Home অসম ২ , ৩ ডিচেম্বৰত নিৰ্মাণ কাম বন্ধ ঘোষণা শ্ৰমিক ইউনিয়নৰ

২ , ৩ ডিচেম্বৰত নিৰ্মাণ কাম বন্ধ ঘোষণা শ্ৰমিক ইউনিয়নৰ

112
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ নৱেম্বৰ :
অহা ২ আৰু ৩ ডিচেম্বৰত দেশজুৰি নিৰ্মাণ শ্ৰমিকে পালন কৰিব ধৰ্মঘট৷ অসমতো চিআইটিইউৰ অন্তৰ্ভুক্ত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে অসমৰনিৰ্মাণ ক্ষেত্ৰত কৰ্মৰত শ্ৰমিকসকলক উক্ত দুয়োটা দিনত সকলো নিৰ্মাণ কাম বন্ধ ৰখাৰ আহ্বান জনাইছে৷ আজি এক বিজ্ঞপ্তিযোগে সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ ৰাজ্যিক সাধাৰণ সম্পাদক মদন তালুকদাৰে জনায় যে নিৰ্মাণ শ্ৰমিক কল্যাণ আইনৰ স্বকীয়তা ৰক্ষাৰ দাবীত অসমৰ সকলো জিলাতেনিৰ্মাণ শ্ৰমিকসকলে নিৰ্মাণ কাম বন্ধ ৰাখিব আৰু উক্ত দুয়োটা দিনতে সংগঠনৰ পক্ষৰ পৰা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব৷ তালুকদাৰে জনায় যে নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষাৰ দাবীত চি আই টি ইউৱে সমগ্ৰ দেশতে ধাৰাবাহিক আন্দোলন সংগঠিত কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰে ১৯৯৬ চনত গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈ পৰিছিল৷ বৰ্তমান সকলো ৰাজ্যতে এই আইনৰ ভিত্তিত পৰিষদ গঠন হৈছে আৰু তেনে পৰিষদৰ জৰিয়তে নিৰ্মাণ শ্ৰমিকসকলে সামান্য পৰিমাণে পেঞ্চন, ল’ৰা-ছোৱালীৰ শিক্ষা সাহায্য, চিকিৎসা সাহায্য, মৃত শ্ৰমিকৰ পৰিয়াললৈ সাহায্য আদি সুবিধা আদায় পাবলৈ সক্ষম হৈছে৷ অসমত এই আইনখন কাৰ্যকৰী কৰিবলৈ সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে প্ৰায় ১৪ বছৰ আন্দোলন কৰিছিল৷ শেষত ২০১০ চনৰ পৰা অসমতো আইনখন প্ৰয়োগ হয় আৰু নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ গঠন কৰাৰ মাজেৰে অসমৰ নিৰ্মাণ শ্ৰমিকসকলে কিছু পৰিমাণে আইনগত সুবিধাবোৰ আদায় পাবলৈ আৰম্ভ কৰে৷ পৰিতাপৰ কথা যে বিজেপি দলৰ চৰকাৰ অহাৰ পিছত দেশত প্ৰচলিত শ্ৰম আইনসমূহ সংস্কাৰৰ নামত নিৰ্মাণ শ্ৰমিক কল্যাণ আইনখনো কোডত ৰূপান্তৰ কৰি¸ ধবংসৰ পিনে ঠেলি দিলে৷ আনপিনে, অসমত বিজেপি চৰকাৰৰ নেতৃত্বত নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে সংগৃহীত পুঁজি নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে খৰচ হোৱাৰ বিপৰীতে অন্য শিতানতহে বেছিকৈ খৰচ কৰা প্ৰৱণতা বৃদ্ধি পাইছে৷ চৰকাৰখনে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বিষয়টোৰ পৰা আঁতৰি গৈ জধেমধে নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিকো নিৰ্মাণ শ্ৰমিক বুলি পঞ্জীয়ন কৰাত লাগি পৰিছে৷ বিজেপিয়ে নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে আইন অনুসৰি জমা হোৱা টকাবোৰ যাকে তাকে বিতৰণ কৰাৰ মাজেৰে ৰাজনৈতিক স্বাৰ্থসিদ্ধি কৰাত লাগি পৰিছে৷ বিপৰীতে প্ৰকৃত নিৰ্মাণ শ্ৰমিকে আইনগত সা-সুবিধাৰ প্ৰ-পত্ৰ পূৰণ কৰিও সময়মতে হিতলাভ আদায় পোৱা নাই৷ চৰকাৰে সৃষ্টি কৰা কিছুমান অসাধু ব্যক্তিয়ে প্ৰকৃত নিৰ্মাণ শ্ৰমিকক বঞ্চিত কৰি তেওঁলোকৰ সা-সুবিধাবোৰ নিৰ্মাণ শ্ৰমিক নোহোৱা ব্যক্তিক আগতীয়াকৈ আদায় কৰি দিয়া দেখিবলৈ পোৱা গৈছে৷ বিজেপি চৰকাৰৰ এনে আইন ধবংসকাৰী কাৰ্যৰ বিৰুদ্ধে যোৱা সময়ছোৱাত সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নে বহু প্ৰতিবাদ কৰিছে৷ বজেপি চৰকাৰ ভুল নীতিৰ বাবে শ্ৰমজীৱী মানুহৰ নিত্যব্যৱহাৰ্য সামগ্ৰীৰ লগতে নিৰ্মাণ সামগ্ৰীৰো অত্যধিক হাৰত দাম বৃদ্ধি ঘটি আছে৷ যাৰ ফলত দেশৰ নিৰ্মাণ কাম বহু পৰিমাণে বন্ধ হৈ পৰিছে আৰু শ্ৰমিকসকলে কাম নোপোৱাৰ অৱস্থা সৃষ্টি হৈছে৷ চৰকাৰখনে নিৰ্মাণ খণ্ড, বেংক, বীমা, ভাৰতীয় ৰে’লকে ধৰি দেশৰ লাভজনক খণ্ডবোৰ ব্যক্তিগত পুঁজিপতিৰ হাতত বিক্ৰী কৰিবলৈ লৈছে৷ চৰকাৰৰ এনে নীতিৰ বিৰুদ্ধে দেশৰ সকলো শ্ৰমিক-কৃষক সংগঠনে ধাৰাবাহিক আন্দোলন চলাই আছে৷ এনে আন্দোলন ধবংসৰ বাবে চৰকাৰখনৰ উদ্যোগতে জাতি, ধৰ্ম, ভাষা আদিৰ নামত শ্ৰমজীৱী মানুহৰ ঐক্য বিনষ্ট কৰাৰ চেষ্টা চলিছে৷ চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাই নিৰ্মাণ শ্ৰমিকৰ সুৰক্ষা তথা দেশক ৰক্ষাৰ স্বাৰ্থত প্ৰতিগৰাকী নিৰ্মাণ শ্ৰমিকে ঐক্যবদ্ধ হ’ব আৰু বৃহত্তৰ আন্দোলন গঢ়ি তুলিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here