Home Main Stories বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্যমন্ত্ৰী : বড়োলেণ্ড টেক্সটাইল...

বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্যমন্ত্ৰী : বড়োলেণ্ড টেক্সটাইল মিছন-বড়োলেণ্ড মিল্ক মিছনৰ শুভাৰম্ভ

339
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ ডিচেম্বৰঃ বিটিআৰৰ নতুন পৰিষদীয় চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে আজি কোকৰাঝাৰৰ বডোফা নগৰস্থিত বড়োলেণ্ড সচিবালয়ৰ মুকলি পথাৰত আয়োজিত এক বৃহৎ ৰাজহুৱা সভাত  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি কয় যে নতুন বিটিআৰ প্ৰশাসনে গৌৰৱৰ সৈতে এবছৰ অতিক্ৰম কৰিলে। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু তেওঁৰ সহযোগীসকলক অভিনন্দন জ্ঞাপন কৰি তেওঁ কয় যে যোৱা এটা বছৰ অত্যন্ত কঠিন আৰু প্ৰত্যাহ্বানৰ সময় আছিল। এই প্ৰত্যাহ্বান অতিক্ৰমী বিটিআৰ প্ৰশাসনে শান্তিপূৰ্ণ পৰিৱেশেৰে উন্নয়নৰ এক নতুন দিগন্তলৈ ধাৱমান হোৱাৰ দিশে অগ্ৰসৰ হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে আজি বিটিআৰত কোনো অস্ত্ৰৰ শব্দ নাই। প্ৰতিটো ক্ষেত্ৰতে বিকাশে এটা নতুন গতি লাভ কৰিছে। ঐতিহাসিক বড়ো চুক্তি ৰূপায়ণৰ দিশত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২৭৭৪গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যক পুনৰ সংস্থাপনৰ বাবে সাহায্য প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ক অহা তিনি বছৰৰ ভিতৰত বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ সাধন কৰা হ’ব। তেওঁ লগতে কয় যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা কেম্পাছ ওদালগুৰিত স্থাপনৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰীয়ে কয় যে ২০২৩ চনৰ ১৫ আগষ্টত কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় ৰাইজৰ সেৱাৰ বাবে উৎসৰ্গিত কৰা হ’ব। তেওঁ লগতে কয় যে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্য  শীঘ্ৰে আৰম্ভ হ’ব আৰু তামুলপুৰেও জিলা হিচাপে আত্মপ্ৰকাশ কৰিব। ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছে বুলি উল্লেখ কৰি বড়োলেণ্ডৰ প্ৰকৃতি সংৰক্ষণৰ দিশত ৫০০ চোৰাং চিকাৰীয়ে অস্ত্ৰসহ আত্মসমৰ্পণ কৰাটো এক আশাৰ বতৰা বুলিও তেওঁ কয়। তেওঁ কয় যে চিৰাং আৰু বাক্সাত দুখন নতুন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰা হ’ব। বিটিআৰত ৪৯৪৯টা ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰ বিষয়টো উল্লেখ কৰি থলুৱাৰ ভূমিৰ অধিকাৰ সুনিশ্চিতকৰণৰ বাবে ‘বসুন্ধৰা’ৰ লেখীয়াকৈ এটা প’ৰ্টেল আৰম্ভ কৰিবলৈও তেওঁ বিটিচি প্ৰধানগৰাকীক আহ্বান জনায়। তেওঁ কয় যে বিটিচিৰ সীমা নিৰ্দ্ধাৰণৰ বাবে নতুন অধ্যক্ষ নিযুক্তি দিয়াৰ লগতে বড়ো ভাষাক সহযোগী ভাষা হিচাপে মৰ্যাদা দিয়াৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক ইতিমধ্যে বাস্তৱায়িত কৰিছে। মুখ্যমন্ত্ৰীয়ে নতুন দিনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি আত্মনিৰ্ভৰশীল বিটিআৰ তথা আত্মনিৰ্ভৰশীল অসম গঢ়াৰ দিশত অগ্ৰসৰ হ’বলৈ সকলোকে আহ্বান জনায়। তেওঁ কয় যে যুৱ শক্তিক গঠনমূলক আৰু ৰাষ্ট্ৰৰ  কল্যাণৰ হকে ব্যৱহাৰ কৰিব লাগিব।

আজিৰ প্ৰতিযোগিতামুখী যুগত নিজকে সেই দিশত উপযোগী কৰি তুলিব লাগিব বুলিও তেওঁ কয়। বিটিআৰৰ জীৱনধাৰাৰ যি পৰিৱৰ্তন আহিছে সেই পৰিৱৰ্তনক আৰু অধিক আগুৱাই নিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে বড়োলেণ্ড টে’টাইল মিছন আৰু বড়োলেণ্ড মিল্ক মিছনৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় ৰে’ল আৰু বস্ত্ৰ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী দৰ্শনা বিক্ৰম জৰদোচ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, কেইবাগৰাকীও বিধায়ক, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিটিআৰৰ উপ-মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ চন্দ্ৰ বসুমতাৰী  প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত নিৰাপত্তা বাহিনীসমূহৰ মুৰব্বী বিপিন ৰাৱাটসহ অন্যান্যসকলৰ স্মৃতিত এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয়।  অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰpৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কোকৰাঝাৰত ইনফৰমেশ্যন টেকন’লজি পাৰ্ক উদ্বোধন কৰে আৰু তাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here