Home অসম ন্যায়ালয়ৰ ৰঙাচকু, শীঘ্ৰেই কাজিৰঙাৰ এনিমেল ক’ৰিডৰত চলিব উচ্ছেদ:মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তক...

ন্যায়ালয়ৰ ৰঙাচকু, শীঘ্ৰেই কাজিৰঙাৰ এনিমেল ক’ৰিডৰত চলিব উচ্ছেদ:মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তক লৈ সমিতি গঠন

74
0


গণ বাৰ্তা বিশেষ, বোকাখাত, ২৬ অক্টোবৰ: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত অবৈধভাৱে নিৰ্মাণ কৰা পৰ্যটন নিৱাস, ৰেষ্টোৰেন্ট সুৰাৰ বিপণী আদি শীঘ্ৰে উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন৷ উল্লেখ্য যে দেশৰ উচ্চতম ন্যায়ালয়ে বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি ২০১৯ চনৰ ১২ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা বোকাখাতৰ পৰা জখলাবন্ধালৈকে থকা ৯ টা এনিমেল ক’ৰিডৰত ব্যক্তিগত ভূমিত সকলো ধৰণৰ নিৰ্মাণকাৰ্য বন্ধ ঘোষণা কৰিছিল৷ অতি পৰিতাপৰ কথা যে দেশৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশক ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি একাংশ লোকে অমান্য কৰি অবৈধভাৱে বিভিন্ন ধৰণৰ নিৰ্মাণকাৰ্য চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বিচৰণত বাধাৰ সৃষ্টি কৰিছে৷ ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষয়ো উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ অৱমাননা কৰি নিৰ্মাণকাৰ্য চলোৱা লোকৰ বিৰুদ্ধে নামমাত্ৰ এখনকৈ জাননী জাৰি কৰি হাত সাবটি বহি থকাত কিছু লোকে ৰাজনৈতিক আৰু ধনবলৰ দ্বাৰা হালধিবাৰী, কাঞ্চনজুৰি, হাৰমতি, বাগৰি আদিত অবাধ গতিত নিৰ্মাণকাৰ্য চলাবলৈ সক্ষম হৈছে বুলি প্ৰকৃতিপ্ৰেমীয়ে অভিযোগ উত্থাপন কৰিছে৷ ইউনেস্ক ই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল ক’ৰিডৰত বন বিভাগতো বাদেই উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশকো একাংশই অংগুষ্ঠ প্ৰদৰ্শন কৰাত বোকাখাতৰ যুৱ পৰিবেশ কৰ্মী ৰোহিত চৌধুৰীয়ে অভিযোগ উত্থাপন কৰাত পুনৰ বাধ্য হৈ উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া চেণ্ট্ৰেল এমপাৱাৰ্ড কমিটীৰ সদস্য সচিবে ৰাজ্যৰ মুখ্য সচিবলৈ যোৱা ৬ অক্টোবৰত কাজিৰঙাৰ এনিমেল ক’ৰিডৰত অবৈধভাৱে কৰা নিৰ্মাণকাৰ্য চাৰি সপ্তাহৰ ভিতৰত উচ্ছেদ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ পত্ৰ দিয়াৰ পাছত প্ৰশাসন সষ্টম হৈ পৰিছে৷ বোকাখাত ৰাজহ বিভাগৰ সূত্ৰে জানিব পৰা মতে কাজিৰঙাৰ এনিমেল ক’ৰিডৰত উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা কাৰ্য উচ্ছেদ কৰিবলৈ প্ৰয়োজন হোৱা যাৱতীয় ব্যৱস্থা সম্পৰ্কে অৱগত কৰিবলৈ মহকুমাধিপতিয়ে নিৰ্দেশ দিছে৷ আনহাতে ৰাজহ চক্ৰ বিষয়াই জানিবলৈ দিয়া মতে কাজিৰঙাৰ এনিমেল ক’ৰিডৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি নিৰ্মাণ কৰা কাৰ্যৰ গৰাকীক বিভাগৰ তৰফৰ পৰা নিজে আঁতৰাই পেলাবলৈ দুই-এদিনৰ ভিতৰত জাননী জাৰি কৰিব৷ ইফালে প্ৰশাসনীয় সূত্ৰে জানিব পৰা মতে উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাছত চৰকাৰে বোকাখাত আৰু কলিয়াবৰৰ বিধায়ক ক্ৰমে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, মহকুমাধিপতি, উপায়ুক্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষ আদিক লৈ এখন সমিতি গঠন কৰি দিছে৷ এই সমিতিখনে ২০১৯ চনৰ ১২ এপ্ৰিলত উচ্ছতম ন্যায়ালয়ে দিয়া নিৰ্দেশৰ পাছত কাজিৰঙাৰ এনিমেল ক’ৰিডৰত আইন ভংগ কৰি কৰা নিৰ্মাণকাৰ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষই চিহ্নিত কৰা ৯ টা এনিমেল ক’ৰিডৰৰ সীমা নিৰ্ধাৰণ কৰি প্ৰতিবেদন দিয়াৰ পাছতহে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব৷ সূত্ৰটোৱে আৰু জানিবলৈ দিয়া মতে চৰকাৰে গঠন কৰি অনুষ্ঠিত হ’ব৷ উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় দিয়া এই সমিতিখনৰ এক গুৰুত্বপূৰ্ণ বৈঠক অতি সোনকালে কাজিৰঙাত উদ্যান কতৃৰ্পক্ষই বোকাখাতৰ পৰা জখলাবন্ধালৈকে ৯ টা এনিমেল ক’ৰিডৰ চিহ্নিত কৰিছে যদিও চৰকাৰীভাৱে এনিমেল ক’ৰিডৰৰ সীমা নিৰ্ধাৰণ নকৰাত আন এক সমস্যাই দেখা দিছে৷ চৰকাৰে গঠন কৰি দিয়া উক্ত কমিটীয়ে একত্ৰিত হৈ অতি সোনকালে সীমা নিৰ্ধাৰণ কৰিব বুলি জানিব পৰা গৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here