Home স্থানীয় কুৰিয়াৰ চাৰ্ভিছৰ বাহনত সৰবৰাহ চোৰাং গৰু ভৰ্তি ট্ৰাক:নগাঁও বাইপাছৰ ঘাঁহীত জব্দ চোৰাং...

কুৰিয়াৰ চাৰ্ভিছৰ বাহনত সৰবৰাহ চোৰাং গৰু ভৰ্তি ট্ৰাক:নগাঁও বাইপাছৰ ঘাঁহীত জব্দ চোৰাং গৰু ভৰ্তি ট্ৰাক

111
0


গণ বাৰ্তা, বেবেজীয়া, ২০ জানুৱাৰী: চোৰাং গৰু সৰবৰাহকাৰী চক্ৰই চোৰাং গৰু সৰবৰাহৰ ক্ষেত্ৰত নগাঁও জিলাৰ মাজেৰে কে’বাটাও ৰাজ্যিক পথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে৷ সেই পথেৰেই মেঘালয় হৈ বাংলাদেশলৈ বুলি গৰু অবৈধভাৱে সৰবৰাহ কৰে৷ প্ৰায় প্ৰতিদিনেই নিশা হ’লেই এই চোৰাং ব্যৱসায়ীসকলে বিভিন্ন পথৰে নিৰ্বিঘ্নে গৰুভৰ্তি ট্ৰাকসমূহ নগাঁও-গুৱাহাটী পথেৰে যোৰাবাটৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰে৷ নগাঁও আৰক্ষীয়েও চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰি ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও চোৰাং গৰু সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হোৱা নাই৷ আজি পুৱাও প্ৰায় ন বজাত নগাঁও আৰক্ষীৰ নাৰ্কোটিক স্কোৱাডৰ এটা দলে এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও বাইপাছৰ ঘাঁহীত মনফুল ধাবাৰ সমীপত বেবেজীয়া আৰক্ষী চকীৰ আৰক্ষীৰ সহযোগত এক অভিযান চলাই ২৪টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়৷ এই চোৰাং গৰnসমূহ কুৰিয়াৰ ছাৰ্ভিচৰ চিঠি,পাৰ্ছেল আদি কঢ়িওৱা এএছ ০১ চিচি ৮২৬ঙ্ম নম্বৰৰ বাহন এখনেৰে সৰবৰাহ কৰি অনা হৈছিল৷ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহ কৰা কুৰিয়াৰ ছাৰ্ভিচৰ বাহনখন জব্দ কৰাৰ লগতে বাহনখনৰ চালক ৰফিকুল ইছলাম [৩৬]কো গ্ৰেপ্তাৰ কৰে৷ ধৃত চালকজনৰ ঘৰ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শিৱস্থানৰ টেকেলিফুটা গাঁৱত৷ আৰক্ষী সূত্ৰই জনোৱা মতে, চোৰাং গৰু সৰবৰাহকাৰীৰ দলে শিৱসাগৰ জিলাৰ ৰাজমাই বজাৰৰ পৰা ২৪টাকৈ মতা গৰু যোৰাবাটলৈ বুলি কুৰিয়াৰ ছাৰ্ভিচৰ বাহনখনত ভৰাই বাহনৰ বাহিৰ ফালে দুৱাৰত তলা লগাই লৈ আহিছিল৷ আৰক্ষীৰ চকুত ধূলি দিবলৈকে গৰু সৰবৰাহকাৰী দলে চোৰাং গৰু সৰবৰাহত কুৰিয়াৰ ছাৰ্ভিচৰ বিশেষ বাহনখন ব্যৱহাৰ কৰিছিল৷ কিন্তু আৰক্ষীয়ে এই তথ্য লাভ কৰাত নগাঁও বাইপাছৰ ঘাঁহীত মনফুল ধাবাৰ সমীপত অভিযান চলাই পশুধনসমূহ জব্দ কৰিবলৈ সক্ষম হয়৷ চোৰাং গৰু সৰবৰাহকাৰী দলটোৰ কোনো এজন সদস্যই এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই যদিও অচিৰেই আৰক্ষীৰ জালত পৰিব বুলিও মন্তব্য কৰিছে নগাঁও আৰক্ষীয়ে৷ কুৰিয়াৰ ছাৰ্ভিচৰ বাহনত গৰু ভৰাই বাহনৰ দুৱাৰৰ বাহিৰ ফালে তলা লগাই চোৰাং গৰু সৰবৰাহ কৰা অৱস্থাত নগাঁও আৰক্ষীয়ে ২৪টাকৈ পশুধন জব্দ কৰিবলৈ সক্ষম হৈছে যদিও এই গৰুসমূহ শিৱসাগৰৰ পৰা ঘাঁহী পৰ্যন্ত সৰবৰাহ কৰোঁতে সৰবৰাকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা কে’বাখনো জিলাৰ কে’বাখনো আৰক্ষী থানা আৰু আৰক্ষী চকীৰ সন্মুখেদিয়েই আহিছে৷পুলিবৰ, বোকাখাত, বাগৰি, জখলাবন্ধা, কলিয়াবৰ, মিছা, চামগুৰি, বৰঘাত আদি আৰক্ষী থানা আৰু আৰক্ষী চকীৰ সন্মুখেদিয়েই চোৰাং গৰুভৰ্তি কুৰিয়াৰ ছাৰ্ভিচৰ বাহনখন পাৰ হৈ অহাটোক মুঠেই সহজভাৱে ল’ব বিচৰা নাই ৰাইজে৷ স্মৰ্তব্য যে নগাঁৱৰ বৰঘাত বাইপাছ আৰক্ষী চকীৰ একাংশ আৰক্ষী চোৰাং গৰু সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ তথ্য ইতিমধ্যেই পোহৰলৈ আহিছে৷ সেয়েহে অন্য আৰক্ষী থানাৰো দুই এক আৰক্ষীও চোৰাং গৰু সৰবৰাহকাৰী দলৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here