Home স্থানীয় মঙলদৈত পশু চিকিৎসা বিষয়ক তিনিমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

মঙলদৈত পশু চিকিৎসা বিষয়ক তিনিমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

328
0

গণ বাৰ্তা,মঙলদৈ,১৭ মাৰ্চ:- নেহেৰু যুৱ কেন্দ্ৰ, দৰঙৰ উদ্যোগত,পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত সৰুথেকেৰাবাৰী মৌচুমী সংঘৰ সৌজন্যত আৰু অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ অধীনস্থ ব্যৱসায়িক প্ৰশিক্ষণ কেন্দ্ৰ, দলগাওৰ সহযোগত ‘Education in Basic Vocations on Animal Husbandry’ শীৰ্ষক বিষয়ৰ ওপৰত বিগত ১৫ ডিচেম্বৰ ‘২০২১ তাৰিখৰ পৰা আৰম্ভ হোৱা তিনি মহীয়া প্ৰশিক্ষন কাৰ্যসূচীৰ ১৫ মাৰ্চ মঙলবাৰে সফল সামৰণি পৰে। এই তিনিমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীত পশ্চিম মঙলদৈৰ বিভিন্ন স্থানৰ পৰা ৩০ জন যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে। এই প্ৰশিক্ষন কাৰ্যসূচীৰ সামৰণী উপলক্ষে মৌচুমী সংঘত আয়োজন কৰা হয় এটি সামৰণী অনুষ্ঠানৰ। অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে ডঃ জিতেন্দ্ৰ কুমাৰ নাথ, প্ৰবক্তা, ব্যৱসায়িক প্ৰশিক্ষন কেন্দ্ৰ, পশু চিকিৎসা বিভাগ অসম, দলগাওঁ দৰং, গাঁওপ্ৰধান বাবুল চন্দ্ৰ ডেকা, গাঁওৰক্ষী বাহিনীৰ সভাপতি প্ৰমোদ কুমাৰ শইকীয়া, বিশিষ্ট সমাজ সেৱক বুদ্ধিৰাম ডেকা, সংঘৰ সভাপতি শিৱ প্ৰসাদ ডেকা (শিক্ষক) সম্পাদক খনিন্দ্ৰ শইকীয়াৰ লগতে পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক দিব্যজ্যোতি ডেকা আৰু জয়শ্ৰী কলিতা। তিনি মহীয়া উক্ত প্ৰশিক্ষন  কাৰ্যসূচীত প্ৰশিক্ষন প্ৰদান কৰে ডঃ জিতেন নাথ আৰু পশু চিকিৎসা বিষয়া ডঃ ৰঞ্জন শৰ্মাই। সামৰণী অনুষ্ঠানৰ অন্তত প্ৰশিক্ষাথীসকলক এখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here