Home ৰাজনীতি মেৱানীক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী চি পি আইৰ

মেৱানীক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী চি পি আই[এম]ৰ

217
0

গুৱাহাটী, ২২এপ্ৰিল: প্ৰতিবাদৰ মাজেৰে নিজৰ অধিকাৰ সাব্যস্ত কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে সাক্ষাৎ কৰিলে জিগনেছ মেৱানীক অসম পুলিচে সম্পূৰ্ণ অন্যায়ভাৱে আৰু ৰাজনৈতিক নেতৃত্বৰ নিৰ্দেশমৰ্মে গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰি অসমলৈ আনিছে৷ তেখেতক বৰ্তমান কোকৰাঝাৰত আৰক্ষীৰ জিম্মাত ৰখা হৈছে৷মেৱানীক সাক্ষাৎ কৰিবলৈ চি পি আই[এম]ৰ ৰাজ্যিক নেতা,বিধায়ক মনোৰঞ্জন তালুকদাৰ, ৰাজ্যিক নেতা সন্তোষ গুহ আৰু অচিত দত্ত আজি কোকৰাঝাৰ থানালৈ যায়৷ কিন্তু পুলিচ প্ৰশাসনে তেখেত সকলক সাক্ষাতৰ অনুমতি দিবলৈ অস্বীকাৰ কৰে৷ ইয়াৰপ্ৰতিবাদত চি পি আই[এম]ৰ প্ৰতিনিধি দলটোৱে থানাৰ সমুখতে অৱস্থান ধৰ্মঘটত বহে৷ অৱশেষত প্ৰশাসনে বিধায়ক মনোৰঞ্জন তালুকদাৰক মেৱানীক সাক্ষাৎ কৰিবলৈ দিবলৈ বাধ্য হয়৷ চি পি আই[এম] অসম ৰাজ্যিক কমিটিয়ে অসমৰ বিজেপি চৰকাৰৰ ৰাজনৈতিক উদ্দেশ্যে প্ৰণোদিত আৰু স্বৈৰতান্ত্ৰিক আচৰণৰ তীব্ৰ নিন্দা কৰিছে৷মেৱানীক গ্ৰেপ্তাৰৰ মাজেৰে বিজেপি চৰকাৰৰ ৰাজনৈতিক প্ৰতিহিংসাপৰায়ণ আৰু অসহিষ্ণু চৰিত্ৰ নগ্নভাৱে ওলাই পৰিছে৷এইখন চৰকাৰৰ শাসনকালত অসমত আইন-শৃংখলাৰ দ্ৰুত অৱনতি ঘটিছে আৰু অপৰাধৰ সংখ্যা উদ্বেগজনকভাৱে বাঢ়িছে৷বৰ্তমান নাৰীৰ ওপৰত সংগঠিত অপৰাধ অসমত দেশৰ ভিতৰত সৰ্বাধিক৷এই বিষয়বোৰত জৰুৰী আৰু কাৰ্যকৰী পদক্ষেপ লোৱাৰ সলনি ৰাজ্যখনৰ বিজেপি চৰকাৰে নিজৰ সংকীৰ্ণ ৰাজনৈতিক স্বাৰ্থত পুলিচ-প্ৰশাসনক ব্যৱহাৰ কৰিব ধৰিছে৷চিপিআই[এম]-এ চৰকাৰৰ এনে আচৰণক গৰিহণা দিছে আৰু অনতিপলমে মেৱানীক মুকলি কৰিবলৈ দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here