Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংকটত উদ্ধৱ থাকৰেৰ চৰকাৰ : সংকটত উদ্ধৱ থাকৰেৰ চৰকাৰ

সংকটত উদ্ধৱ থাকৰেৰ চৰকাৰ : সংকটত উদ্ধৱ থাকৰেৰ চৰকাৰ

76
0


মুম্বাই, ২১ জুন ঃ মহাৰাষ্ট্ৰৰ মিত্ৰজোঁট চৰকাৰলৈ আহি পৰিছে অশনি সংকেত৷ যিকোনো মুহূৰ্তত মহাৰাষ্ট্ৰ চৰকাৰ ভংগ হোৱাৰ সম্ভাৱনা আছে৷ যিহেতু মহাৰাষ্ট্ৰৰ ৩০গৰাকী বিধায়ক এতিয়া গুজৰাটত বাহৰ পাতিছে আৰু মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ ফোনকলো ৰিচিভ কৰাৰ পৰা বিৰত আছে৷ মহাৰাষ্ট্ৰৰ শিৱসেনাৰ শীৰ্ষ নেতা তথা নগৰ উন্নয়ন মন্ত্ৰী একনাথ সিন্দে শিৱসেনাৰ ১৫গৰাকী, এন চি পিৰ এগৰাকী আৰু ১৪ গৰাকী নিৰ্দলীয় বিধায়কক লগত লৈ গুজৰাটৰ চুৰাটত বাহৰ পাতি আছে৷ গুজৰাট আৰক্ষীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বিধায়কসকল আবদ্ধ হৈ আছে৷ আবদ্ধ হৈ থকাসকলৰ ভিতৰত আছে একনাথ সিন্দেৰ উপৰিও আছে তিনিগৰাকী মন্ত্ৰী৷ ২০১৯ চনত উদ্ধৱ থাকৰেই বিধায়ক দলৰ নেতাৰূপে মনোনীত কৰিছিল সিন্দেক৷ সেই সময়ছোৱাত আশা কৰা হৈছিল যে সিন্দে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব৷ কিন্তু নিৰ্বাচনৰ সময়ছোৱাত এনচিপি আৰু কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়ি উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে৷ তেতিয়াৰে পৰাই সিন্দেৰ ভিতৰচ’ৰাত একুৰা ক্ষোভৰ জুই জ্বলি আছিল বুলি জানিব পৰা গৈছে৷ সেই অনুসৰিয়েই এতিয়া তেওঁ ৩০গৰাকীকৈ বিধায়কক লগত লৈ চুৰাটত বাহৰ পাতিছে৷ তেওঁ মহাৰাষ্ট্ৰত চৰকাৰ গঠন হোৱাৰ সময়ছোৱাত কংগ্ৰেছৰ সৈতে মিত্ৰতা গঢ়া কাৰ্যটোৰ পূৰ্ণ বিৰোধিতা কৰিছিল৷ কিন্তু উদ্ধৱ থাকৰেয়ে মুখ্যমন্ত্ৰী হোৱাৰ লালসাতে কংগ্ৰেছৰ সৈতে শিৱসেনাই মিত্ৰতা গঢ়িছিল বুলি একাংশই অভিযোগ কৰে৷ শিৱসেনা, কংগ্ৰেছ আৰু এনচিপিৰ মহা মিত্ৰজোঁট চৰকাৰ গঠন হোৱাৰ পিছত শিৱসেনাৰ সঞ্জয় ৰাৱাট, অনিল দেশাই আৰু আদিত্য থাকৰেৰ ক্ষমতা বৃদ্ধি পাইছিল যদিও একনাথ সিন্দে অকলশৰীয়া হৈ ৰ’বলগীয়া হয়৷ প্ৰাপ্ত খবৰ অনুসৰি সিন্দেৰ সৈতে আছে ৩০গৰাকী বিধায়ক৷ কিন্তু একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে যে সিন্দেৰ সৈতে আছে ২৩গৰাকী৷ ২৩গৰাকী বিধায়কৰ তালিকাও প্ৰকাশ কৰা হৈছে৷ সিন্দেৰ সৈতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে যোগাযোগ কৰাৰ অহৰহ প্ৰচেষ্টা চলাই আছে যদিও এইক্ষেত্ৰত বিফল হৈছে৷ যাৰ ফলত মহাৰাষ্ট্ৰ চৰকাৰলৈ অশনি সংকেত নামি আহিছে৷ মহাৰাষ্ট্ৰত ২৮৮খন বিধানসভা আসনৰ বাবে ২০১৯ত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ এই নিৰ্বাচনত বিজেপিয়ে ১০৬গৰাকী বিধায়কৰ সৈতে বৃহৎ দলৰূপে পৰিগণিত হৈছিল৷ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ সৈতে শিৱসেনা আৰু বিজেপি মিত্ৰজোঁটৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পিছত উদ্ধৱ থাকৰেয়ে এনচিপি আৰু কংগ্ৰেছৰ দিশে ঢাল খাইছিল৷ ৫৬গৰাকী বিধায়কৰ শিৱসেনাই ৪৪গৰাকী বিধায়কৰ কংগ্ৰেছ আৰু ৫৩গৰাকী বিধায়কৰ এনচিপিৰ সৈতে মহামিত্ৰজোঁট গঢ়ি চৰকাৰ গঠন কৰে৷ মহাৰাষ্ট্ৰত সৰ্বশক্তি দলৰূপে বিজেপি পৰিগণিত হয় যদিও তেওঁলোকে চৰকাৰ গঠনৰ পৰা বিৰত থাকে৷ মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন হয় ১৪৪গৰাকী বিধায়কৰ সমৰ্থন৷ সেই অনুসৰি মহাৰাষ্ট্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাটো সহজ নহয়৷ যিহেতু তেওঁলোকৰ মুঠ বিধায়কৰ সংখ্যা হৈছে ১০৬ গৰাকী৷ এনেক্ষেত্ৰত ১৪৪ সংখ্যাটো স্পৰ্শ কৰিবলৈ বিজেপিয়ে সংগ্ৰাম কৰিব লাগিব৷ যিসকল বিধায়ক বৰ্তমান চুৰাটত বাহৰ পাতি আছে, সেইসকল বিধায়কৰ সমৰ্থন লাভ কৰিলেও বিজেপিয়ে চৰকাৰ গঠন কৰাটো সহজ নহয়৷ সেই অনুসৰি এতিয়া মহাৰাষ্ট্ৰৰ চৰকাৰ সংকটৰ মাজেৰে আগবাঢ়িছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here