Home গুৱাহাটী চিকিৎসাধীন সাংবাদিক ছাহেদ আলী আহমেদৰ স্বাস্থ্যৰ বুজ ল’লে ‘দৈনিক গণ অধিকাৰ’ৰ পৰিয়ালে

চিকিৎসাধীন সাংবাদিক ছাহেদ আলী আহমেদৰ স্বাস্থ্যৰ বুজ ল’লে ‘দৈনিক গণ অধিকাৰ’ৰ পৰিয়ালে

556
0

গুৱাহাটী, ১৯ এপ্ৰিল : গুৰুতৰ হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ‘দৈনিক গণ অধিকাৰ’ৰ কয়াকুছিৰ সংবাদদাতা তথা বৰপেটা জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি ছাহেদ আলী আহমেদৰ আজি সুকলমে অস্ত্ৰোপচাৰ সম্পন্ন হয়৷ তেওঁৰ দেহত আজি পেচমেকাৰ সংৰোপণ কৰে চিকিৎসকে৷ কিছুদিন ধৰি জি এম চি এইচত চিকিৎসাধীন হৈ থকা সাংবাদিকগৰাকীৰ আশু আৰোগ্য কামনা ৰাজ্যৰ চৌদিশে বিভিন্নজনে বিভিন্ন মাধ্যমৰ জৰিয়তে কৰিছে৷ তেওঁৰ স্বাস্থ্যৰ বুজ বিভিন্ন জনে হাস্পতালত উপস্থিত হৈ লৈছে৷ ইয়াৰ মাজতে আজি ‘দৈনিক গণ অধিকাৰ’ৰ সম্পাদক ড॰ জাকিৰ হুছেইন আৰু সঞ্চালক ছাহজাহান তালুকদাৰে হাস্পতালত উপস্থিত হৈ তেওঁৰ স্বাস্থ্য বুজ লয়৷ উল্লেখ্য, ছাহেদ আলী আহমেদে সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ কয়াকুছি অঞ্চলত এগৰাকী অক্লান্ত সমাজসেৱক, সাহিত্য সেৱক তথা এগৰাকী মানৱাধিকাৰ কৰ্মী হিচাপেও সেৱা আগবঢ়াই আহিছে৷ ইতিপূৰ্বে গোল্ড ব্লাডাৰৰ সমস্যাত ভোগা ছাহেদ আলী আহমেদে ঘাইকৈ অৰ্থাভাৱতে দীৰ্ঘদিন ‘গোল্ড ব্লাডাৰ’ৰ অস্ত্ৰোপচাৰ কৰিব পৰা নাই বুলি পৰিয়াল সূত্ৰে জানিব পৰা গৈছে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন ছাহেদ আলী আহমেদৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতিৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে সাংবাদিকগৰাকীৰ দেহত অস্থায়ী এটা ‘পেচমেকাৰ’ লগাই দিছে যদিও অহা এসপ্তাহৰ ভিতৰতে স্থায়ী পেচমেকাৰ এটি সংস্থাপনৰ দিহা দিছে৷ যাৰ পৰিপ্ৰক্ষিতত স্থায়ী পেচমেকাৰ সংস্থাপনত কমেও দুই লাখ টকাৰ প্ৰয়োজন হ’ব বুলিও চিকিৎসকে জানিবলৈ দিছে৷ অন্যথা সাংবাদিকগৰাকীৰ জীৱনৰ প্ৰতি আহিব পৰা আশংকাৰ বিষয়েও ব্যক্ত কৰিছে চিকিৎসকে৷ আনহাতে আৰ্থিকভাৱে নিঃসম্বল ছাহেদ আলী আহমেদৰ পৰিয়াল এই ধন যোগাৰ কৰিবলৈ অসমৰ্থ বুলিও জানিব পৰা গৈছে৷ তদুপৰি ‘গোল্ড ব্লাডাৰ’ৰ অস্ত্ৰোপচাৰৰ বাবে আৰু ৫০ হাজাৰ টকাৰ প্ৰয়োজন বুলি জানিব পৰা গৈছে৷ সেয়ে সাংবাদিকগৰাকীৰ জীৱন ৰক্ষাৰ বাবে পৰিয়ালে সুহৃদ লোকৰ ওচৰত সহায় ভিক্ষা মাগিছে৷ ছাহেদ আলী আহমেদৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে ইউনিয়ন বেংকৰ বৰপেটাৰোড শাখাৰ একাউণ্ট নম্বৰ ঃ ৩৪৪১০২০১০৩৫১৪১৭, আই এফ এছ চিঃ ইউ বি আই এন ০৫৩৪৪১২ত ধন আগবঢ়ায় সহায়ৰ হাত আগবঢ়াব পাৰিব বুলিও কোৱা হৈছে৷ তদুপৰি ৯৮৫৪২-৯২৬৩০, ৯১০১৯-৭৭৮৪৭ এই দুয়োটা নম্বৰতে যোগাযোগ কৰিব পাৰিব অথবা ৭০০২৬-৯২৪১০ নম্বৰত ফোন পে’ যোগেও ধন আগবঢ়াই সহায় কৰিব পাৰিব বুলি জানিবলৈ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here