Home Uncategorized ঈদুল-ফিতৰ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্চা

ঈদুল-ফিতৰ উপলক্ষে মুখ্যমন্ত্ৰীৰ শুভেচ্চা

347
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’ ঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঈদুল-ফিতৰ উপলক্ষে ৰাজ্যখনৰ ইছলাম ধৰ্মালৱম্বী লোকসকললৈ আন্তৰিক শুভেচ্চা জ্ঞাপন কৰিছে৷ আজি এক প্ৰেছ বিবৃতিযোগে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ৰমজান মাহৰ উপবাসৰ অন্তত পালিত ঈদুল-ফিতৰ উৎসৱ হ’ল ইছলাম ধৰ্মাৱলম্বী জনসাধাৰণৰ এক পৱিত্ৰ উৎসৱ৷ এই উৎসৱে আমাক সকলোকে মানৱতাবোধেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগোৱাৰ লগতে ত্যাগ, কৰুণা, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ মহান অনুভূতিৰে উদ্বুদ্ধ কৰে৷ ঈদুল-ফিতৰ পালনৰ জৰিয়তে আমাৰ মাজত বৰ্তি থকা শান্তি-সম্প্ৰীতি, একতাৰ বান্ধোন আৰু অধিক শক্তিশালী হৈ উঠিব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ এই উৎসৱ পালনৰ জৰিয়তে পাৰস্পৰিক বুজাবুজিৰে মানৱ কল্যাণৰ হকে কাম কৰিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here