Home গুৱাহাটী মহানগৰীত পথ দুৰ্ঘটনাত নিহত দম্পতী

মহানগৰীত পথ দুৰ্ঘটনাত নিহত দম্পতী

162
0


গুৱাহাটী, ৯ জানুৱাৰী: দেওবাৰে পুৱতি নিশা মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এটা দম্পতী৷ নিহত দম্পতীটোক পথতে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে ভৰলুমুখ যান-বাহন আৰক্ষীয়ে৷ পেছাত পাচলি ব্যৱসায়ী আছিল তেওঁলোক৷পুৱা নিজৰ স্কুটাৰখনেৰে ধীৰেনপাৰাৰ পৰা মাছখোৱালৈ পাচলি নিবলৈ আঁহোতে ফটাশিলত দুৰ্ঘটনাটো সংঘটিত হয়৷ অচিনাক্ত বালি কঢ়িওৱা বাহনে তেওঁলোকক খুন্দা মাৰি পলায়ন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ মৃত দম্পতীটো বিজয় সৰকাৰ শ্চ[৫৭]গ্গ আৰু পুতুলী সৰকাৰ [৫২] বুলি জানিব পৰা গৈছে৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তেওঁলোকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও দুয়োগৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here