Home স্থানীয় দ্যাপুৰৰ চিকিবিকি ত চম্পাৱতী নৈৰ ওপৰত নহ’ল দলং : টুলুঙা নাওঁত বিপজ্জনক...

দ্যাপুৰৰ চিকিবিকি ত চম্পাৱতী নৈৰ ওপৰত নহ’ল দলং : টুলুঙা নাওঁত বিপজ্জনক যাতায়ত ৰাইজৰ

115
0

বইটামাৰী, ৬ জুলাই : বঙাইগাওঁ জিলাৰ ডাংতল উন্নয়ন খণ্ড এলেকাৰ চিকিবিকি অঞ্চলৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগি আহিছে । খৰালি কালত বাঁহৰ দীঘলীয়া সাঁকো আৰু বাৰিষা নাওঁৰে কেইবা সহস্ৰাধিক ৰাইজে বিপদজ্জনক ভাৱে যাতায়ত কৰি আহিছে । চিকিবিকি গাওঁ পঞ্চায়ত এলেকাৰ লগতে কোকোৰাঝাৰ জিলাৰো একাংশ ৰাইজে চম্পাৱতী নৈৰ ওপৰত পকী দলং নোহোৱা বাবে যমৰ যাতনা ভুগিছে । বৃহৎ অঞ্চলটোৰ ৰাইজে শিক্ষা লাভ, স্বাস্থ্য সেৱা লাভকে ধৰি মৌলিক প্ৰয়োজনৰ বাবে বিদ্যাপুৰ , বইটামাৰী, বঙাইগাওঁ আদিলৈ আহিব লগা হয় । কিন্তু খৰালি কালত দীঘলীয়া বাঁহৰ জৰাজীৰ্ণ বাঁহৰ সাকোৰে ইপাৰলৈ আহে যদিও বাৰিষা ফেনে-ফোটোকাৰে ওফন্দি উঠা চম্পাৱতীৰ কোবাল সোঁতে বাঁহৰ সাকো উটুৱাই নিয়ে । বাৰিষাৰ সময়ত নাৱেৰে বিপদসংকুল ভাৱে লোকসকলে অহা-যোৱা কৰে । । বৰ্তমান সময়তো একেই পৰিৱেশ । বাঁহৰ সাকো উটুৱাই নিয়াত লোকসকলে টুলুঙা নাৱেৰে বিপজ্জনকভাৱে যাতায়ত কৰিছে । নাওঁত লোকসকলে দুচকীয়া বাহন আদিও পাৰ কৰাব লগা হয় । এনে অৱস্থাত দুৰ্ঘটনাৰো প্ৰবল আশংকা থাকে । বৃহত্তৰ চিকিবিকি অঞ্চলৰ উক্ত লোকসকলে চম্পাৱতী নৈৰ ওপৰত পকী দলং বিচাৰি বছৰ বছৰ ধৰি দাবী জনাই আহিছে যদিও আজিলৈকে দলং নহ’ল । বহু সময়ত সময়ত নাওঁ নোপোৱা বাবে বহু ৰোগী চিকিৎসালয়ত যাব নোৱাৰি মৃত্যুমুখত পৰে । দলং খন নোহোৱা বাবে অঞ্চলটিৰ লোকসকলে বছৰ বছৰ এনেকৈয়ে দুদৰ্শাৰ মাজেৰে দিন অতিবাহিত কৰিব লগা হৈছে । প্ৰতিবাৰেই নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দল নেতা ই লোকসকলক দলং ৰ ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যদিও পিছত সেয়া ফুটুকাৰ ফেনত পৰিণত হয় । স্থানীয় ভুক্তভোগী লোকসকলে চম্পাৱতী নৈৰ ওপৰত উক্ত স্থানত দলং এখনৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ক অনুৰোধ জনাইছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here