
বিতোপন ফুকন।,নাৰায়ণপুৰ, ২৯ মে’ : পঞ্জাৱ নেচনেল বেংকৰ নাৰায়ণপুৰ শাখাত কৰ্মচাৰীৰ অভাৱে দীৰ্ঘদিন ধৰি সমস্যাত পেলাইছে বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ উপভোক্তাসকলক ৷ চৰকাৰে বান্ধি দিয়া নতুন এছ অ’ পি অনুসৰি নগৰখনত দিনৰ ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ হোৱাত নিৰ্ধাৰিত সময়ৰ পূৰ্বে বেংকৰ লেনদেন সম্পূৰ্ণ কৰিব লগা হোৱাত পুৱা বেংকটো খোলাৰ আগৰে পৰা উপভোক্তাসকলে দীঘলীয়া শাৰী পাতি থিয় দিব লগা হৈছে৷ ৰ’দ বৰষুণ কাটি কৰি বেংকটোৰ সন্মুখত ঘন্টাৰ পিছত ঘন্টা ধৰি থিয় হৈ শাৰী পাতিব লগা হোৱাৰ লগতে উপভোক্তা অধিক হ’লে বেংকটোৰ সন্মুখত থিয় হ’বলৈ স্থানৰ অভাৱ হ’লেই সামাজিক দুৰত্ব উলংঘা হয় ৷ইফালে, শাখাটোৰ ভিতৰত ছয় ফুট দূৰত্ব বাধ্যতামূলক কৰাত দুই-তিনিগৰাকী উপভোক্তা ভিতৰত থিয় হ’ব পাৰে ৷ বেংকটোত উপভোক্তাৰ দীঘলীয়া শাৰী পাতিব লগা হোৱাৰ মুলতে হৈছে শাখাটোত কৰ্মচাৰীৰ অভাৱ৷ বেংকটোত মাত্ৰ তিনিগৰাকী কৰ্মচাৰীয়ে কাম-কাজ চলাব লগা হোৱাত বহু গুৰুত্বপূৰ্ণ কাম কাজ কৰাত অসমৰ্থ হৈছে শাখাটো ৷ কৰ্মচাৰীৰ অভাৱৰ ফলত লেনদেন কৰিবলৈ অহা উপভোক্তাসকলে দীঘলীয়া শাৰী পাতিব লগা হৈছে ৷আনহাতে, নাৰায়ণপুৰ নগৰত বেংকটোৰ এটা এ টি এম স্থাপন কৰা হৈছিল যদিও সেয়াও দীৰ্ঘদিনে বিকল হৈ আছে৷ বৃহত্তৰ নাৰায়ণপুৰ অঞ্চলৰ গৰিষ্ঠসংখ্যক উপভোক্তাৰ উক্ত বেংকটোত একাউন্ট থকাৰ পিছতো উধৰ্তম কতৃপক্ষৰ দায়িত্বহীনতাৰ বাবেই ক’ভিড মহামাৰিয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তো উপভোক্তাসকলে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে ৷বেংক শাখাটো খোলাৰ পূৰ্বৰে পৰা দীঘলীয়া শাৰী পাতিও গৰিষ্ঠসংখ্যক উপভোক্তা খালী হাতেৰেই উভতি যাব লগা হয় কাৰণ ১২ বজাৰ লগে লগে আৰম্ভ হয় সান্ধ্য আইন৷ এনে পৰিস্থিতিত শাখাটোৰ উৰ্ধতম কতৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে লৈ কৰ্মচাৰীৰ অভাব দূৰ কৰি সাধাৰণ ৰাইজৰ সুবিধা প্ৰদান কৰাৰ লগতে নগৰখনত থকা শাখাটোৰ এ টি এম টোও কাৰ্যক্ষম কৰি তুলিবলৈ দাবী উত্থাপন কৰিছে উপভোক্তাসকলে৷