্ৰ’নিক যন্ত্ৰও উদ্ধাৰ কৰিছে৷ শেহতীয়াকৈ অসম আৰক্ষীৰ অনুসন্ধানত বাংলাদেশৰ নিষিদ্ধঘোষিত জেহাদী সংগঠন এবিটিকে ধৰি বাংলাদেশত সক্ৰিয় কে’বাটাও জেহাদী গোটে অসমত শ্লিপাৰ চেল গঢ়াৰ প্ৰয়াস অব্যাহত ৰখাৰ বিষয়টো পোহৰলৈ আহিছে৷ অসমত জেহাদীৰ ইতিহাস সন্দৰ্ভত তেওঁ কয় যে অসমত ১৯৯৯ চনত প্ৰথম জেহাদীৰ শুংসূত্ৰ পোৱা গৈছিল আৰু হৰকত-উল-মুজাহিদীন নামৰ সংগঠনটো উৎখাত কৰা হৈছিল৷ ইয়াৰ পাছত ২০০৩-০৪ চনত হৰকত-উল-জেহাদ-আল-ইছলামিক আৰু ২০১১-১৬ চনত জামাতুল মুজাহিদীন বাংলাদেশৰ বিৰুদ্ধে অভিযান চলিছিল৷ শেহতীয়াকৈ বিগত মাৰ্চ মাহৰ পৰা অসম আৰক্ষীয়ে জেহাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু অসম আৰক্ষীৰ আলমত আন ৰাজ্যত জেহাদীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে৷ তেওঁ কয় যে মাৰ্চ মাহৰ পৰা বিগত প্ত মাহত অসম আৰক্ষীয়ে এবিটিৰ পাঁচটা মডিউল উৎখাত কৰিবলৈ সক্ষম হৈছে৷ চ্ছ্ৰ মাৰ্চত বৰপেটাত ছয় জেহাদীক গ্ৰেপ্তাৰ কৰা হয়৷ আনহাতে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মহম্মদ সুমন নামৰ বাংলাদেশৰ জেহাদীজনে অবৈধভাৱে পশ্চিম বংগৰে অসমত প্ৰৱেশ কৰি বৰপেটাত মাদ্ৰাছাৰ শিক্ষকৰূপে নিয়োজিত হোৱাৰ উপৰি ইমাম হিচাপে কাম কৰি আছিল৷ যাৰ পৰা আৰক্ষীয়ে জেহাদৰ বহু নথি-পত্ৰ লাভ কৰিছিল৷ তেওঁ কয় যে বাংলাদেশৰ পৰা অসমলৈ জেহাদৰ সাম্ৰাজ্য গঢ়াৰ বাবে অহা জেহাদীৰ ছয়জনীয়া দলটোৰ মহম্মদ সুমনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও বাকী পাঁচজন এতিয়াও মুক্ত হৈ আছে৷ এই সংখ্যা আৰু বহু বেছিও হ’ব পাৰে বুলি তেওঁ সদৰী কৰে৷ এই সমগ্ৰ বিষয়টোত বৰ্তমান ‘নিয়া’ই তদন্ত কৰি আছে৷ তেওঁ লগতে কয় যে এবিটিৰ দ্বিতীয়টো মডিউল ১৪ এপ্ৰিলত বৰপেটাত উৎখাত কৰা হয়৷ বৰপেটা আৰক্ষীয়ে ছয়জনক গ্ৰেপ্তাৰ কৰে৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে জেহাদৰ শিক্ষা দিয়া কিতাপ জব্দ কৰে৷ আনহাতে, ১৫ এপ্ৰিলত বঙাইগাঁৱত এবিটিৰ তৃতীয়টো মডিউল উৎখাত কৰি চাৰিজনক গ্ৰেপ্তাৰ কৰা হয়৷ এবিটিৰ পঞ্চমটো মডিউল বৰপেটাত ২৭ জুলাইত উৎখাত কৰা হয়৷ য’ত জ্ঝজনক গ্ৰেপ্তাৰ কৰা হয়৷ তেওঁলোকৰ পৰা জেহাদৰ শিক্ষা দিয়া ৩৬খন কিতাপ জব্দ কৰা হয়৷ আনহাতে, একে সময়তে বেংগালুৰুত এজন জেহাদীক গ্ৰেপ্তাৰ কৰা হয়৷ বৃহত্তৰ ইছলামিক ৰাষ্ট্ৰ গঠনৰ লক্ষ্যৰে অতি পৰিকল্পিতভাৱে আৰু উন্নত প্ৰযুক্তিৰে মৌলবাদী শক্তিয়ে কাম কৰি আছে৷ মৰিগাঁৱত গ্ৰেপ্তাৰ হোৱা এবিটিৰ শীৰ্ষ পৰ্যায়ৰ নেতাৰ লগত সম্পৰ্ক থকা মুফ্‌তি মুস্তাফা সন্দৰ্ভত তেওঁ কয় যে ২০১৭ চনত ভূপালৰ পৰা ইছলামিক ল’ত ডক্টৰেট ডিগ্ৰী লাভ কৰা মুস্তাফাই মৈৰাবাৰীত মাদ্ৰাছা স্থাপন কৰি শিক্ষকতা কৰাৰ উপৰি ইমাম হিচাপে নিয়োজিত হৈ আছিল৷ ইতিমধ্যে মাদ্ৰাছাখন বন্ধ কৰি দিয়া হৈছে আৰু ৪৩গৰাকী শিক্ষাৰ্থীক আন বিদ্যালয়ত শিক্ষাগ্ৰহণৰ ব্যৱস্থা কৰি দিয়া হৈছে৷ মুস্তাফাই বাংলাদেশৰ পৰা পুঁজি লাভ কৰিছিল৷ তেওঁ কয় যে এতিয়ালৈকে উৎখাত কৰা এবিটিৰ প্ৰতিটো মডিউলৰ সম্পৰ্ক মাদ্ৰাছাৰ লগত পোৱা গৈছে৷ লগতে জড়িত আছে একাংশ মছজিদৰ ইমাম৷ মৰিগাঁও জিলা মৌলবাদীৰ হাবত পৰিণত হোৱা বুলি তেওঁ সদৰী কৰে৷ তেওঁ লগতে কয় যে ক’ভিডৰ সময়ত ৰাজ্যত জেহাদী শক্তি বিশেষভাৱে সক্ৰিয় হৈ উঠিছিল৷ বিভিন্ন প্ৰশিক্ষণ প্ৰদানৰ লগতে বন্দুক চালনা তথা বোমা প্ৰস্তুতৰ প্ৰশিক্ষণ দিয়া হৈছিল৷ সংবাদ মেলত তেওঁ জেহাদৰ ‘কিতবুল জেহাদ’ আৰু ‘ঈদ বাৰ্তা’ নামৰ দুখন গ্ৰন্থৰ বিষয়ে উল্লেখ কৰে৷ বিগত সময়ত অসম আৰক্ষীয়ে লাভ কৰা সফলতা সন্দৰ্ভত তেওঁ কয় যে ইছলামধৰ্মী লোকৰ সহযোগিতাত অসম আৰক্ষীয়ে বিশেষভাৱে এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ মুছলমান লোকে দিয়া তথ্যৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here