Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পাকিস্তানত সংকট, ভোকৰ তাড়নাত মাতৃ-কন্যাই পেটত ইটা বান্ধি শুবলৈ বাধ্য হোৱা হৃদয়বিদাৰক...

পাকিস্তানত সংকট, ভোকৰ তাড়নাত মাতৃ-কন্যাই পেটত ইটা বান্ধি শুবলৈ বাধ্য হোৱা হৃদয়বিদাৰক ঘটনা

94
0


বিশেষ প্ৰতিনিধি, ২০ ছেপ্টেম্বৰ ঃ ভাৰতৰ চিৰবৈৰী চুবুৰীয়া পাকিস্তানৰ শাসকসকলৰ ভুল নীতিৰ বাবে সাধাৰণ নাগৰিকসকলে এতিয়া দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷ এনে এটা হৃদয়বিদাৰক খবৰে এতিয়া সৰ্বত্ৰ খলকনিৰ সৃষ্টি কৰিছে৷ পাকিস্তানৰ এনে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত ভোক নিবাৰণৰ বাবে মাতৃ-কন্যাই পেটত ইটা লৈ শুবলৈ বাধ্য হৈছে৷ ভিডিঅ’টো পোহৰলৈ অহাৰ পাছতে আকৌ এবাৰ চৰ্চালৈ আহিল পাকিস্তানৰ ভয়াৱহ পৰিস্থিতিৰ সত্যতা৷ এই মৰ্মান্তিক ঘটনাবোৰৰ ভিডিঅ’ প্ৰস্তুত কৰিছে পাকিস্তানী ইউটিউবাৰে৷ প্ৰতিবেদন অনুসৰি এই ভাইৰেল ভিডিঅ’টো পাকিস্তানৰ লাহোৰৰ৷ ইয়াক ৰেকৰ্ডিং কৰিছে পাকিস্তানৰ ইউটিউবাৰ ছৈয়দ বাসিত আলীয়ে৷ বাসিত আলীয়ে কয় যে তেওঁ ওচৰ-চুবুৰীয়াৰ জৰিয়তে এগৰাকী মাতৃ আৰু কন্যাৰ বিষয়ে তথ্য লাভ কৰিছিল৷ মহিলাগৰাকী অসুস্থ হৈয়েই আছে আৰু চকুত ছানি পৰা দেখা গৈছে৷ স্বামীৰ মৃত্যু পাছত কণমানি পুত্ৰই বহু ঠাইত কামৰ চেষ্টা কৰিছিল যদিও কাম নাপালে৷ বাধ্যত পৰি মহিলাগৰাকীৰ কন্যাই ঘৰৰ পৰা কাম কৰিবলৈ ওলাই আহিছিল, কিন্তু সকলোতে তাইক সন্দেহৰ চকুৰে চাইছিল আৰু নানান ককৰ্থনাৰ সন্মুখীন হৈছিল৷ চৈয়দ বাসিত আলী যেতিয়া মহিলাগৰাকীৰ ঘৰত উপস্থিত হয়, তেতিয়া মহিলাগৰাকী পেটত দুটা ইটা বান্ধি বিছনাত পৰি আছিল৷ আটাৰ কেনিষ্টাৰকে ধৰি সকলো বাচন-বৰ্তন মহিলাগৰাকীৰ ঘৰত খালী হৈ পৰা পৰিলক্ষিত হৈছিল৷ হাতত এটা ফুটাকড়িও নথকা মাতৃ-কন্যাই পেটত ইটা বান্ধি লোৱাৰ কাৰণ সোধাত মহিলাগৰাকী আৰু তেওঁৰ কন্যা কান্দোনত ভাঙি পৰিছিল৷ মাতৃয়ে ক’লে যে ৩ দিন ধৰি গোটেই পৰিয়ালটো ভোকত আছে, খাদ্যৰ দানা এটাও পেটলৈ যোৱা নাই৷ এতিয়া ভোক সহ্য কৰিব পৰা নাই, সেয়ে পেটত এটা ইটা বান্ধি লৈছে, যাতে ইটাৰ ভৰে পেটৰ ভোকক উকমুকনি নিদিয়ে৷ কান্দি থকা মহিলাগৰাকীয়ে পুনৰ কয় যে ইমৰাণ খান চৰকাৰৰ দিনত এতিয়াও পৰিয়ালটোৱে কিছু সাহায্য লাভ কৰিছিল৷ কিন্তু যেতিয়াৰ পৰা শ্বাহবাজ শ্বৰিফৰ নতুন চৰকাৰ আহিল, তেতিয়াৰ পৰা পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে৷ পুত্ৰই কোনো কাম লাভ কৰা নাই৷ সমাজৰ লাঞ্ছনাৰ পৰা বাচিবলৈ কন্যাও ঘৰতে আবদ্ধ হৈ আছে৷ কন্যাৰ বিবাহৰ যো-জা চলিছে যদিও বিয়াৰ বাবে পৰিয়ালটোৰ হাতত এটকাও নাই৷ ঘৰৰ ৰেছনো ৩ দিন পূৰ্বে শেষ হৈছিল৷ দোকানীয়েও সামগ্ৰী ধাৰ দিবলৈ অস্বীকাৰ কৰে৷ তেতিয়াৰ পৰা গোটেই পৰিয়ালটো ভোকত দিন অতিবাহিত কৰিছে৷ জীয়ৰীয়ে লগতে কয় যে ভোক আৰু সহ্য নহয়৷ তেওঁৰ এটা কিড্‌নী বিক্ৰী কৰিবলৈও সাজু আছে, যাতে কেইদিনমানৰ বাবে ৰেচনৰ ব্যৱস্থা কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here