Home স্থানীয় কভিড কালত ৰাজ্যৰ টেলিকম কোম্পানী সমূহৰ অৱদান: শিক্ষাৰ্থীৰ পৰা গৃহিনীলৈকে সকলোকে সহায়

কভিড কালত ৰাজ্যৰ টেলিকম কোম্পানী সমূহৰ অৱদান: শিক্ষাৰ্থীৰ পৰা গৃহিনীলৈকে সকলোকে সহায়

30
0

গণবাৰ্তা বিশেষ, যোৰহাট ১৫ মে’ : কভিডৰ গণ সংক্ৰমনে ৰাজ্যখনত আতংকময় পৰিৱেশ সৃষ্টি কৰা সময়তে কভিডৰ বিৰুদ্ধে যুজ দি আছে ফ্ৰন্ট লাইন ৱাৰিয়ৰ হিচাপে বিভিন্ন বিভাগৰ কৰ্মচাৰী সকলে| সেয়া স্বাস্থ্য বিভাগৰে হওক অথবা আৰক্ষী সংবাদকৰ্মীকে ধৰি বিভিন্ন জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি সকলেই হওক| এই যোদ্ধা সকলৰ ভিতৰত এক শ্ৰেণীৰ যোদ্ধা আছে যি সকলে অতি নিয়াৰিকৈ নিজৰ কাম সম্পাদন কৰি সমগ্ৰ কভিড সৃষ্ট পৰিৱেশটো নিয়ন্ত্ৰন কৰাত সকলো পক্ষকে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে সহায় কৰি আহিছে| ৰাজ্যৰ টেলিকম বিভাগৰ কৰ্মচাৰী সকলে নিজৰ জীৱনৰ কথা চিন্তা নকৰি অতি সততাৰে পালন কৰি গৈছে নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য| কভিডৰ প্ৰতিটো খবৰ বা কভিড সৃষ্ট পৰিৱেশ নিয়ন্ত্ৰনৰ বাবে অতি প্ৰয়োজন ইন্টাৰনেট সেৱা আৰু মোবাইল সেৱা কোনো বিজুতি নোহোৱাকৈ আগবঢ়াই অহাৰ ক্ষেত্ৰত এই কৰ্মচাৰী সকলৰ ত্যাগ আৰু অৱদান অনস্বীকাৰ্য্য| ইয়াৰোপৰি সান্ধ্য আইনৰ সময়চোৱাত মানসিক আনন্দৰ দ্বাৰা প্ৰতিজন ব্যক্তি ঘৰতে থাকিব পৰাকৈ মোবাইল নেটৱৰ্ক উন্নত কৰি ৰখাৰ উপৰিও ৰাজ্যত বৰ্তমান অনলাইন শিক্ষাৰ যি ব্যৱস্থা উক্ত ব্যৱস্থাত ব্যাঘাত নোহোৱাকৈ চলাই যাবৰ বাবে প্ৰত্যক্ষ ভাৱে সহায় কৰিছে টেলিকম কোম্পানী সমূহৰ কৰ্মচাৰী সকলে| কেৱল ইমানেই নহয় অৰ্থনৈতিক ব্যৱস্থা সুকলমে ৰাখিবৰ বাবে বিভিন্ন কোম্পানী সমূহৰ বিষয়া সকলৰ অনলাইন সভা সমূহৰ ক্ষেত্ৰতো পৰোক্ষ অৰিহনা থাকে এই সকল কৰ্মচাৰীৰ| মুঠৰ ওপৰত কভিডৰ যুদ্ধ খনত প্ৰথম শাৰীৰ যোদ্ধা হিচাপে স্বাস্থ্য কৰ্মী, আৰক্ষী, দুৰ্য্যোগ প্ৰশমন আদি বিভিন্ন বিভাগৰ কৰ্মচাৰীৰ সমানেই টেলিকম কোম্পানী সমূহৰো কৰ্মচাৰী সকলক ধন্যবাদ জনাইছে সাধাৰণ ৰাইজে|

LEAVE A REPLY

Please enter your comment!
Please enter your name here