Home Main Stories দৈনিক গণ অধিকাৰ, এক অপ্ৰতিৰোধ্য যাত্ৰা

দৈনিক গণ অধিকাৰ, এক অপ্ৰতিৰোধ্য যাত্ৰা

340
0

খবিৰ আহমেদ

সুদীৰ্ঘ সাতাইছ বছৰ আগৰ কথা। ১৯৯৪ চনৰ ২৩ জুলাই তাৰিখে বাঁহবাৰী শৰণাৰ্থী শিবিৰত সংঘটিত হোৱা সেই বিভীষিকাময় দিনটোৰ কথা নিশ্চয় আমি পাহৰা নাই। উগ্ৰপন্থীৰ আক্ৰমণৰ ভয়ত বৰপেটা জিলাৰ মানাহ এম ই স্কুল আৰু ইয়াৰ সমুখৰ পথাৰখনত আশ্ৰয় লৈছিল প্ৰায় সাত হেজাৰ অসহায় মানুহে। নিশা প্ৰায় এশ উগ্ৰপন্থীয়ে স্বয়ংক্ৰিয় অস্ত্ৰ লৈ শিবিৰত আক্ৰমণ কৰিছিল।

নিদ্ৰামগ্ন মানুহবোৰক গুলীৰে থকা-সৰকা কৰিছিল, স্কুলঘৰটোৰ দুৱাৰ-খিৰিকী বন্ধ কৰি পেট্ৰ’ল ঢালি জুই লগাই দিয়া হৈছিল। চৰকাৰীভাৱে মৃতকৰ সংখ্যা খুবেই কম দেখুওৱা হৈছিল যদিও প্ৰত্যক্ষ দৰ্শকৰ মতে মৃতকৰ সংখ্যা আছিল কে’বাশ। আহত আৰু অসহায় মজলুম মানুহৰ চিঞৰত আকাশ-বতাহ গধুৰ হৈ পৰিছিল। চৰকাৰী সহায় আৰু সঁহাৰি আছিল তেনেই আনুষ্ঠানিকতা, তাত কোনো ধৰণৰ আন্তৰিকতা নাছিল।

আটাইতকৈ দুখৰ বিষয় আছিল সেই সময়ৰ একাংশ সংবাদ মাধ্যমৰ ভূমিকা। আক্ৰান্ত মানুহবোৰৰ দুখ-দুৰ্দশাৰ কথা প্ৰকাশ কৰাৰ বিপৰীতে গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক কাকতে বাতৰি প্ৰকাশ কৰিলে যে ধৰ্মীয় সংখ্যালঘু লোকৰ দ্বাৰা বড়ো গাঁও আক্ৰমণ হৈছে, বাংলাদেশী মুছলমানে বড়ো গাঁও জ্বলাই দিছে। একাংশ সংবাদ মাধ্যমৰ মাজত এনেদৰেই প্ৰতিযোগিতা চলিছিল সঁচাক মিছা আৰু মিছাক সঁচা সজাই সমুদায় ঘটনাৰ এটা ভিন্ন প্ৰতিচ্ছবি তুলি ধৰাৰ।  প্ৰসংগক্ৰমে ক’ব পৰা যায় যে বিগত চাৰিটা দহকত অসমত বিদেশী  বাংলাদেশীৰ যি ‘মিথ’ বা ‘নেৰেটিভ্‌’ থিয় কৰা হৈছে সেয়া সম্পূৰ্ণভাবে একাংশ হালধীয়া সাংবাদিকৰ মস্তিষ্কপ্ৰসূত। এয়া হৈছে একাংশ একপক্ষীয় আৰু মনেসজা সংবাদৰ ফল। ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। যদি থাকিলহেঁতেন, তেনেহ’লে ইমানবোৰ পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছতো বিদেশী নোলাল কিয়? যদি ইয়াৰ বাস্তৱ ভিত্তি থাকিলহেঁতেন, তেনেহ’লে বিদেশী নিশ্চয় ওলালহেঁতেন।

সাংবাদিকতাৰ এই মামৰে ধৰা ধাৰাটোৰ প্ৰতিবাদকল্পেই জন্ম হৈছিল গণ অধিকাৰ কাকতৰ। উদ্দেশ্য আছিল সময়ে সময়ে অকাৰণ-অহেতুক জিঘাংসাৰ বলি হোৱা এইসকল নিপীড়িত মূক জনতাৰ মুখত ভাষা দিয়া। উদ্দেশ্য আছিল মেহনতী মানুহবোৰৰ সমস্যা আৰু অভাৱ-অভিযোগবোৰ সমাজৰ আগত প্ৰকাশ কৰা। উদ্দেশ্য আছিল সচাঁ-মিছাৰ মাজত পাৰ্থক্য দেখুৱাই দিয়া। উদ্দেশ্য আছিল হালধীয়া সাংবাদিকতাৰ মুখা খুলি দি সত্যনিষ্ঠ সাংবাদিকতা প্ৰতিষ্ঠা কৰা। এনেবোৰ উদ্দেশ্য আগত লৈয়েই ১৯৯৪ চনৰ এক আগষ্ট তাৰিখে কাকতখন প্ৰকাশ পাইছিল। প্ৰথমে ই কেৱল ‘অধিকাৰ’ নামেৰে পষেকীয়া কাকত হিচাপে প্ৰকাশ পাইছিল। প্ৰথম সম্পাদক আছিল হাফিজ আহমেদ। বৰপেটাৰ আতিউৰ ৰহমান খান আৰু শুকুৰ আলীৰ দ্বাৰা প্ৰকাশিত কাকতখন ছপা কৰা হৈছিল বৰপেটাৰ আজান প্ৰেছত । প্ৰস্তাৱনা সংখ্যাৰ দাম আছিল দুই টকা আৰু ইয়াৰ অস্থায়ী কাৰ্যালয় আছিল ব্ৰহ্মপুত্ৰ ভেলী বীজ ভাণ্ডাৰ, বি কে ৰোড, বৰপেটা। দৰাচলতে কাকতখনৰ প্ৰকাশ আছিল বহুজনৰেই যৌথ প্ৰচেষ্টাৰ ফল। প্ৰকাশক দুজনৰ উপৰি প্ৰাথমিক অবস্থাত কাকতখনৰ লগত জড়িত আছিল বহুকেইজন ব্যক্তি। তেওঁলোকৰ মাজত আছিল ইছমাইল হোছেইন (জ্যেষ্ঠ), বিশিষ্ট চিকিৎসক ছৈয়দ আহমেদ জাদিদ, ইউছুফ আলী, খবিৰ আহমেদ, এছাহাক আলী দেৱান, জাবেদ আলী (বিডিঅ’), তাজুদ্দিন আহমেদ (হাউলী), হাচমত আলী, ডাক্তৰ ইন্তাজ আলী, ডাক্তৰ গোলাপ হুছেইন, নুৰজামাল আহমেদ আৰু বহুতো।

ব্যক্তিগত কাৰণত হাফিজ আহমেদে সম্পাদনাৰ দায়িত্ব চলাই যাবলৈ অপৰাগ হোৱাত খবিৰ আহমেদে কাকতখনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। তেতিয়ালৈকে কাকতখন পষেকীয়া হিচাপেই প্ৰকাশ পাইছিল। বিশেষকৈ ছপা কাম আৰু বিতৰণৰ ক্ষেত্ৰত অসুবিধা আৰু বৰপেটাৰ পৰা চলাই নিয়াৰ ক্ষেত্ৰত অসুবিধা হোৱাৰ কাৰণে ছাহজাহান তালুকদাৰৰ উদ্যোগত গণ অধিকাৰৰ কাৰ্যালয় বৰপেটাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰ কৰা হ’ল।  প্ৰকাশনাৰ কাম গুৱাহাটীলৈ স্থানান্তৰ হোৱাৰ পিছত কাকতখনে অভূতপূৰ্ব আৰ্থিক সংকটত ভুগিবলৈ ধৰিলে। কে’বাবাৰো প্ৰয়োজনীয় অৰ্থৰ অভাৱত কাকতখনৰ ধাৰাবাহিক প্ৰকাশনত ব্যাঘাত জন্মিছিল। এজনৰ পিছত এজনকৈ সম্পাদক পৰিৱৰ্তন হৈ আছিল। খবিৰ আহমেদৰ পিছত গোৱালপাৰাৰ আনোৱাৰ হুছেইন আৰু বৰ্তমানৰ সঞ্চালক ছাহজাহান তালুকদাৰেও কাকতখন দীৰ্ঘদিন ধৰি সম্পাদনা কৰে। খুব সম্ভৱ, ছাহজাহান তালুকদাৰ সম্পাদক থকা কালতেই ইছমাইল হোছেইন (জ্যেষ্ঠ) সম্পাদনা উপদেষ্টা আছিল। ইয়াৰ পিছত কনক হাজৰিকাইও ছাহজাহান তালুকদাৰৰ লগত সম্পাদনা উপদেষ্টাৰ কাম কৰিছিল। মাজত কিছুকাল মোশাৰফ হোছেইন চৌধুৰী, জমশ্বেৰ আলী আৰু জিয়াউৰ ৰহমান কাকতখনৰ কাৰ্যকৰী সম্পাদক আছিল। এনেদৰে এজনৰ পিছত এজনকৈ সম্পাদকসকল যেতিয়া সলনি হৈ গৈ আছিল, পাঠক, শুভাকাংক্ষীসকল যেতিয়া হতাশ হৈ পৰিছিল, তেতিয়া মাত্ৰ এজন ব্যক্তিয়েই কাকতখনৰ নিস্তেজ হৈ জ্বলি থকা শলিতাগছি নুমাবলৈ দিয়া নাছিল আৰু সেইজন হৈছে ছাহজাহান তালুকদাৰ।

২০১১ চনৰ ২৩ মাৰ্চৰ পৰা পূৰ্বৰ সেই অধিকাৰ কাকতখনৰ নাম গণ অধিকাৰলৈ পৰিৱৰ্তন কৰা হয় আৰু দৈনিক কাকত হিচাপে প্ৰকাশ পাবলৈ ধৰে। এখন নিৰপেক্ষ দৈনিক কাকতৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰি গুৱাহাটীৰ কিছুমান শুভাকাংক্ষীয়ে ইউনিটী মিডিয়া ইন্‌ফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড নামৰ কোম্পানীৰ জন্ম দিয়ে। এতিয়ালৈকে এই কোম্পানীৰ হৈয়েই সঞ্চালক হিচাপে ছাহজাহান তালুকদাৰে দৈনিক কাকতখন প্ৰকাশ কৰি আহিছে।  দৈনিক কাকত হিচাপে প্ৰকাশ পোৱাৰ পিছত ইয়াৰ প্ৰথম সম্পাদনাৰ দায়িত্বত আছিল ডঃ দিলীপ বৰা। ডঃ দিলীপ বৰাৰ পিছত ডঃ জাকিৰ হুছেইনে সম্পাদক হিচাপে দায়িত্ব পায় আৰু সেই সময়ত ডঃ দিলীপ বৰাই আকৌ এবাৰ মুখ্য সম্পাদক হিচাপে কিছুদিন কাকতখনত কাম কৰে। বৰ্তমানে কাকতখনৰ সম্পাদক ডঃ জাকিৰ হুছেইন আৰু মুখ্য সম্পাদক খবিৰ আহমেদ। এটা কথা উল্লেখ কৰিবই লাগিব যে কেৱল সম্পাদক আৰু প্ৰকাশকসকলেই নহয়, কাকতখনক আজিৰ অৱস্থালৈ লৈ অনাৰ ক্ষেত্ৰত অৰিহণা যোগাইছে ইয়াৰ অগণন শুভাকাংখী আৰু পাঠক-পাঠিকাসকলে। কোনজন ব্যক্তিয়ে ক’ত অৱস্থান কৰি কেনেদৰে কাকতখনক সহায় কৰি আছে তাৰ সঠিক তথ্য দিয়াটো টান। কিন্তু সেই সকলো চিনাকি-অচিনাকি শুভাকাংক্ষীক আমি আজিৰ দিনত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।য

ওপৰৰ আলোচনাৰ পৰা আমি এটা কথা অনুমান কৰিব পাৰো যে অসমৰ অন্যান্য কাকতৰ লগত গণ অধিকাৰ কাকতৰ এটা মৌলিক পাৰ্থক্য আছে। সেই পাৰ্থক্যটো হ’ল, অইন কাকতবোৰ প্ৰকাশ পাইছে আঢ্যৱন্ত ধনিক গোষ্ঠী আগবঢ়োৱা পুঁজিৰ দ্বাৰা। কিন্তু গণ অধিকাৰ প্ৰতিষ্ঠা হৈছে জনসাধাৰণৰ দান-বৰঙনি, বদান্যতা, শুভেচ্ছা আৰু যৌথ প্ৰচেষ্টাত। সেয়েহে দেশৰ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো নিৰ্যাতিত-নিপীড়িত জনগোষ্ঠীৰ ই মুখপত্ৰ। গণ অধিকাৰ লক্ষ লক্ষ মূক জনতাৰ মুক্ত কণ্ঠ। আৰু সেয়েহে সীমাহীন আৰ্থিক সমস্যা, প্ৰতিকূল পৰিৱেশ আৰু কেতিয়াবা বহুতৰ কটু সমালোচনা আওকাণ কৰিও আজিলৈকে গণ অধিকাৰ কাকতে ইয়াৰ ঘোষিত লক্ষ্যৰ পৰা আঁতৰি অহা নাই। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে দায়িত্বশীল আৰু গঠনমূলক বাতৰি পৰিৱেশনেই ইয়াৰ মূল লক্ষ্য। এতিয়ালৈকে এই কাকতখনে কমেও পাঁচশ লোকৰ হাতত কলম তুলি দি লিখা-মেলা কৰিবলৈ উদগনি দিছে। তাৰ মাজৰ পৰা বহুতেই প্ৰতিষ্ঠা লাভ কৰিছে। ক’বলৈ গ’লে নিৰ্যাতিত-নিপীড়িত জনগোষ্ঠীৰ মাজত গণ অধিকাৰে এক নীৰৱ বিপ্ল­ৱ আনিবলৈ সক্ষম হৈছে। হয়তো বহুতেই সেই বিপ্লৱক লক্ষ্য কৰা নাই।

কিন্তু সেইবুলি কাকতখনৰ সকলো সমস্যা যে শেষ হৈ গৈছে তেনেকুৱা নহয়। বৰং সাম্প্ৰতিক প্ৰতিকূল পৰিৱেশত সমস্যাবোৰ অধিক গুৰুতৰ হৈ পৰিছে। ‘হাউছ’ত কাম কৰা লোকসকলে অতি সামান্য মাননিৰ বিনিময়ত বহুতো অসুবিধাৰ মাজতো কিমান কঠোৰ পৰিশ্ৰম কৰি প্ৰতিদিন কাকতখন উলিয়াই দি আছে সেয়া নিজ চকুৰে নেদেখিলে অনুমান কৰিব নোৱাৰি। ৰাইজৰ কাকতখনক আৰু অধিক শক্তিশালী কৰিবলৈ ৰাইজে যদি ওলাই নাহে তেনেহ’লে সমস্যাই হয়তো আৰু জটিল ৰূপ ল’ব। সকলোৰে মৰমৰ এই কাকতখনক হয়তো জীয়াই ৰাখিবলৈ টান হৈ পৰিব। আহক আমি সকলোৱে এই কাকতখন পঢ়ো, আনকো পঢ়িবলৈ উৎসাহ দিওঁ, আমাৰ বিজ্ঞাপনবোৰ ইয়াত প্ৰকাশ কৰি কাকতখন জীয়াই থকাৰ পথ প্ৰশস্ত কৰোঁ।  

LEAVE A REPLY

Please enter your comment!
Please enter your name here