Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বিজেপি-আৰএছএছৰ বিচাৰধাৰাক সমালোচনা ৰাহুল গান্ধীৰ : ‘হাল্লা বোল-চলো দিল্লী’ৰ পিছত ৭ ছেপ্টেম্বৰৰ...

বিজেপি-আৰএছএছৰ বিচাৰধাৰাক সমালোচনা ৰাহুল গান্ধীৰ : ‘হাল্লা বোল-চলো দিল্লী’ৰ পিছত ৭ ছেপ্টেম্বৰৰ পৰা কংগ্ৰেছৰ ‘ভাৰত জড়ো’

163
0


চন্দ্ৰ কুমাৰ শইকীয়া, গুৱাহাটী, ৫ ছেপ্টেম্বৰ ঃ আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে প্ৰস্তুতি আৰম্ভ কৰিছে৷ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে আজি শাসকীয় বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰ আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বিচাৰধাৰাক তীব্ৰ সমালোচনা কৰে৷ দিল্লীৰ ৰামলীলা ময়দানত আয়োজিত কংগ্ৰেছৰ বিশাল সভাত ভাষণ দি ৰাহুল গান্ধীয়ে আগন্তুক ২০২৪১ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্যই বিজয় সাব্যস্ত কৰিব আৰু দেশত চৰকাৰ গঠন কৰিব৷ কিন্তু বৰ্তমান অৱস্থাত কংগ্ৰেছ দল আৰু অন্যান্য বিৰোধী দলৰ ঐক্য কিমান সফল হ’ব সেয়াও হ’ব অতি গুৰুত্বপূৰ্ণ৷ গান্ধীয়ে কয় যে বিজেপি আৰু আৰএছএছৰ বিচাৰধাৰাৰ বিৰুদ্ধে হ’ব যুদ্ধ৷ এই যুদ্ধ বিচাৰধাৰাৰ যুদ্ধ৷ কংগ্ৰেছৰ বিচাৰধাৰাৰ সৈতে বিজেপি, আৰএছএছৰ বিচাৰধাৰাৰ আকাশ-পাতাল পাৰ্থক্য আছে বুলিও তেওঁ সোচ্ছাৰ হয়৷ বিজেপি চৰকাৰে সদায় ধনী পুঁজিপতি শ্ৰেণীৰ স্বাৰ্থত কাম কৰি আহিছে আৰু প্ৰকৃত দৰিদ্ৰ জনসাধাৰণৰ কোনো উন্নতি হোৱা নাই৷ কংগ্ৰেছ দল আৰু সকলো বিৰোধী দলৰ চৰকাৰ হ’লেহে দেশৰ কোটি কোটি দৰিদ্ৰ জনতাই আশাৰ মুখ দেখা পাব৷ ৰাহুল গান্ধীৰ বিস্ফোৰক ভাষণত বিজেপি চৰকাৰ আৰু প্ৰধানমন্ত্ৰী মোদীক বিমুদ্ৰাকৰণ আৰু জিএছটি বৃদ্ধিৰ বাবে জগৰীয়া কৰে৷ বিমুদ্ৰাকৰণে ভয়ানক ক্ষতি কৰিলে দেশৰ দৰিদ্ৰ জনতাক৷ সাধাৰণ জনতাক অধিক দৰিদ্ৰ কৰাৰ বিপৰীতে লাভান্বিত কৰিলে বৃহৎ পুঁজিপতিক৷ তেওঁ অভিযোগ কৰে যে মোদী চৰকাৰে দৰিদ্ৰ কৃষকৰ ঋণ মাফ নকৰে কিন্তু বৃহৎ পুঁজিপতিৰ কোটি কোটি টকা ঋণ ৰেহাই দিছে আৰু সাধাৰণ জনতাৰ ওপৰত অধিক কৰৰ বোজা জাপি দি কোঙা কৰি পেলাইছে৷ শেহতীয়াকৈ সাধাৰণ সামগ্ৰী আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ঘটোৱাৰ লগতে সকলো বস্তুৰ ওপৰত জিএছটি বা সামগ্ৰী আৰু সেৱাকৰ লগোৱাৰ ফলত উশাহ-নিশাহ প্ৰায় বন্ধ হৈ যোৱাৰ উপক্ৰম সাধাৰণ ৰাইজৰ৷ গান্ধীয়ে কয় যে মোদী চৰকাৰে জনসাধাৰণৰ মাজত ভয় আৰু শংকা সুমুৱাই দিছে, যাৰ ফলত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি হৈছে৷ ইয়াৰ ফলত অবিশ্বাস, আস্থাহীনতা, সন্দেহ আদি অসূয়া-অপ্ৰীতিয়ে গা কৰি উঠিছে৷ ধৰ্মৰ নামত, জাতিভেদৰ নামত, উচ্ছ-নীচৰ নামত মানুহৰ মাজত ঘৃণাৰ শত্ৰুতা বিয়পাই দিয়া বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে৷ কংগ্ৰেছ দলে ইতিমধ্যে বিজেপি চৰকাৰৰ বিভাজন আৰু ধৰ্মীয় মেৰুকৰণ ৰাজনীতিৰ বিৰুদ্ধে ৰাষ্ট্ৰজোৰা ‘হাল্লা বোল-দিল্লী চলো’ কাৰ্যসূচীৰ পিছত ‘ভাৰত জড়ো’ কাৰ্যসূচী ঘোষণা কৰিছে৷ অহা সাত ছেপ্টেম্বৰৰ পৰা ভাৰত জড়ো অভিযান আৰম্ভ কৰিব কংগ্ৰেছ দলে৷ সাত ছেপ্টেম্বৰৰ পুৱা কন্যাকুমাৰীত কংগ্ৰেছে আৰম্ভ কৰিব ভাৰত জড়ো কাৰ্যসূচী৷ আগন্তুক দলীয় সভাপতি নিৰ্বাচনত ৰাহুল গান্ধীকেই নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পুনৰ সভাপতি নিৰ্বাচন কৰা হ’ব বুলি দলীয় সূত্ৰত প্ৰকাশ পাইছে৷ গান্ধী পৰিয়ালৰ বাহিৰৰ নেতা কংগ্ৰেছৰ সভাপতি হ’লে কংগ্ৰেছৰেই বহু নেতাই মানি ল’ব নোখোজে আৰু তেতিয়াই দলত অনুশাসন নোহোৱা হ’ব৷ এনে পৰিস্থিতিত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন কোনফালে গতি কৰে সেয়া লক্ষণীয় হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here