Home Main Stories মাজলুম মানুহৰ মুখৰ মাত : দৈনিক গণঅধিকাৰ

মাজলুম মানুহৰ মুখৰ মাত : দৈনিক গণঅধিকাৰ

309
0

দ০ দেৱব্ৰত শৰ্মা

দৈনিক গণঅধিকাৰ কাকতে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এই কাকতখনে অসমৰ বিভিন্ন প্ৰান্তৰ বিশেষকৈ নামনি অসমৰ চৰ-চাপৰিবাসীকে আৰম্ভ কৰি মাজলুম মানুহৰ বহুদিনৰ সঞ্চিত দুখ-বেদনাক ভাষা দিছে। কাকতখন গুৱাহাটী মহানগৰৰ পৰা প্ৰকাশিত হ’লেও ইয়াত বৰ্তমানৰ মুখ্য সম্পাদক খবিৰ হুছেইন ডাঙৰীয়া, সম্পাদক দ০ জাকিৰ হুছেইন আৰু ইয়াৰ অন্যতম প্ৰধান ব্যক্তি সঞ্চালক চাহজাহান তালুকদাৰৰ লগতে আমাৰ ছফিউল ইছলামৰ দৰে নিষ্ঠাৱান কৰ্মীৰে সৈতে এই কাকতখনে বিগত কিছু বছৰত সমগ্ৰ অসমতে এক নিজৰ স্থান তৈয়াৰ কৰিবলৈ সক্ষম হৈছে। কাকতখনত স্বাভাৱিকতে মই আগতে কৈ অহা চৰ-চাপৰিবাসীৰ দুখ-বেদনাৰ কথা বেছিকৈ প্ৰকাশ পালেও বা কাকতখনত মুচলিম সংখ্যালঘুসকলৰ বিষয়ক লেখা বেছিকৈ প্ৰকাশ পালেও ইয়াত ৰাজ্যখনৰ বিভিন্ন অংশৰ বহুসংখ্যক গণতান্ত্ৰিক মানুহৰ লেখা নিয়মীয়াকৈ প্ৰকাশ পায়। আনুপাতিকভাৱে যদি চোৱা যায় তেতিয়াহ’লে মুচলিমসকলৰ সমান্তৰালভাৱে অনা-মুচলিমসকলৰো, সেয়া হিন্দুৱেই হওক বা অন্যৰ ধৰ্মৰে হওক বা আমাৰ দৰে ধৰ্মমুক্ত মানুহৰেই হওক, অনুপাতো কোনো গুণে কম নহয়। ইয়াৰ ফলত কাকতখনে কোনো এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব প্ৰদান কৰাৰ আগতে এক বহল ধৰ্মনিৰপেক্ষ ৰূপ বা চেহেৰা প্ৰাপ্ত হৈছে। আৰু সেয়েহে কাকতখনৰ গ্ৰহণযোগ্যতা দিনকদিনে বাঢ়িছে। কাকতখনে আন যিকোনো এখন দৈনিক কাকতৰ লগত ফেৰ মাৰিব পৰা হৈ উঠিছে কাৰণ ইয়াৰ ছপা বা মুদ্ৰণ আন যিকোনো এখন সমসাময়িক দৈনিক কাকতৰ দৰে আধুনিক প্ৰযুক্তিৰে কৰা হৈছে। ইয়াৰ প্ৰথম বেটুপাত আৰু শেহৰ পৃষ্ঠা সম্পূৰ্ণ ৰঙীন ছবিৰে সৈতে প্ৰকাশ পাইছে, শেহতীয়া সকলো বাতৰি ইয়াত যথাযোগ্য গুৰুত্ব সহকাৰে স্থান পাইছে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ খবৰে ইয়াত স্থান পাইছে। এইটো নহয় যে যি অঞ্চলত বেছিকৈ চলে সেই অঞ্চলৰ বাতৰিৰেই পৰিপূৰ্ণ এনেকুৱা নহয়। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন সম্প্ৰদায়ৰ প্ৰায়বোৰ বাতৰি বা গুৰুত্বপূৰ্ণ বাতৰি ই সামৰি লৈছে।

ইয়াৰ যদি প্ৰবন্ধৰ দিশটোলৈ চাওঁ, তেতিয়াহ’লে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক গণতান্ত্ৰিক ব্যক্তিয়ে ইয়াত নিয়মীয়াকৈলিখি আহিছে। ইয়াৰ সাহিত্য পৃষ্ঠাও যদি আমি চাওঁ, তেতিয়াও আমি দেখা পাওঁ যে অত্যন্ত উচ্চ স্তৰৰ সাহিত্য সম্পৰ্কীয় আলোচনা ইয়াত নিয়মীয়াকৈ হ’ব ধৰিছে। গতিকে আমি অত্যন্ত আশাবাদী যে দৈনিক গণঅধিকাৰ কাকতে ইয়াৰ জন্মৰ আজি ১১ বছৰ পূৰ হোৱাৰ মুহূৰ্তত ই আৰু বেছি প্ৰতিশ্ৰুতি বহন কৰিছে। ১১ বছৰ চলি থকা কাকতখনৰ বিশেষ অনুষ্ঠান বৰপেটাত হ’বলৈ ওলাইছে। এই মুহূৰ্তত আমি অসমৰ গণতান্ত্ৰিক মানুহৰ তৰফৰ পৰা, আমাৰ অসমীয়া জাতীয় অভিধানৰ তৰফৰ পৰা, জাতীয় ইতিহাসৰ তৰফৰ পৰা আমি কাকতখনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিক, প্ৰত্যেকজন স্থানীয় সংবাদদাতা, মুখ্য সম্পাদক খবিৰ আহমেদ চাহাব, সম্পাদক দ০ জাকিৰ হুছেইন ডাঙৰীয়া, সঞ্চালক চাহজাহান তালুকদাৰ, ছফিউল ইচলামৰ দৰে ইয়াৰ অতন্দ্ৰ কৰ্মীসকলৰ নাম ল’লো, এখেতসকলৰ লগতে ছপাশালত কাম কৰা প্ৰত্যেকজন ব্যক্তি, প্ৰত্যেকজন দিতিপি অপাৰেতৰ, প্ৰত্যেকজন স্থানীয় সংবাদদাতা, প্ৰত্যেকজন লেখক, তেখেতসকলক মই অভিনন্দন জনাইছোঁ। আৰু আশা কৰিছোঁ আহিবলগীয়া দিনত এই কাকতখন অসমৰ অন্যতম প্ৰধান কাকত হিচাপে প্ৰতিষ্ঠিত হ’ব।
মই নিজে যোৱা কেইবাবছৰো ধৰি ইয়াত ‘মাজলুম মানুহৰ মাজত’ নামৰ এক শিতান লিখি আহিছোঁ। তাৰ আগতে কিছুদিন এই শিতানৰ নাম আছিল ‘দেওবাৰৰ দোকমোকালিতে’। মই অসমৰ বিভিন্ন প্ৰান্তৰ মানুহৰে নিয়মিত সঁহাৰি পাওঁ, বহু মানুহে ফোন কৰে, আৰু বহুত মানুহে হোৱাতচ্‌ এপৰ জৰিয়তে বাৰ্তা জনায়। বহু মানুহে বাটে-ঘাটে লগ পালেই এই দৈনিক গণঅধিকাৰৰ দেওবৰীয়া শিতানত এই লেখাখিনিৰ শলাগ লয় বা উল্লেখ কৰে। তাৰ পৰা মই বুজিব পাৰোঁ। ৰাতিপুৱা কাকতখন মই নিজে পাওঁতে যথেষ্ট পলম হয় ২ মান বজাত কেতিয়াবা মই কাকতখন পাওঁ। কিন্তু কাকতখনত যে মোৰ লিখাটো ওলাইছে সেইটো ৰাতিপুুৱা ৬য৭ বজাৰ পৰা ৰাজ্যখনৰ কেতিয়াবা দৰঙৰ পৰা, কেতিয়াবা নগাঁৱৰ, কেতিয়াবা হয়তো বৰপেটাৰ, কেতিয়াবা ধুবুৰীৰ, কেতিয়াবা উজনি অসমৰ কোনোবা ঠাইৰ পাঠকে মোলৈ ফোন কৰে, জনায় যে মোৰ লেখাটো প্ৰকাশ পাইছে, আৰু মই কওঁ যে মই এতিয়ালৈকে পোৱাই নাই। আমাৰ ফাৰুক আহমেদ নুৰীৰ দৰে কোনোবা বন্ধুৱে হয়তো ফতোখন পঠাই দিয়ে আৰু তাৰ বহু ঘণ্টাৰ পিচতহে কাকতখন মই পাওঁ। কিন্তু এই যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ফোন বিলাকে এইটো সূচায় যে ৰাইজৰ হাতত এইখন পৰে আৰু ৰাইজে এইখন পঢ়ে। মোৰ লেখাবিলাক প্ৰায় ১ টা সম্পূৰ্ণ পৃষ্ঠা প্ৰকাশ পায়, সঞ্চালক ডাঙৰীয়াকে ধৰি মুখ্য সম্পাদক, সম্পাদক সকলোৰে মই অশেষ শলাগ লৈছোঁ, তেখেতসকলে মোক দয়া কৰি, মেহেৰবানি কৰি ইমানখিনি জেগা দিছে, ইমান দিন জুৰি দিছে। মই বৰ কৃতজ্ঞ আৰু বাধিত অনুভৱ কৰিছোঁ। কিন্তু মই লগতে এইকাৰণেও ধন্যবাদ দিছোঁ যে যিসকল পাঠকক লক্ষ্য কৰি লিখা হয়, সাধাৰণ মানুহ যিসকল, যিসকল গাঁৱে-ভূঞে থাকে, চৰ-চাপৰিত থাকে, বাগানে-বস্তিয়ে থাকে সেইসকলৰ ওচৰলৈ কথাখিনি পৌঁচাই দিবৰ কাৰণে এটা ডাঙৰ শক্তিশালী মাধ্যম হিচাপে দৈনিক গণঅধিকাৰ গঢ়ি উঠিছে। আমি আগন্তুক দিনত ইয়াৰ অব্যাহত সাফল্য কামনা কৰোঁ আৰু সেই দিনটোৰ অপেক্ষা কৰোঁ, ইন্তেজাৰ কৰোঁ, যিদিনা অসমৰ প্ৰত্যেকখন গাঁৱত এখনকৈ হ’লেও গণ অধিকাৰ গৈ পাব, অসমৰ প্ৰত্যেকটো পুথিভঁৰালত গৈ পাব, অসমৰ প্ৰত্যেকটো সামাজিক অনুষ্ঠানত গৈ পাব, অসমৰ প্ৰত্যেকজন লেখক আৰু চিন্তাবিদসকলৰ মাজত গৈ পাব, অসমৰ প্ৰত্যেকজন নিপীড়িত মানুহে দলিত-নিপীড়িত মানুহ-সংগ্ৰামী মানুহে দৈনিক গণঅধিকাৰৰ নামটো শুনিব আৰু দৈনিক গণঅধিকাৰ তেওঁলোকৰ জীৱন-জীৱিকাৰ আন্দোলনত এক পথ নিদেৰ্শিকাৰ ভূমিকালৈ অৱতীৰ্ণ হ’ব। সেই দিনটোৰ অপেক্ষাৰে সকলোকে পুনৰ কৃতজ্ঞতা জনাইছোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here