ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ মাৰ্চ ঃ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে ১,৩৯৫.২৬ লাখ টকাৰ ওপৰত কৰ্তন প্ৰস্তাৱ আনি আজি বিভাগটোত চলা দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ। ৰাজ্যত খোৱাপানী যোগানৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগত অতিৰিক্ত ১,৩৯৫.২৬ লাখ আবণ্টনৰ বাবে প্ৰস্তাৱ উত্থাপন কৰাৰ পিছত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, অখিল গগৈ, চিপিআইএমৰ মনোৰঞ্জন তালুকদাৰে কৰ্তন প্ৰস্তাৱ উত্থাপন কৰে। কৰ্তন প্ৰস্তাৱ উত্থাপন কৰি বিধায়ক অখিল গগৈয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগত বিভিন্ন আঁচনিৰ নামত চলা ব্যাপক দুৰ্নীতি প্ৰসংগ উত্থাপন কৰে। ৰাইজৰ দলে অসমৰ ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰাটো বিচাৰে যদিও বিভাগটোৰ কাম-কাজক লৈ মুঠেও সন্তুষ্ট নহয় বুলি উল্লেখ কৰে। বছৰ বছৰ ধৰি পানী যোগানৰ নামত কোনো এখন আঁচনি সঠিক ৰূপত কাৰ্যকৰী নোহোৱা বুলি তেওঁ উল্লেখ কৰে। আনকি ব্ৰহ্মপুত্ৰৰ দৰে নদী থকাৰ পিছতো এতিয়ালৈকে এটাও পানী যোগান কেন্দ্ৰ নাই বুলি উল্লেখ কৰে। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নদী সংযোগৰ কথা উল্লেখ কৰিছে যদিও ৰাজ্যৰ বিভিন্ন নদীৰ পৰা বিশুদ্ধ খোৱাপানী যোগানৰ বাবে কোনো আঁচনি নাই বুলিও উল্লেখ কৰে। বিগত সময়ছোৱাত স্বচ্ছ ভাৰত অভিযানৰ নামত ৰাজ্যত ব্যাপক কেলেংকাৰী সংঘটিত হৈছে বুলি উল্লেখ কৰাৰ লগতে কেৱল হাত ধোৱাৰ উপকাৰিতা প্ৰচাৰৰ বাবে দেৱাল লিখন, পোষ্টাৰ আৰু কমিক্স ছপোৱাৰ বাবদ কোটি কোটি টকা লুণ্ঠন কৰা হ’ল বুলি অভিযোগ উত্থাপন কৰে।
অকল কমিক্সৰ নামতেই ডয়মণ্ড এডভাৰ্টাইজিং প্ৰাইভেট লিমিটেডে ৫ কোটি টকা উলিয়াই নিছে বুলি তেওঁ অভিযোগ কৰে। তদুপৰি এম এছ শিৱম প্ৰাইভেট লিমিটেডে চন্দ্ৰপুৰ-মায়ঙত পানী যোগানৰ নামত ২০০ কোটি টকা উলিয়াই নিছে বুলি উল্লেখ কৰে। জলজীৱন আঁচনি ৰূপায়ণৰ বাবদ ধন আবণ্টন দিয়াৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীয়ে পৰিপূৰক মঞ্জুৰি উত্থাপন কৰিছে যদিও জলজীৱন আঁচনি ৰূপায়ণৰ নামতো ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। আনকি জলজীৱন আঁচনিৰ ঠিকা লাভৰ বাবে এম পেনেলত প্ৰতিষ্ঠানৰ নাম সন্নিৱিষ্ট কৰাৰ বাবে ৩ৰ পৰা ৮ শতাংশ কমিছন লোৱা কাৰ্য অব্যাহত আছে বুলি অভিযোগ উত্থাপন কৰে বিধায়ক অখিল গগৈয়ে। আনহাতে, অনাময় আঁচনিত কিমান শৌচাগাৰ আবণ্টন হৈছিল আৰু কিমান নিৰ্মাণ সম্পূৰ্ণ হৈছে তাৰ তথ্য এতিয়ালৈকে সম্পূৰ্ণ নহ’ল বুলি সদনত সৰৱ হৈ পৰে অখিল গগৈ।