Home Main Stories বন বিভাগৰ অভিযানকাৰী দলৰ ওপৰত দা, যাঠী, জোং লৈ আক্ৰমণ খাচী দুবৃৰ্ত্তৰ...

বন বিভাগৰ অভিযানকাৰী দলৰ ওপৰত দা, যাঠী, জোং লৈ আক্ৰমণ খাচী দুবৃৰ্ত্তৰ : আক্ৰমণ-প্ৰত্যাক্ৰমণত ৬ জন নিহত , সীমান্তত উত্তেজনা ৰক্তাক্ত অসম-মেঘালয় সীমান্তৰ মুকৰু

124
0


গণ বাৰ্তা বিশেষ, ডিফু, ২২ নৱেম্বৰ ঃ যি সময়ত অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা-বিবাদ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকীয়ে প্ৰচেষ্টা চলাই আছিল, সেই সময়তে আজি অসম-মেঘালয়ৰ কাৰ্বি আংলং জিলাৰ সীমান্তৰ মুকৰুত সংঘটিত হয় ভয়ংকৰ ঘটনা৷ কাৰ্বি আংলং জিলাৰ বনাঞ্চলত মেঘালয়ৰ চোৰাং কাঠ ব্যৱসায়ীয়ে অবাধ লুণ্ঠন দীৰ্ঘদিনৰ পৰা চলাই আহিছে৷ অক্টোবৰ মাহতো অবৈধ কাঠ ব্যৱসায়ীৰ লগত বনকৰ্মী আৰু আৰক্ষীৰ সংঘাত হৈছিল মুকৰুত৷ একেদৰে কালি নিশা চোৰাং কাঠ ব্যৱসায়ীয়ে বহু গছ কাটি এখন ট্ৰাকত লৈ মেঘালয়লৈ গৈ থকা অৱস্থাত বনৰক্ষী আৰু গৃহৰক্ষী জোৱানৰ দলে খেদি গৈ জব্দ কৰে আৰু ৩গৰাকী লোকক আটক কৰে৷ ইয়াৰ পিছতে শতাধিক লোক আহি অসমৰ দলটোক ঘেৰাও কৰাত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ মেঘালয়ৰ বাসিন্দাসকলে পশ্চিম কাৰ্বি আংলং জিলাৰ বন আৰু গৃহৰক্ষীৰ দলটোক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাত দলটোৱে গুলীচালনা কৰে৷ অস্ত্ৰসহ অহা দলটোৱেও গুলীচালনা কৰাৰ ফলত গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথে আৰু মেঘালয়ৰ থালচাদাপ [৪৫], নিকবি [৬৫] আৰু চিকতালাম [৫৫] নামৰ ব্যক্তিকেইগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়৷ আনহাতে, আহত তাল নাৰথিয়ামৰ বৰত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আৰু চিৰোপ তুমেৰ জোৱাই অসামৰিক চিকিৎসালয়ত মৃত্যু হয়৷ আনহাতে, মেঘালয়ে গৃহৰক্ষী জোৱান বিদ্যাছিং লেকথেৰ মৃতদেহো লৈ যায়৷ পশ্চিম কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক ইমদাদ ৰহমানে মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহটো ঘূৰাই দিব বুলি জনাইছে৷ ইফালে, সীমান্তত উত্তেজনা ইমানেই বৃদ্ধি পাইছে যে অসমৰ বাসিন্দাসকলে গাঁও এৰি জিৰিকেন্দ্ৰিং আৰু মকৌলুমত আশ্ৰয় লৈছে৷ মুকৰুৰ বন বিভাগৰ শিৱিৰ মেঘালয়ৰ উত্তেজিত জনাইৰ জ্বলাই দিয়াৰ ফলত শিবিৰটোৰ লগতে বলেৰ’ এখন আৰু কে’বাখনো বাইক ভস্মীভূত হৈছে ৷ মধ্য মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা, পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত কৃষ্ণা বৰুৱা আৰু আৰক্ষী অধীক্ষকগৰাকীয়ে মকৌলুম সীমান্ত আৰক্ষী চকীত বাহৰ পাতি পৰিস্থিতিৰ তদাৰক কৰিছে৷ কাৰ্বি আংলং জিলাৰ সকলো নেতা এতিয়া লাচিত দিৱসৰ বাবে দিল্লীত থকাত সীমান্তত নাই কোনো নেতা ৷ আনহাতে, মেঘালয়ৰ গৃহমন্ত্ৰী, বিধায়ক, উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বৃহৎ দলে মুকৰুত বহি পৰিস্থিতি তদাৰক কৰিছে৷ উল্লেখ যে ১২ নৱেম্বৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মেঘালয় সীমান্তৰ উমৰুখঁুটিত এটা বন বিভাগৰ অতিথিশিলাৰ আধাৰশিলা স্থাপন কৰিছিল যদিও নিশালৈ মেঘালয়ৰ লোকে সকলো ভাঙি তচ্‌নচ্‌ কৰিলে৷ ছিলঙত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড্‌ চাংমাই সংবাদ মেল সম্বোধন কৰি মেঘালয়ৰ ভূমিত অসম আৰক্ষী আৰু বনৰক্ষী সোমাই অপ্ৰৰোচিতভাৱে গুলীচালনা কৰাৰ অভিযোগ কৰে৷ তেওঁ প্ত বজাত কেবিনেট বৈঠকৰ আহ্বান কৰিছে৷ আজি ধৰ্মীয় নেতা, বুদ্ধিজীৱী সমাজৰ লগতো বিষয়টোক লৈ আলোচনা কৰিছে৷ মেঘালয়ৰ সাতখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে৷ চেৰি ব্লুম উৎসৱকে ধৰি সকলো উৎসৱৰ কাৰ্যসূচী বাতিল কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত ব্যক্ত কৰিছে৷ মৃতকৰ পৰিয়ালৈ প্ত লাখ টকাকৈ মেঘালয় চৰকাৰে এককালীন সাহায্য ঘোষণা কৰিছে৷ গোচৰ ৰুজু কৰি উপযুক্ত তদন্তৰ জৰিয়তে এই ঘটনাৰ বাবে দোষীসকলক শাস্তি প্ৰদান কৰা হ’ব বুলিও কনৰাড্‌ চাংমাই সংবাদ মেলত ব্যক্ত কৰিছে৷ আনহাতে, ঘটনাত আহত গৃহৰক্ষী জোৱান অভিমন্যু দাসক জিৰিকেন্দ্ৰিং চিকিৎসালয়ৰ পৰা ডিফু মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা বুলি প্ৰশাসনে জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here