Home অসম খাৰুপেটীয়াত কৃষকৰ ধান ক্ৰয় কেন্দ্ৰৰ দুৰ্নীতি

খাৰুপেটীয়াত কৃষকৰ ধান ক্ৰয় কেন্দ্ৰৰ দুৰ্নীতি

178
0


গণ বাৰ্তা, খাৰুপেটীয়া, ১ এপ্ৰিল : দৰঙৰ খাৰুপেটীয়াৰ ধান ক্ৰয় কেন্দ্ৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ সংখ্যালঘু সংগঠন আৰু একাংশ কৃষকৰ৷ দুৰ্নীতিৰ তথ্য একাংশ সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ পোৱাৰ পিছত দৰঙৰ খাৰুপেটীয়াৰ ধান ক্ৰয় কেন্দ্ৰত চলিল তদন্ত৷ উল্লেখ্য যে গুৱাহাটীৰ ধান ক্ৰয় কোম্পানীৰ এগৰাকী মহিলা বিষয়াই তদন্তৰ তথ্য নিদিলে উপস্থিত সাংবাদিকক৷ সাংবাদিকে দুঘণ্টা অপেক্ষাৰ পিছত মহিলা বিষযাগৰাকীয়ে মেনেজাৰৰ কাৰ্যালয়ৰ পৰা ওলাই ধানৰ গুদাম চাবলৈ লওঁতে সাংবাদিকৰ কেমেৰাৰ ল’গ’ দেখি সাংবাদিকৰে দূৰত্বত আঁতৰি গৈ ক’লে এইবোৰ ভাল নাপাওঁ, কেমেৰা বন্ধ কৰক, ভিডিঅ’ নকৰিব ইত্যাদি৷ প্ৰকৃতাৰ্থত দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ ভয়ত তদন্তকাৰী বিষয়াগৰাকীয়ে সাংবাদিকক নিদিলে সাক্ষাৎ, নিদিলে কোনো তথ্য৷ উল্লেখ্য যে এজন কৃষকে আৰম্ভণিতেই ধান দিয়াৰ বাবে কৃষক পঞ্জীয়নভুক্ত আবেদন-পত্ৰ ধান ক্ৰয় কেন্দ্ৰত জমা দি ঘূৰোঁতে ঘূৰোঁতে আঢ়ৈ মাহৰ পিছত ৮২ কুইণ্টল ৭০ কেজি দিছিল যদিও তাৰে প্ত কুইণ্টল ১০ কেজি ধান ঘাটি [কম] দেখুৱাইছিল৷ কেন্দ্ৰটোৰ মেনেজাৰে প্ৰতি মোন অৰ্থাৎ ৪০ কেজি ধানৰ বস্তাত ৪২ কেজিকৈ ধান জোখত নি আহিছে কৃষকৰ পৰা৷ আৰ আলতাব আলী নামৰ কৃষক এজনৰ পৰাও উল্লিখিতধৰণে ধান ক্ৰয় কৰে৷ অৰ্থাৎ প্ৰতি কুইণ্টলত ৬ কেজিকৈ ধান কম দেখুৱাই লুণ্ঠনৰাজ চলাই আহিছে খাৰুপেটীয়াৰ ধান ক্ৰয় কেন্দ্ৰৰ মেনেজাৰে৷ তাৰ মাজতে যিজন কৃষকে কমিছন বেছিকৈ দিয়ে তাকেই অগ্ৰাধিকাৰ দিয়াৰ অভিযোগ কৃষকৰ আৰু এই সুযোগ লৈ বেপাৰীসকলেই কমিছনেৰে ধান দি অহাত বঞ্চিত হৈছে বহুতো কৃষক৷ কেইদিনমান পূৰ্বে সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছত কালি গুৱাহাটীৰ নাম পৰিচয় দিয়াৰ পৰা দূৰত থকা এগৰাকী মহিলা বিষয়াই খাৰুপেটীয়াৰ ধান ক্ৰয় কেন্দ্ৰত উপস্থিত হৈ অভিযোগকাৰীজনৰ কম হোৱা ধান ঘণ্টাৰ পিছতো হিচাপত মিলাব নোৱাৰি সাংবাদিকৰ পৰাও থাকিল আঁতৰত৷ খাৰুপেটীয়াত কিমানজন কৃষকৰ আবেদন পঞ্জীয়নভুক্ত হৈছে, কিমানজন কৃষকে ধান দিবলৈ পালে খাৰুপেটীয়াত ধান ক্ৰয়ৰ টাৰ্গেট কিমান ইত্যাদি তথ্য দিয়াৰ পৰাও সাংবাদিকৰে দূৰত থাকিল মহিলা বিষযাগৰাকী৷ বহুবাৰ সোধাৰ পিছতো বিষয়া মহিলাগৰাকীৰ নামটোও নক’লে কোনেও৷ উল্লেখ্য যে ইফালে নিজৰ দুৰ্নীতিৰ তথ্য ফাদিল হোৱাৰ পিছত মেনেজাৰজনে একাংশ কৃষকৰ জৰিয়তে মেনেজাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ বাতৰি কৰিবলৈ খাৰুপেটীয়া প্ৰেছ ক্লাবত এখনি আবেদন-পত্ৰ দিয়াও দেখা গৈছে৷ য’ত মহিলাগৰাকীয়েও স্বাক্ষৰ কৰিছে৷ লগতে আবেদন-পত্ৰখনত স্বাক্ষৰিত কৃষকসকলৰ কেইজনমান কৃষক হয়নে নহয় তাতেই সন্দেহ আছে বুলিও একাংশই অভিযোগ উত্থাপন কৰিছে৷ ইফালে, ধান জমা দিয়াৰ পৰিমাণতকৈ পাঁচ কুইণ্টলৰো অধিক পৰিমাণৰ ধান কম পোৱা কৃষক জনৰ স্বাক্ষৰিত জবানবন্দীত তদন্তকাৰী বিষয়াগৰাকীৰ উপস্থিতিত প্ৰায় তিনি কুইণ্টল ধান কৃষকজনে হিচাপত ঘূৰাই পোৱা তথ্য প্ৰাপ্ত জবানবন্দীৰ কাগজত উল্লেখ আছে৷ এই তদন্তৰ পিছত কৃষকজনেই ফাদিল কৰিছে সেই তথ্য৷ ইয়াৰ পিছত বিভাগীয় উচ্ছপদস্থ বিষয়া আৰু মন্ত্ৰী অতুল বৰা আৰু দুৰ্নীতিৰ শূন্য সহনশীলৰ শ্লোগান দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি পদক্ষেপ গ্ৰহণ কৰে সেইটো হ’ব লক্ষণীয়৷ আনহাতে , কৃষকসকলে কৃষকসকলৰ ধান ক্ৰয়ৰ ব্যবস্থা কৰা, ধান কমকৈ নেদেখুওৱা, কমিছনৰাজ বন্ধ কৰা, কৃষকক অগ্ৰাধিকাৰ দিয়া, কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত ভিত্তিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় খাৰুপেটীয়াৰ কৃষক ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here