Home Main Stories ‘কংগ্ৰেছৰ ডিএনএই নাই, কংগ্ৰেছ হতাশগ্ৰস্ত হৈছে’ – মন্ত্ৰী ৰঞ্জিত দাস : পি...

‘কংগ্ৰেছৰ ডিএনএই নাই, কংগ্ৰেছ হতাশগ্ৰস্ত হৈছে’ – মন্ত্ৰী ৰঞ্জিত দাস : পি এছ অ’ সংস্কৃতিটো বিজেপিৰ সংস্কৃতি নহয়; মুখ্যমন্ত্ৰীয়ে সত্য কথাকে কৈছে

500
0

বঙাইগাঁওঃ ২৮ ডিচেম্বৰঃ কংগ্ৰেছৰ ডি এন এই নাই ৷ কংগ্ৰেছ হতাশগ্ৰস্ত হৈছে৷ এই মন্তব্য ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ন তথা বঙাইগাঁও জিলাৰ অবিভাৱক মন্ত্ৰী ৰঞ্জিত দাসৰ৷ মঙলবাৰে বঙাইগাঁৱত অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত জিলাখনৰ প্ৰথম শ্ৰেণী হিতাধিকাৰীসকলক উদগনিমূলক সাহাৰ্যৰ চেক প্ৰদান আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থকাৰ পিছত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে ৷ সাংবাদিকে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰিপুণ বৰাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডি এন এত কংগ্ৰেছ আছে আৰু ৰন্ধ্ৰে ৰন্ধ্ৰে কংগ্ৰেছী সংস্কৃতি আছে বুলি কৰা মন্তব্য সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত এইদৰে কয় ৷ মন্ত্ৰী দাসে কয় যে ভাৰতীয় জনতা পাৰ্টি ১৯৮০ চনত গঠন হৈছে৷ গতিকে ভাৰতবৰ্ষৰ যিয়েই বিজেপি নকৰক কিয় তেওঁ বা তেওঁৰ পিতৃ- মাতৃয়ে আগতে বেলেগ দলকে ভোট দিছিল ৷ কাৰণ তেতিয়া জনসংঘ আছিল আৰু জনসংঘৰ পৰা ভাৰতীয় জনতা পাৰ্টি হ’ল৷ ভাৰতীয় জনতা পাৰ্টিৰ দৰ্শন, আদৰ্শ ভাল পাই চামে চামে দললৈ মানুহ আহি আছে৷ সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিৰ উনৈশ (১৯) কোটি পঞ্জীয়নভুক্ত সদস্য আছে ৷ঠিক সেইদৰে অসমত দলৰ ৪২ লাখ পঞ্জীয়নভুক্ত সদস্য আছে ৷ এই সদস্য সংখ্যা আমি আগন্তক দিনত ৫৬ লাখ কৰাৰ সিদ্ধান্ত লৈছোঁ ৷ গতিকে আৰু মানুহ আহিব ৷ তাৰমানে যে কংগ্ৰেছৰ ডি এন এ আছে সেয়া নহয়৷ কাৰণ কংগ্ৰেছৰ ডি এন এই নাই ৷ কংগ্ৰেছৰ ডি এন এ কেনেকৈ থাকিব ৷ আজি কংগ্ৰেছ হতাশগ্ৰস্ত হৈছে বুলিও  কয় ৷ আনহাতে মুখ্যমন্ত্ৰীয়ে পি এছ অ’ৰ ক্ষেত্ৰত কৰা মন্তব্য সন্দৰ্ভ মন্ত্ৰী দাসে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে উপলব্ধি কৰিছে যে কংগ্ৰেছত থকাৰ সময়ত কংগ্ৰেছৰ নেতাসকলক যধে মধে পি এছ অ’ দিছিলে আৰু চৰকাৰেও গ্ৰহণ কৰিছিল ৷ কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু এটা সংস্কাৰ আছে , সেয়ে বিজেপিৰ নেতাক তথা অসমত যিহেতু এতিয়া এটা ভাল পৰিৱেশ আৰু নতুন পৰিৱেশ আহিছে সেয়ে পি এছ অ’ নহ’লেও হয় বুলি কথাষাৰ কৈছিল ৷ মই তেওঁ কোৱা কথাষাৰৰ সন্মান জনাইছো আৰু সমৰ্থনো জনাইছো ৷ আগতে মই বিধায়ক হৈ থাকোতেওতো পি এছ অ’ লোৱা নাছিলো ৷ তথাপি বিধায়ক আৰু মন্ত্ৰীৰ ক্ষেত্ৰত কি কৰে চৰকাৰৰ এটা সিদ্ধান্ত আছে ৷ ডিজিপিয়ে নিৰাপত্তাৰ দিশটো চায় ৷ আগতে বিজেপিৰ জিলা সমিতিৰ সভাপতিয়েও পি এছ অ’ লৈছে ৷ তাৰ আগতেটো লোৱা নাছিল ৷ আমাৰ চৰকাৰ থাকিল বুলি জিলা সভাপতি হ’ব বা ৰাজ্যিকৰ কিবা এটা হলেই যে পি এছ অ’ ল’ব লাগিব, এই সংস্কৃতিটো আমাৰ সংস্কৃতি নহয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ সেয়া কংগ্ৰেছৰ সংস্কৃতি বুলি কৈছে ৷ তেওঁ সত্য কথাতে কৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই কথাক মই সমৰ্থন জনাইছো ৷ আনহাতে পৌৰসভা নিৰ্বাচনত বঙাইগাঁও জিলা বিজেপিয়ে অগপৰ সৈতে মিত্ৰতা নকৰে বুলি জিলা সভানেত্ৰীয়ে কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে মন্ত্ৰী দাসক সোধাত তেওঁ কয় যে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে কৈছে যে ৰাজ্যিক পৰ্যায়ত কোনো ধৰণৰ বুজাবুজি হোৱা নাই আৰু নকৰে ৷ এই বিষয়টো জিলা সমিতিসমূহৰ ওপৰতে এৰি দিছে ৷ জিলাসমূহে যদি মিত্ৰতা সন্দৰ্ভত প্ৰয়োজনবোধ কৰে তেতিয়াহলে মিত্ৰতাত আৱদ্ধ থাকিব আৰু যদি প্ৰয়োজনবোধ নকৰে তেতিয়াহলে জিলা সমিতিসমূহক অকলে নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্ৰহণৰ কথা কৈছে ৷এই বিষয়টো আমি সম্পূৰ্ণভাৱে জিলা সমিতিসমূহক এৰি দিছো ৷ ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা এই সন্দৰ্ভত আমাৰ কোনো নিৰ্দেশনা নাই৷ ইয়াৰ ফলত কংগ্ৰেছৰ লাভ নহয় বুলিও কয় ৷ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে পৌৰসভা নিৰ্বাচন আমি অকলে খিলিছো আৰু আমি এক নম্বৰত আছলো৷ গতিকে কংগ্ৰেছ লাভাম্বিত হ’ব বুলি কোনো কথা নাই ৷ কংগ্ৰেছ আছে বা ক’ত? বঙাইগাঁৱত কংগ্ৰেছ আছে নেকি?  জিকিলে অগপ জিকিব বা বিজেপি জিকিব৷ অগপইও আমাৰ প্ৰধানমন্ত্ৰী মোদীৰ কথা ক’ব, ডঃ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কথা ক’ব৷ বিজেপিয়েও একেখিনি কথাকে ক’ব৷ তাৰ ভিতৰত যিটো দলে ভাল ব্যক্তি দিব তেওঁ জিকিব৷ গতিকে অগপই হওক বিজেপিয়েই হওক দুটা দলেই থাকিব৷ কংগ্ৰেছ ক’ত আছে?  কংগ্ৰেছতো নাই ? বাঘবৰত আছে কংগ্ৰেছ ৷ কিন্তু থাকক, কি ক্ষতি হ’ব ? সেইদৰে জনিয়াত, পশ্চিম বিলাসীপাৰাত কংগ্ৰেছ আছে ৷ থাকক কি ক্ষতি হ’ল ৷ সেইবোৰত কংগ্ৰেছ থাকিব লাগে ৷ সেইবোৰত কংগ্ৰেছ আৰু এআইইউডিএফ আৰু এইবোৰত অগপ আৰু বিজেপি৷ এইধৰণৰ কথা বুলি মিচিকিয়া হাঁহি এটি মাৰি কয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে পি এছ অ’ সংস্কৃতিটো বিজেপিৰ সংস্কৃতি নহয় বুলি কৈ সেয়া কংগ্ৰেছৰ সংস্কৃতি বুলি কৰা মন্তব্যৰ পিচতে বৰ্তমান কংগ্ৰেছ আৰু বিজেপিৰ মাজত আৰম্ভ হৈছে নানা বক্তব্যৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ 

LEAVE A REPLY

Please enter your comment!
Please enter your name here