গণবাৰ্তা ,ডিফু, 28 এপ্ৰিল: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্বি আংলং জিলাৰ লৰিনথেপিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱাৰ সময়তে সম্প্ৰতি অসম আৰক্ষীৰ জিম্মাত থকা গুজৰাটৰ যুৱ সাংসদ জিগনেশ মেৱানিক শীঘ্ৰেই মুকলি কৰি দিয়াৰ দাবীত জিলাখনৰ সদৰ চহৰ ডিফুত আজি কংগ্ৰেছ দলৰ তৰফৰ পৰা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। কংগ্ৰেছৰ ভালেসংখ্যক নেতা-কৰ্মীয়ে আজি জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মূখত দিনৰ 11 বজাৰ পৰা বিয়লি এক বজা পৰ্যন্ত অৱস্থান কৰি প্ৰতিবাদ সাব্যস্ত কৰে। হাতে হাতে বিধায়ক মেৱানিৰ প্ৰতিচ্ছবি প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লʼগানেৰে পৰিৱেশ উত্তৰাৰ কৰি তোলে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি চুম ৰংহাং, অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, গোলাপ শইকীয়া, ডাঃ মংৱে ৰংপি আদিয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ এটা সামান্য টুইটক কেন্দ্ৰ কৰি বিধায়ক গৰাকীক এনেদৰে আৱদ্ধ কৰি ৰখা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে। আজি কাৰ্বি আংলং জিলাত এখন ৰাজহুৱা সভাত অংশগ্ৰহণৰ বাবে অহা প্ৰধানমন্ত্ৰী গৰাকীক কঠোৰ সমালোচনাৰ লক্ষ্য কৰি লৈ কংগ্ৰেছৰ নেতা গৰাকীয়ে 2014 চনৰ পূৰ্বে পাৰ্বত্য জিলাবাসীক ভাৰতীয় সংবিধানৰ 244 (ক) অনুচ্ছেদৰ আধাৰত স্বায়ত্বশাসিত ৰাজ্য প্ৰদানৰ প্ৰস্তুতি কাৰ্যকৰী কৰাৰ আহ্বান জনায়।