Home যোৰহাট নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই বেৰত বৃহৎ বৃহৎ ফাঁট: নাগিনীজানত...

নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই বেৰত বৃহৎ বৃহৎ ফাঁট: নাগিনীজানত নিম্নমানেৰে নিৰ্মাণ ২৫ লাখটকীয়া সাংস্কৃতিক সভাগৃহ

74
0


গণ বাৰ্তা, মৰিয়নী, ৫ অক্টোবৰ: মৰিয়নী বিধানসভা সমষ্টিৰ উন্নয়নৰ বাবেই কংগ্ৰেছ দল এৰি বিজেপিলৈ ঢাপলি মেলা ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ ১৫ বছৰীয়া বিধায়কৰ সময়ছোৱাত প্ৰকৃততে সমষ্টিটোত কিমান উন্নয়ন সাধিলে সেয়া সম্প্ৰতি আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।  উন্নয়নৰ নামচ্ঞ প্ৰকৃততে কি চলিছে সেয়া কেতবোৰ কামৰ পৰাই অনুমান কৰিব পাৰি। শেহতীয়াকৈ তথাকথিত উন্নয়নৰ নামত হোৱা একাংশ দুৰ্নীতিৰ বিষয়ে পোহৰলৈ আহিছে। সমষ্টিটোৰ নাগিনীজান অঞ্চলত নিৰ্মাণ কৰা এটা সাংস্কৃতিক সভাগৃহ অতি নিম্ন মানেৰে নিৰ্মাণ কৰাৰ বিষয়ে জানিব পৰা গৈছে। সীমান্ত উন্নয়ন পুঁজিৰ প্ৰায় ২৫ লাখ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই সাংস্কৃতিক সভাগৃহটোৰ নিৰ্মাণকাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই। কিন্তু নিৰ্মাণকাৰ্য সম্পূৰ্ণ নৌহওঁতেই সভাগৃহটোৰ বেৰত ছিৰাল ফাট দিয়া দেখা গৈছে । অনুৰূপধৰণে অতি নিম্নমানেৰে নিৰ্মাণ কৰাৰ বাবেই সভাগৃহৰ ভিতৰৰ ৱালত  হাত দিলেই বখলা বখলে প্লাষ্টাৰ এৰাই যোৱা দেখা গৈছে । চিমেন্টৰ অস্তিত্বই পাবলৈ নাই এইসমূহ ৱালাত। উল্লেখ্য যে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ যোৰহাট (গৃহ) সংমণ্ডলৰ অন্তৰ্গত তিতাবৰ উপ-সংণ্ডলৰ অধীনত এই গৃহটোৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছে। যোৱা ২০২০ বৰ্ষৰ ১৬ অক্টোবৰত মৰিয়নীৰ প্ৰাক্তন  বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই সভাগৃহটোৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰ পিছত লোকনিৰ্মাণ বিভাগৰ তত্ত্বাৱধানত ঠিকাদাৰে গৃহটোৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ কৰি তুলিলে যদিও সম্পূৰ্ণ নিম্ন মানেৰে নিৰ্মাণ কৰাৰ ফলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাই এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আটছাৰ মৰিয়নী শাখাই এই সন্দৰ্ভত লোকনিৰ্মাণ বিভাগৰ তিতাবৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তাক এখন স্মাৰক-পত্ৰ প্ৰদান কৰি এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। আটছাৰ মৰিয়নী শাখাৰ সহকাৰী সম্পাদক উৎপল তাঁতীয়ে এই সন্দৰ্ভত জানিবলৈ দি কয়-ৰাইজৰ বাবে ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা গৃহটো অতি নিম্ন মানেৰে নিৰ্মাণ কৰা হৈছে। আনকি তাত ব্যৱহাৰ কৰা বালিও পুঠি নদী আৰু জাঁজী নৈৰ পৰা চোৰাংকৈ লোৱা বুলি অভিযোগ উত্থাপন কৰিছে। যাৰ ফলত নতুন গৃহটোৰ বেৰসমূহত বৃহৎ বৃহৎ ফাট মেলিছে আৰু বেৰৰ প্লাষ্টাৰো খহি পৰিছে। আটছাই এই ক্ষেত্ৰত গৃহটো নিৰ্মাণ কৰা ঠিকাদাৰৰ বিৰুদ্ধে তদন্ত কৰিবলৈও দাবী জনাইছে। তদুপৰি প্ৰাককলন অনুসৰি সভাগৃহটোৰ নিৰ্মাণকাৰ্য সুন্দৰভাৱে সম্পূৰ্ণ কৰি তুলিবলৈও আটছাই দাবী জনাইছে। এনেবোৰ কাৰ্যৰ দ্বাৰাই মৰিয়নী সমষ্টিৰ উন্নয়নৰ নামৰ প্ৰকৃততে কি হৈ আছে সেই কথাবোৰ উন্মোচিত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here