
গণ বাৰ্তা, কয়াকুছি, পাকাবেতবাৰী, ১৬ মেঃ সম্প্ৰতি দ্বিতীয় বাৰৰ বাবে বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা জাকিৰ হুছেইন শিকদাৰলৈ কালি গুৱাহাটীস্থিত ওৱেব মিডিয়া ND24 ৰ পৰিয়ালে বিধায়কগৰাকীক এখন মানপত্ৰৰ লগতে অসমৰ স্বাভিমানী ফুলাম গামোছাৰে শুভেচ্ছা জনায়। সম্প্ৰতি সংবাদ গোষ্ঠীটোৱে বিধায়কগৰাকীক এনেদৰে সম্বৰ্ধনা জনোৱাত তেওঁ সংবাদ গোষ্ঠীটোক অশেষ ধন্যবাদ জ্ঞাপন কৰি তেখেতে অাৰু কয় যে, এইক্ষেত্ৰত অাচলতে কৃতিত্বৰ অধিকাৰী হ’ল একমাত্ৰ সৰুক্ষেত্ৰীবাসী। অাৰু সৰুক্ষেত্ৰীবাসীৰ মৰমৰ বাবেই আজি মই ইমানখিনি হবলৈ পাইছোঁ। সেয়ে সৰুক্ষেত্ৰীবাসীৰ ওচৰত মই আজীৱন কৃতজ্ঞ হৈ থাকিম বুলি তেওঁ মতপোষণ কৰে। উল্লেখ্য যে, বিধায়কগৰাকীক ND24ৰ তৰফৰ পৰা জনোৱা এনে শুভেচ্ছা পত্ৰ প্ৰদানত সমষ্টিবাসীৰ কংগ্ৰেছীমহলে উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।