Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় হিন্দী ভাষা জানিলেই যদি চাকৰি হয় , তেন্তে হিন্দী ভাষীয়ে কিয় বিক্ৰী...

হিন্দী ভাষা জানিলেই যদি চাকৰি হয় , তেন্তে হিন্দী ভাষীয়ে কিয় বিক্ৰী কৰি আছে পানী পুৰী : তামিলনাডুৰ মন্ত্ৰীৰ বিতৰ্কিত মন্তব্য

49
0


চেন্নাই, ১৩ মে’ ঃ হিন্দী ভাষা জানিলেই যদি চাকৰি হয়, তেন্তে হিন্দীভাষী লোকসকলে ৰাজ্যৰ ভিতৰত কিয় পানী পুৰি বিক্ৰী কৰি থাকিবলগীয়া হৈছে৷– এই বিতৰ্কিত মন্তব্য কৰিছে তামিলনাডুৰ শিক্ষামন্ত্ৰী পোনমুদীয়ে৷ ভাৰতীয়াৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশ লৈ তামিলনাডুৰ উচ্ছ শিক্ষামন্ত্ৰী পোনমুদীয়ে কয় যে কোনোৱে কৈছিল যে হিন্দী ভাষা জানিলে চাকৰি পাব৷ হিন্দী ভাষা জনাসকলে চাকৰি পালে নেকি বুলি প্ৰশ্ন কৰি তেওঁ কয় যে আমাৰ চহৰৰ হিন্দী ভাষা কোৱা লোকসকলে পানী পুৰী বিক্ৰী কৰি থাকিবলগীয়া হৈছে৷ পানী পুৰী বিক্ৰী কৰি পেট পোহপাল দি আছে৷ যদি হিন্দী ভাষা জানিলেই কৰ্মসংস্থাপন লাভ কৰে, তেন্তে হিন্দী ভাষা জনাসকলে কিয় পানী পুৰী বিক্ৰী কৰি থাকিবলগীয়া হৈছে৷ তেওঁ কয়– তামিলনাডুত তামিল স্থানীয় ভাষা আৰু ইংৰাজী আন্তঃৰাষ্ট্ৰীয় ভাষা৷ বৈচিত্ৰ্যৰ মাজত একতাৰ বাবেই ইয়াত বহুতো সংস্কৃতিৰ ভাষা আছে৷ তামিলনাডুত আমাৰ নিজা শিক্ষা ব্যৱস্থা অনুসৰি আগবঢ়া উচিত৷ নতুন শিক্ষানীতিৰ ভাল দিশসমূহ আদৰি লোৱাৰ প্ৰয়োজন আৰু সেই অনুসৰি নিজকে সাজু কৰা উচিত৷ ৰাজ্য চৰকাৰৰ নিজা শিক্ষানীতি অনুসৰি দুটা ভাষাৰ ফৰ্মূলা অব্যাহত ৰাখিব৷ কিন্তু হিন্দী বাধ্যতামূলক কৰা নহ’ব৷ হিন্দী ভাষা জাপি দিয়াটো সহ্য কৰা নহ’ব৷ এয়া গৰিহণাৰ যোগ্য বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে তামিলনাডু সমগ্ৰ দেশৰ ভিতৰত শিক্ষা পদ্ধতিৰ শীৰ্ষস্থানত আছে৷ তামিল ছাত্ৰসকলে যিকোনো ভাষা শিকিবলৈ সাজু, কিন্তু হিন্দীক এক বিকল্প ভাষা হিচাপে ল’ব লাগে৷ কিন্তু বাধ্যতামূলক কৰিব নালাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here