Home Main Stories মুখ্যমন্ত্ৰীৰ দ্বায়িত্বভাৰ লৈ বৰপেটাত প্ৰথমবাৰৰ বাবে উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰীৰ দ্বায়িত্বভাৰ লৈ বৰপেটাত প্ৰথমবাৰৰ বাবে উপস্থিত ড০ হিমন্ত বিশ্ব শৰ্মা

28
0

কোভিড ৰোগী ব্যক্তিগত চিকিৎসালয়ত যোৱাৰ পৰিৱৰ্তে চৰকাৰী চিকিৎসালয়তে সকলো সুবিধা পোৱাৰ ব্যৱস্থাৰ আলোচনা চলি আছে :: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ​কোভিডৰ সৈতে যুঁজি জয়ী হবলৈ ৰাইজে কাৰ্ফিউ মানি চলিব লাগিব।

আজিজুল হক, ভেল্লা, পুলেন্দ্ৰ দাস, বৰপেটা, ২০ মে’ : মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছতে প্ৰথমবাৰৰ বাবে আজি বৰপেটাত উপস্থিত হয় অসমৰ নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত উপস্থিত হৈ ক’ভিড পৰিস্থিতি, আন্তঃগাঁথনিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ক’ভিড আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লৈ চিকিৎসালয়খনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে তেওঁ। তাৰ পিছত সংবাদমেল সম্বোধন কৰি তেওঁ চিকিৎসা মহাবিদ্যালয়খনত দুই-তিনিদিনৰ ভিতৰত আইচিইউৰ ১৫খন বিছনা বৃদ্ধি কৰাৰ উপৰি অক্সিজেনো পৰ্যাপ্ত পৰিমাণে যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে। ক’ভিড আক্ৰান্ত ৰোগীসকল ব্যক্তিগত চিকিৎসালয়ত যোৱাৰ পৰিৱৰ্তে যাতে চৰকাৰী চিকিৎসালয়তে সকলো সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰাৰ বাবেও আলোচনা চলি থকা বুলি জনাই ক’ভিড ৰোগীক চিকিৎসা কৰাৰ বাবদ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত খৰচ নিৰ্ধাৰণ কৰাৰ বাবেও আলোচনা চলি থকা বুলিও জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী চিকিৎসালয়ত সুবিধাখিনি পৰ্যাপ্ত পৰিমাণে দিব পাৰিলে ক’ভিড ৰোগীয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত যোৱাৰ প্ৰয়োজন কমি আহিব বুলি কৈ এই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈ আছে বুলিও কয় তেওঁ। ইপিনে, পঞ্চাশেধৰ্বৰ ব্যক্তিয়ে যাতে হোম আইছ’লেচনত থাকিব লগা নহয় তাৰ বাবে আন্তঃগাঁথনি উন্নীত কৰিব লাগিব বুলি কৈ ক’ভিড পৰিস্থিতিৰ উন্নত ঘটাবলৈ শুকুৰবাৰৰ পৰা আন্তঃজিলা চলাচল বন্ধ হ’ব বুলি তেওঁ কয়। অসমত জিলাই জিলাই সাধাৰণ জীৱন যাত্ৰা ওভতাই অনাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্লেক ফাংগাছ ৰোগ সন্দৰ্ভত আলোচনা চলি থকা বুলি কৈ এই ৰোগৰ অৱস্থিতি স্পষ্ট হ’লেই ঔষধৰ যোগান ধৰা হ’ব বুলি কয়। ৰাজ্যৰ ক’ভিডৰ সামগ্ৰীক পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-‘ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নতৰ ফালে ধাৱমান হৈছে। এনে গতিত থাকিলে হয়তো অহা ১৫ দিনৰ ভিতৰত স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সম্ভাৱনা আছে। ৰাজ্যত প্ৰতিদিনে ৫০ হাজাৰ ভেকচিন দি থকা হৈছে। একলাখলৈ দিব পাৰিলে অধিক ভাল হ’লহেঁতেন, যিটো পৰিৱেশ বৰ্তমান সৃষ্টি কৰিব পৰা নাই। অহা মাহৰ ভিতৰত এই পৰিৱেশ সৃষ্টি কৰি এক লাখলৈ ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব। সকলোৱে মাস্ক, ছেনিটাইজাৰ, সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে সান্ধ্য আইন মানি চলিব লাগিব’। ইপিনে, চিভিল হাস্পতালতো অক্সিজেন প্লান্ট স্থাপনৰ কথা চিন্তা কৰা হৈ আছে বুলি কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ১৪টা অক্সিজেন প্লাণ্ট কাৰ্যক্ষম হৈ আছে বুলি কৈ আৰু ৬টা অক্সিজেন প্লাণ্ট× বহুওৱা হ’ব বুলি কয়। মুখ্যমন্ত্ৰীৰ চিকিৎসা মহাবিদ্যালয়ত আগমনৰ পূৰ্বে চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ আত্মীয়ই চিকিৎসালয়ত কান্দি থকা অৱস্থাত দৃষ্টি আকৰ্ষণ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । লগে লগে তেওঁ সেই পৰিয়ালৰ নিচেই কাষ চাপি মৃতকৰ আত্মীয়ৰ মূৰত হাত থৈ সাbLনা দিয়ে। মৃতদেহ নি সৎকাৰৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয় সভাকক্ষত জিলাখনৰ বিধায়কসকল আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে এক আলোচনাত মিলিত হৈ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। বৰপেটা সদৰ সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদে নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ আন্তঃগাঁথনিৰ দিশটো উন্নয়ন হোৱাৰ লগতে চিকিৎসা সেৱাৰ দিশটোও অগ্ৰগতিৰ দিশে আগবাঢ়িব বুলি আশা ব্যক্ত কৰে। বৰপেটাৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাব বুলি জানিবলৈ দিয়ে বিধায়ক আব্দুৰ ৰহিম আহমেদে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here