Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কোৰোনাৰ হটস্পট সংসদ ভৱন, ৪০০ কৰ্মচাৰী ক’ভিড প’জিটিভ, ৰাজ্যসভাৰ ৫০% বিষয়াই কৰিব...

কোৰোনাৰ হটস্পট সংসদ ভৱন, ৪০০ কৰ্মচাৰী ক’ভিড প’জিটিভ, ৰাজ্যসভাৰ ৫০% বিষয়াই কৰিব ৱৰ্ক ফ্ৰম হোম

123
0


নতুন দিল্লী, ৯ জানুৱাৰী: কোৰোনা মহামাৰীয়ে পুনৰ ভয়াৱহতাৰ সৃষ্টি কৰিছে ভাৰতত৷ কোৰোনাৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ আতংকৰ মাজতেই দৈনিক ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা হোৰাহোৰে বৃদ্ধি পাবলৈ ধৰিছে৷ পৰিস্থিতি পুনৰাই এনে এক পৰ্যায় পাইছেগৈ যে দেশৰ প্ৰায়সংখ্যক ৰাজ্যই নিজাববীয়াকৈ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন অথবা স্কুল-কলেজ বন্ধৰ ঘোষণা কৰিছে৷ পুনৰাই দেশত স্বাভাৱিক জীৱন যাত্ৰাত ব্যাঘাত জন্মিছে৷ আশংকা কৰা হৈছে যে ভাৰতত ক’ভিড-১৯ ৰ তৃতীয় লহৰ আৰম্ভ হৈছে৷ ইয়াৰ মাজতেই সংসদ ভৱনত কোৰোনাৰ বিস্ফোৰণ ঘটিছে৷ সংসদ ভৱনত কৰ্মৰত ৪০০তকৈ অধিক কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষী ক’ভিড প’জিটিভ হৈছে৷ যাৰ বাবে সংসদ ভৱনত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে৷ উল্লেখ্য যে ৰাজধানী দিল্লীত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ এনে সময়ছোৱাতেই সংসদ ভৱনত কৰ্মৰত ৪০০ কৰ্মচাৰী ক’ভিড প’জিটিভ হোৱাত ক’ভিড পৰিস্থিতিয়ে ৰাজধানী দিল্লীত কেনে এক পৰিস্থিতিৰ সৃষ্টি কৰিছে ইয়াৰ পৰাই অনুমান কৰিব পৰা যায়৷ যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ১,৫৯,৬৩২জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ইয়াৰ ফলত দেশত সক্ৰিয় ক’ভিড আক্ৰান্তৰ সংখ্যা ৯,৯০,৬১ৰজনলৈ বৃদ্ধি পাইছে৷ আনহাতে, ক’ভিডৰ বাবে ৰাজ্যসভাত ৫০শতাংশ বিষয়াই ৱৰ্ক ফ্ৰম হোম কৰিব৷ প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্যসভাৰ সচিবালয়ত ৬৫, লোকসভা সচিবালয়ত কমেও ২০০ আৰু সংসদ ভৱনত কাম কৰা ১৩৩জন লোক চ্ছ্ৰ-জ্জ্ব জানুৱাৰীৰ ভিতৰত ক’ভিড প’জিটিভ হৈছে৷ ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুৱে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ সংসদৰ বিষয়াসকলৰ বৈঠক ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত হ’ব বুলি উল্লেখ কৰিছে৷ লগতে শাৰীৰিকভাৱে সক্ষম বিষয়া আৰু গৰ্ভৱতী মহিলাসকলক কাৰ্যালয়ত উপস্থিত হোৱাৰ পৰা ৰেহাই দিছে৷ ইয়াৰ উপৰি ১,৩০০ বিষয়া আৰু কৰ্মচাৰীৰ ক’ভিড টেষ্ট কৰা হয়৷ যিসকল ক’ভিড প’জিটিভ হৈছে সেইসকলৰ স্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰখা হ’ব আৰু প্ৰয়োজনত হাস্পতালত ভৰ্তি কৰোৱা হ’ব আৰু চিকিৎসা ব্যয়ত সহায় কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here