Home Main Stories কংগ্ৰেছৰ শীৰ্ষ পদত নাথাকিব গান্ধী পৰিয়াল ! ৰাহুল গান্ধীয়ে নাকচ কৰিলে অধ্যক্ষৰ...

কংগ্ৰেছৰ শীৰ্ষ পদত নাথাকিব গান্ধী পৰিয়াল ! ৰাহুল গান্ধীয়ে নাকচ কৰিলে অধ্যক্ষৰ পদ

156
0


নতুন দিল্লী, ২২ আগষ্ট ঃ কংগ্ৰেছৰ বৰ্তমানৰ অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীয়ে শাৰীৰিক অসুস্থতাৰ বাবে নেতৃত্ব পদৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লোৱাৰ পিছত কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী অধ্যক্ষ তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতেই এটা কথা স্পষ্ট হৈ পৰিছে যে এইবাৰ কংগ্ৰেছৰ শীৰ্ষ পদত নাথাকিব গান্ধী পৰিয়াল৷ কিয়নো কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ ৰাহুল গান্ধীয়ে দুনাই দলটোৰ অধ্যক্ষ পদ গ্ৰহণ নকৰোঁ বুলি ঘোষণা কৰিছে৷ তেওঁ অধ্যক্ষ পদ নাকচ কৰাৰ পিছত স্পষ্ট হৈছে যে এইবাৰ দলটোৰ শীৰ্ষ নেতৃত্বত থাকিব গান্ধীবিহীন পৰিয়ালৰ লোক৷ উল্লেখ্য যে কংগ্ৰেছৰ অধ্যক্ষ নিৰ্বাচনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ২০ ছেপ্টেম্বৰলৈ কংগ্ৰেছে নতুন অধ্যক্ষ পোৱাৰ সম্ভাৱনা আছে৷ ছোনিয়া গান্ধীয়ে এই পদৰ বাবে নিৰ্বাচিত দুটা দশকৰ পিছত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছে নতুন অধ্যক্ষক আদৰিবলৈ সাজু হৈছে৷ আশা কৰা হৈছে ৰাহুল গান্ধী এই পদৰ বাবে বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হ’ব৷ কিন্তু ৰাহুল গান্ধীয়ে অধ্যক্ষ পদ গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে৷ উল্লেখ্য যে ছোনিয়া গান্ধী সবাতোকৈ অধিক সময়লৈ কংগ্ৰেছৰ অধ্যক্ষৰ দায়িত্বত থাকে৷ ১৯৯৮১ পৰা ২০১৭লৈ তেওঁ অধ্যক্ষৰ দায়িত্বত থাকে৷ তাৰ পিছত পুত্ৰ ৰাহুল গান্ধীয়ে এই দায়িত্ব গ্ৰহণ কৰে যদিও যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছত সেই পদ ত্যাগ কৰে৷ ৰাহুল গান্ধীয়ে অধ্যক্ষৰ পদ ত্যাগ কৰাৰ পিছত পুনৰ ছোনিয়া গান্ধীক অন্তৰ্ৱৰ্তীকালীন অধ্যক্ষৰূপে নিৰ্বাচিত হয়৷ ইয়াক লৈ দলৰ ভিতৰচ’ৰাত এক ক্ষোভ দেখা পোৱা গৈছিল৷ বিজেপিয়েও ইয়াক কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ তেওঁলোকে ইয়াক পৰিয়ালবাদ বুলি উল্লেখ কৰে৷ কিন্তু এইবাৰ ছোনিয়া গান্ধীয়ে শাৰীৰিক অসুস্থতাৰ বাবে এই পদ গ্ৰহণৰ পৰা আঁতৰি আহিব বিচাৰিছে৷ সকলোৰে এতিয়া দৃষ্টি কন্যা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ ওপৰত আছে৷ আশা কৰা হৈছে তেওঁ দলটোৰ পৰৱৰ্তী অধ্যক্ষ হ’ব৷ কিন্তু বাতৰি অনুসৰি তেওঁ এই দায়িত্ব গ্ৰহণৰ পৰা আঁতৰি আছে৷ এনেস্থলত অগান্ধী পৰিয়ালৰ লোকহে দলটোৰ অধ্যক্ষ পদ শুৱনি কৰা আশা আছে৷ এই ক্ষেত্ৰত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম সবাতোকৈ অধিক চৰ্চাত আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here