Home Main Stories মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

মূল্যবৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

132
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১০ জুলাই : পেট্ৰল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে‌। নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা কংগ্ৰেছৰ নেতা কৰ্মী সকলে চাইকেলেৰে এক প্ৰতিবাদী সমদল উলিয়াই। প্ৰতিবাদী কাৰ্যসূচী নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিধায়ক ক্ৰমে নুৰুল হুদা, শশী কান্ত দাস আৰু নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মাকে ধৰি ভালে সংখ্যক নেতা কৰ্মীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে নগাঁও কলেজৰ সমীপত সমবেত হৈ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, কংগ্ৰেছ জিন্দাবাদ আদি বিভিন্ন ধ্বনি দিয়া পৰিলক্ষিত হয়। শেহতীয়া ভাবে পেট্ৰল , ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী অস্বাভাৱিক মূল্য বৃদ্ধি হোৱাত কংগ্ৰেছ নেতা কৰ্মী সকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কংগ্ৰেছ নেতা কৰ্মী সকলে কয়, দুয়োখন চৰকাৰে পুজিপতিৰ স্বাৰ্থত কাম কৰি অহাৰ বাবেই মূল্য বৃদ্ধি ৰোধ কৰিবলৈ ইচ্ছুক নহয়। পুজিপতিক ৰঙা দলিছা পাৰি দুয়োখন চৰকাৰেই দৰিদ্ৰ আৰু মধ্যবিত্ত লোক সকলক জুৰুলা কৰিছে বুলি কংগ্ৰেছ দলে অভিযোগ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here