Home Fashion গুৰুতৰ হৃদৰোগত আক্ৰান্ত ‘দৈনিক গণ অধিকাৰ’ৰ সংবাদদাতা ছাহেদ আলী আহমেদ, চিকিৎসাৰ বাবে...

গুৰুতৰ হৃদৰোগত আক্ৰান্ত ‘দৈনিক গণ অধিকাৰ’ৰ সংবাদদাতা ছাহেদ আলী আহমেদ, চিকিৎসাৰ বাবে সু-হৃদ লোকৰ পৰা সহায়ৰ আহ্বান

135
0

গণ বাৰ্তা, ভৱানীপুৰ, ১৭ এপ্ৰিল : হঠাতে এক গুৰুতৰ হৃদৰোগত আক্ৰান্ত হৈছে ‘দৈনিক গণ অধিকাৰ’ৰ কয়াকুছিৰ সংবাদদাতা, বৰপেটা জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি ছাহেদ আলী আহমেদ৷ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন-মৃত্যুৰ সৈতে যঁুজি আছে সাংবাদিকগৰাকীয়ে৷ উল্লেখ্য, ছাহেদ আলী আহমেদে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কয়াকুছি অঞ্চলত এগৰাকী অক্লান্ত সমাজসেৱক, সাহিত্য সেৱক তথা এগৰাকী মানৱাধিকাৰ কৰ্মী হিচাপেও সেৱা আগবঢ়াই আহিছে৷ ইতিপূৰ্বে গোল্ড ব্লাডাৰৰ সমস্যাত ভোগা ছাহেদ আলী আহমেদে ঘাইকৈ অৰ্থাভাৱতে দীৰ্ঘদিন ‘গোল্ড ব্লাডাৰ’ৰ অস্ত্ৰোপচাৰ কৰিব পৰা নাই বুলি পৰিয়াল সূত্ৰে জানিব পৰা গৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন ছাহেদ আলী আহমেদৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে সাংবাদিকগৰাকীৰ দেহত অস্থায়ী এটা ‘পেচমেকাৰ’ লগাই দিছে যদিও অহা এসপ্তাহৰ ভিতৰতে স্থায়ী পেচমেকাৰ এটি সংস্থাপনৰ দিহা দিছে৷ যাৰ পৰিপ্ৰক্ষিতত স্থায়ী পেচমেকাৰ সংস্থাপনত কমেও দুই লাখ টকাৰ প্ৰয়োজন হ’ব বুলিও চিকিৎসকে জানিবলৈ দিছে৷ অন্যথা সাংবাদিকগৰাকীৰ জীৱনৰ প্ৰতি আহিব পৰা আশংকাৰ বিষয়েও ব্যক্ত কৰিছে চিকিৎসকে৷ আনহাতে আৰ্থিকভাৱে নিঃসম্বল ছাহেদ আলী আহমেদৰ পৰিয়াল এই ধন যোগাৰ কৰিবলৈ অসমৰ্থ বুলিও জানিব পৰা গৈছে৷ তদুপৰি ‘গোল্ড ব্লাডাৰ’ৰ অস্ত্ৰোপচাৰৰ বাবে আৰু ৫০ হাজাৰ টকাৰ প্ৰয়োজন বুলি জানিব পৰা গৈছে৷ সেয়ে সাংবাদিকগৰাকীৰ জীৱন ৰক্ষাৰ বাবে পৰিয়ালে সুহৃদ লোকৰ ওচৰত সহায় ভিক্ষা মাগিছে৷ ছাহেদ আলী আহমেদৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে ইউনিয়ন বেংকৰ বৰপেটাৰোড শাখাৰ একাউণ্ট নম্বৰ ঃ ৩৪৪১০২০১০৩৫১৪১৭, আই এফ এছ চিঃ ইউ বি আই এন ০৫৩৪৪১২ত ধন আগবঢ়ায় সহায়ৰ হাত আগবঢ়াব পাৰিব বুলিও কোৱা হৈছে৷ তদুপৰি ৯৮৫৪২-৯২৬৩০, ৯১০১৯-৭৭৮৪৭ এই দুয়োটা নম্বৰতে যোগাযোগ কৰিব পাৰিব অথবা ৭০০২৬-৯২৪১০ নম্বৰত ফোন পে’ যোগেও ধন আগবঢ়াই সহায় কৰিব পাৰিব বুলি জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here